বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

ক’ভিড-১৯ প্ৰতিহত কৰাৰ বাবে বিভিন্ন প্ৰয়াসেৰে জড়িত হৈছে হায়দৰাবাদৰ CSIR-চেণ্টাৰ ফৰ চেলুলাৰ এণ্ড মলিকুলাৰ বায়’ল’জী (চিচিএমবি)

Posted On: 12 APR 2020 11:45AM by PIB Guwahati

ক’ভিড-১৯ প্ৰতিহত কৰাৰ বাবে CSIR ৰ আগশাৰীৰ বায়’ল’জি পৰীক্ষাগাৰ হায়দৰাবাদৰ চিচিএমবিয়ে বিভিন্ন ধৰণেৰে প্ৰয়াস অব্যাহত ৰাখিছে।

প্ৰ্তিষ্ঠানটোৱে এইপৰ্যন্ত কৰা বিভিন্ন প্ৰয়াসৰ ভিতৰত অন্যতম কেইটিমান প্ৰয়াসৰ বিষয়ে আগবঢ়োৱা হ’ল -

ৰোগীৰ নমুনা পৰীক্ষা

CCMB হৈছে ক’ভিড-১৯ ৰ বাবে অনুমোদিত পৰীক্ষাগাৰ আৰু SARS-CoV-2 ভাইৰাছৰ পৰীক্ষাৰ বাবে তেলেংগানাৰ ৩৩ খন জিলাৰ বিভিন্ন চৰকাৰী হস্পিতালৰ পৰা অহা ৰোগীৰ নমুনাসমূহ এই পৰীক্ষাগাৰে গ্ৰহণ কৰে। সম্প্ৰতি এই পৰীক্ষাগাৰে দৈনিক প্ৰায় ৩৫০ টাকৈ নমুনা পৰীক্শা কৰি আহিছে।

 

ক’ভিড-১৯ পৰীক্ষাৰ প্ৰশিক্ষণ

এই প্ৰতিষ্ঠানটোৱে এই পৰ্যন্ত চৰকাৰী হস্পিতাল ক্ৰমে এনআইএমএছ, আইপিএম,  হায়দৰাবাদৰ গৱৰ্ণমেণ্ট ফেভাৰ হস্পিতাল আৰু কাকতীয় মেডিকেল কলেজ, ৱাৰাঙ্গলৰ ২৫ গৰাকীকৈ চিকিৎসক-নাৰ্ছক ক’ভিড-১৯ ৰ পৰীক্ষাৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰিছে। এইসকল প্ৰশিক্ষণপ্ৰাপ্ত চিকিৎসাকৰ্মীক তেওঁলোকৰ নিজ নিজ চিকিৎসালয়ত পৰীক্ষা সংক্ৰান্তীয় কামত নিয়োগ কৰা হৈছে। ইয়াৰ উপৰিও CSIR-CCMB য়ে ৰোগীৰ নমুনা আৰু RT-PCR ৰ তদাৰকীৰ বাবে প্ৰশিক্ষণ ভিডিঅ’ নিৰ্মাণ কৰিছে। এই ভিডিঅ’বোৰ অনুমোদিত কেন্দ্ৰসমূহৰ বাবে উপলব্ধ হৈছে আৰু director@ccmb.res.in ত যোগাযোগ কৰিও লাভ কৰিব পৰা যাব।

 

SARS-CoV-2 জেন’মৰ ছিকুৱেন্সিং

ক’ৰোনা ভাইৰাছৰ জেন’ম ছিকুৱেন্সিংৰ ক্ষেত্ৰত CSIR পৰীক্ষাগাৰসমূহে অনবদ্য কাম কৰি আছে আৰু CCMB য়ে নেক্সট জেনেৰেশ্যন ছিকুৱেন্সিংৰ কাম কৰাৰ লগতে SARS-CoV-2 ভাইৰাছৰ সমগ্ৰ জেন’ম ছিকুৱেন্সৰ এক সামগ্ৰিক ছবি প্ৰকাশ কৰিবলৈ বিশ্লেষণ কৰি আছে। এই জেন’ম বিশ্লেষণৰ বাবে CCMB ৰ হাতত থকা উচ্চ পৰিমাণৰ ভাইৰাছৰ উপস্থিতি সম্বলিত ৰোগীৰ নমুনাসমূহ গ্ৰহণ কৰা হৈছে।

 

পুনৰ পৰীক্ষা আৰু নতুন ঔষধৰ বাবে SARS-CoV-2 ভাইৰাছৰ কালচাৰিং

বিভিন্ন মলিকুলাৰ মডেলিংৰ দ্বাৰা ‘ৰিপাৰ্প’জড ঔষধ বা নতুন ঔষধ বা নতুন মলিকুলাৰ পৰীক্ষা কৰা প্ৰক্ৰিয়াটোৰ সৈতে CSIR-CCMB শেহতীয়াকৈ জড়িত হৈ পৰিছে আৰু ইতিমধ্যেই ভাইৰ’ চেল লাইনত SARS-CoV-2 ভাইৰাছৰ কালচাৰিংৰ বাবে এক ব্যৱস্থা স্থাপন কৰিছে। অতি সোনকালেই এইটো কাৰ্যক্ষম হৈ উঠিব বুলি আশা কৰা হৈছে।

 

সৰ্বশেষত, CCMB য়ে জনসাধাৰণক এক বৃহৎ পৰিসৰত সামৰি লোৱাৰ উদ্দেশ্যেৰে আঞ্চলিক ভাষাত উদ্ভাৱনীয়তাৰে ক’ৰোনা ভাইৰাছৰ বাবে ল’বলগীয়া বিভিন্ন সাৱধানতা তথা পৰামৰ্শাৱলী প্ৰচাৰকাৰ্যত সক্ৰিয়ভাৱে ভাগ লৈ আহিছে।

 

ক’ৰোনাৰ নমুনা পৰীক্ষা কৰি থকা অৱস্থাত

Description: C:\Users\acer\Downloads\90127780_2928905360502388_7786049158095306752_n (1).jpg

RT-PCR ত চিকিৎসাকৰ্মীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰি থকা অৱস্থাত

 

 

 

*****

KGS/(DST-CSIR)/RD



(Release ID: 1613665) Visitor Counter : 143