গ্ৰামোন্নয়ণ মন্ত্ৰালয়

ক’ভিড-১৯য়ে সৃষ্টি কৰা পৰিস্থিতিৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ টঙালি বান্ধিছে ‘এনআৰএলএম ‘আত্ম সহায়ক গোটসমূহে

যোগাযোগ আৰু আচৰণগত পৰিৱৰ্তনৰ বাবে অভিনৱ ব্যৱস্থা গ্ৰহণৰে ব্যাপক জন-সজাগতা সৃষ্টিৰ লগতে ক’ভিড-১৯ৰ সংক্ৰমণ ৰোধৰ অভিযানত সহযোগিতা আত্ম সহায়ক গোটৰ সদস্যাৰ

Posted On: 12 APR 2020 4:15PM by PIB Guwahati

’ভিড-১৯য়ে সৃষ্টি কৰা পৰিস্থিতিৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ কঁকালত টঙালি বান্ধিছে এনআৰএলএম’ আত্ম সহায়ক গোটসমূহে। উল্লেখ্য যে, গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ অধীনত ‘দীনদয়াল অন্ত্যোদয়া যোজনা-ৰাষ্ট্ৰীয় গ্ৰামীণ আজীৱিকা অভিযান’(ডিএওৱাই- এনআৰএলএম ) অধীনত সমগ্ৰ দেশত ৬৩ লাখ আত্মসহায়ক গোটত প্ৰায় ৬৯০ লাখ মহিলা জড়িত হৈ আছে৷ সংকটৰ এই মুহূৰ্তত ভিড-১৯ক পৰাভূত কৰাৰ বাবে এইসকল মহিলাও আগবাঢ়ি আহিছে।

ভিড-১৯য়ে সমগ্ৰ বিশ্বতে সন্ত্ৰাসৰ সৃষ্টি কৰিছে৷ এই পৰিস্থিতিৰ পৰা ভাৰতো সাৰি যোৱা নাই। ক’ভিড-১৯ৰ সংক্ৰমণৰ প্ৰাথমিক ৰক্ষা কৱচ হিচাপে সকলো ব্যক্তিৰ বাবে মাস্ক আৰু চিকিত্সক, স্বাস্থ্যকৰ্মী, আৰক্ষী আৰু চাফাই-কৰ্মীৰ দৰে চিকিত্সা তথা অনাময় ব্যৱস্থাৰে জড়িতসকলৰ বাবে ‘ব্যক্তিগত সুৰক্ষা উপকৰণ’(পিপিই)আদি উপকৰণ অতিকে জৰুৰী হৈ উঠিছে। এনেবোৰ সামগ্ৰী তত্কালীন ভাবে আৰু বৃহৎ পৰিমাণত প্ৰয়োজনীয় হৈ পৰাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ চাহিদা সমগ্ৰ দেশ জুৰি অভাৱনীয় হাৰত বৃদ্ধি পাবলৈ ধৰিছে।

এনে প্ৰেক্ষাপটতে এই আত্মসহায়ক গোটৰ সদস্যসকলে মাস্ক প্ৰস্তুত কৰাৰ বাবে হাতে কামে লাগি পৰিছে। তেওঁলোকে উত্পাদন কৰা এই মাস্কসমূহ স্বাস্থ্য বিভাগ, স্থানীয় অনুষ্ঠান-প্ৰতিষ্ঠান, নিগম-নিকায়, স্থানীয় প্ৰশাসন, অনাময় কৰ্মী, আৰক্ষী আদিক যোগান ধৰাৰ উপৰি কিছু অংশ বজাৰ বিক্ৰীৰ বাবেও উলিয়াই দিয়া হৈছে৷ বিভিন্ন ৰাজ্যত গ্ৰামাঞ্চলৰ পৰিয়ালসমূহৰ মাজত এই মাস্কসমূহ বিনামূলীয়াকৈও যোগান ধৰা হৈছে৷ আত্মসহায়ক গোটৰ সদস্যসকলে এতিয়া ‘পিপিই’ যেনে এপ্ৰ, গাউন, মুখৰ আৱৰণী আদি প্ৰস্তুত কৰাৰ কাম আৰম্ভ কৰিছে৷

