প্ৰতিৰক্ষা মন্ত্ৰালয়
চাৰিমাহৰ পিছত গুৰুত্বপূৰ্ণ শ্ৰীনগৰ-লেহ ঘাইপথ মুকলি কৰিলে সীমান্ত পথ সংগঠনে
प्रविष्टि तिथि:
12 APR 2020 11:01AM by PIB Guwahati
লাডাখক বহিৰ্বিশ্বৰ সৈতে সংযোগ কৰা অতি গুৰুত্বপূৰ্ণ শ্ৰীনগৰ-লেহ ঘাইপথ শনিবাৰে সুদীৰ্ঘ চাৰিমাহৰ পিছত মুকলি কৰে সীমান্ত পথ সংগঠন বা ব’ৰ্ডাৰ ৰ’ডছ অৰ্গেনাইজেশ্যন চমুকৈ বিআৰঅ’-এ। জ’জিলা পাছৰ পৰা লেহ/লাডাখলৈ প্ৰায় ১৮ খন তেলৰ টেংকাৰ আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িয়াই নিয়া বাহন যাবলৈ অনুমতি দিয়া হয়। জ’জিলা পাছত নতুনকৈ তুষাৰপাত হোৱা সত্ত্বেও এনেদৰে অত্যাৱশ্যকীয় সামগ্ৰী প্ৰেৰণ কৰাটো সম্ভৱপৰ কৰি তোলা হয়।
উল্লেখ্য যে জ’জিলা পাছত বিগত বৰ্ষৰ ডিচেম্বৰ মাহৰ পৰাই প্ৰচুৰ তুষাৰপাত হোৱা বাবে এই ৪২৫ কিলোমিটাৰ পথছোৱা বন্ধ কৰি ৰখা হৈছিল। লাডাখৰ মাণ্ডলিক আয়ুক্তৰ নিৰ্দেশনা অনুসৰি জানিব পৰা যায় যে লাডাখত বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰীৰ তাৎক্ষণিক প্ৰয়োজনীয়তা বৃদ্ধি পাইছে। আৰু ইয়াৰ প্ৰতি লক্ষ্য ৰাখিয়েই প্ৰজেক্ট বেকন আৰু প্ৰজেক্ট বিজয়কৰ দলে সমূদ্ৰপৃষ্ঠৰ পৰা ১১৫০০ ফুট ওপৰত থকা জ’জিলাৰ চৌপাশে নতুনকৈ পৰা বৰফ আঁতৰোৱা হয় আৰু পথটো পৰিবহনযোগ্য কৰি তোলা হয়।
চলিত বৰ্ষত এই অঞ্চলত হোৱা তুষাৰপাতে বিগত ছটা দশকৰ অভিলেখ ভঙ্গ কৰিছে। গগণগিৰৰ পৰা জিৰ’ পইণ্টলৈ পথছোৱাৰ পৰা বৰফ আঁতৰোৱা কামখিনি সম্পন্ন কৰিছে বিআৰঅ’ৰ প্ৰজেক্ট বেকনে। ইফালে ড্ৰাজৰ পৰা জিৰ’ পইণ্টলৈ পথছোৱা মুকলি কৰিছে প্ৰজেক্ট বিজয়কে।
ABB/SS/Nampi/KA/DK/Savvy/ADA/RD
(रिलीज़ आईडी: 1613682)
आगंतुक पटल : 131