মাস্কঃ ২৭টা এছআৰএলএমৰ দ্বাৰা দাখিল কৰা প্ৰতিবেদন অনুসৰি ৮ এপ্ৰিল ২০২০ তাৰিখ পৰ্যন্ত আত্মসহায়ক গোটৰ সদস্যসকলপ্ৰায় ১.৯৬ কোটি মাস্ক যুগুতাই উলিয়াইছে। এই মাস্কসমূহ জিলা আৰু চিকিৎসা বিপণীসমূহত ১০ টকা মূল্যত বিক্ৰী কৰা হৈছে৷

 

https://static.pib.gov.in/WriteReadData/userfiles/image/image001R953.jpg

https://static.pib.gov.in/WriteReadData/userfiles/image/image002HBK8.jpg

ইফালে, যোগাযোগ আৰু আচৰণগত পৰিৱৰ্তনৰ বাবে ন ন ব্যৱস্থা গ্ৰহণৰে ব্যাপক জন-সজাগতা সৃষ্টিৰ লগতে কভিড-১৯ৰ সংক্ৰমণ ৰোধৰ অভিযানত সহযোগিতা আগবঢ়াবলৈও আগবাঢ়ি আহিছে আত্ম সহায়ক গোটৰ সদস্যাসকল। ‘জীৱিকা’(JEEViKA) নামৰ বিহাৰৰ এটা সংস্থাই ১.৪ লাখ আত্ম সহায়ক গোটৰ সহযোগত গাঁৱে গাঁৱে পৰিয়ালে পৰিয়ালে ঘূৰি কৰোনাৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে জাৰি কৰা বিধি-নিৰ্দেশনাৱলী পালনৰ বাবে ব্যাপক সজাগতাৰ সৃষ্টি কৰিছে। সংস্থাটোৱে ইতিমধ্যে ১,০০,০০০ গৰাকী সামাজিক সদস্যাৰ মোবাইল নম্বৰ সংগ্ৰহ কৰি তেওঁলোকে আৰম্ভ কৰা ‘মোবাইল বাণী প্লেটফৰ্ম’ৰ জৰিয়তে সজাগতা সৃষ্টিৰ অভিনৱ প্ৰয়াস কৰিছে।

ৰংগোলীৰে জন সজাগতা : উত্তৰ প্ৰদেশৰ ‘এছআৰএলএম’- ‘প্ৰেমা’-ৰ মহিলাসকলে ‘সামাজিক ব্যৱধানবিধি’ সন্দৰ্ভত জন সজাগতা সৃষ্টিৰ বাবে ৰংগোলীৰ সহায় লৈছে।

https://static.pib.gov.in/WriteReadData/userfiles/image/image003CXW9.jpg

 

দিদি হেল্পলাইন : ঝাৰখণ্ডৰ ‘এছআৰএলএম’-ৰ সদস্যাসকলে ২৪ঘণ্টা সেৱা আগবঢ়োৱা এটা হেল্পলাইন মুকলি কৰিছে। এই হেল্পলাইনে বিভিন্ন ৰাজ্যৰ পৰা ওভতাই পঠোৱা ঝাৰখণ্ডৰ প্ৰবাসী শ্ৰমিকসকলৰ তথ্য ৰাজ্য চৰকাৰক অৰ্পণ কৰি তেওঁলোকক সহায়ৰ হাত আগবঢ়োৱাৰ বাবে চৰকাৰক সহযোগিতা আগবঢ়াইছে।

 

ভুৱা বাতৰিৰ বিৰুদ্ধে পদক্ষেপ : কেৰালাৰ ‘কুডুম্বেশ্ৰী’ নামৰ আত্ম সহায়ক গোটটোৱে ইয়াৰ ১,১৬,৩৯৬গৰাকী সদস্যাৰ ‘হোৱাট এপ;-ৰ জৰিয়তে সত্য তথ্য আধাৰিত বা-বাতৰি প্ৰচাৰৰ ব্যৱস্থা কৰি অনন্য সেৱাৰ নিদৰ্শন দাঙি ধৰিছে।

 

 

*****

APS/SG/PK/KB



(Release ID: 1613782) Visitor Counter : 150