বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ ভেষজ এণ্টিবডী উৎপাদনৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ডিবিটি/এণ্টি-ক’ভিড সংঘই

ছাৰছ-ক’ভ-২, ক’ভিড-১৯ক অকামিলা কৰিবলৈ জিন এনক’ডিং এণ্টিবডীবোৰ পৃথকীকৰণৰ প্ৰচেষ্টা

Posted On: 12 APR 2020 11:43AM by PIB Guwahati

ন’ভেল ছাৰছ ক’ৰোনা ভাইৰাছ-২(ছাৰছ-ক’ভ-২)ৰ ফলত দেখা দিয়া ক’ভিড-১৯ ৰোগে ইতিমধ্যে বহুতৰে প্ৰাণ লৈছে৷ ইফালে, কোনো চিকিসা অবিহনেই বৃহ সংখ্যক সংক্ৰমিত লোকে আৰোগ্যও লাভ কৰিছে৷ ভাইৰাছৰ আক্ৰমণৰ বিপৰীতে দেহত উপন্ন হোৱা এণ্টিবডীৰ বাবেই এয়া সম্ভৱ হৈছে৷

 

বছৰ বছৰ ধৰি সংক্ৰমণৰ ফলত আক্ৰান্ত ৰোগীৰ এণ্টিবডী উন্নত কৰাৰ বাবে ডিপথেৰিয়া, টিটানাছ, ৰেবিছ আৰু ইব’লাৰ দৰে টিকাকৰণ কৰি সুফল পোৱা গৈছে৷ বৰ্তমান ডিএনএভিত্তিক পুনঃসংযোজক প্ৰযুক্তিৰ জৰিয়তে গৱেষণাগাৰত এনে ভেষজ এণ্টিবডী উপন্ন কৰাৰ প্ৰচেষ্টা অব্যাহত আছে৷

 

ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ জৈৱপ্ৰযুক্তি বিভাগৰ সমৰ্থনত দিল্লী বিশ্ববিদ্যায়ৰ দক্ষিণ চৌহদস্থিত সংক্ৰমিত ৰোগ, গৱেষণা, শিক্ষা আৰু প্ৰশিক্ষণৰ অভিনৱ উদ্ভাৱন কেন্দ্ৰ (ইউডিএছচি-চিআইআইডিাৰইটি)ৰ অধ্যাপক বিজয় চৌধাৰীৰ নেতৃত্বত ভাৰতত এই প্ৰচেষ্টা চলাই থকা হৈছে৷

 

অধ্যাপক চৌধাৰীৰ গোটটোৱে ইতিমধ্যে ক’ভিড-১৯ৰ আক্ৰান্ত হৈ আৰোগ্য লাভ কৰা ৰোগীৰ কোষৰে গঠিত এটা লাইব্ৰেৰীৰ তৈয়াৰ কৰি সেইবোৰ দেহত সুমুৱাই দি ছাৰছ-ক’ভ-২ অকামিলা কৰিব পৰা জিন এনণ্টিবডীৰ পৃথকীকৰণৰ ব্যৱস্থা কৰিছে৷

এই এণ্টিবডী জিনবোৰ গৱেষণাগাৰত পুনঃসংযোজক এণ্টিবডী উপন্ন কৰাৰ বাবে ব্যৱহাৰ কৰিব, যদি ভাইৰাছটো অকামিলা কৰা কাৰ্যত সফল হয়, তেতিয়া ই ভাইৰাছৰ বিৰোধী এক ৰোগপ্ৰতিৰোধী আৰু ভেষজ উভয় দিশতে চিৰস্থায়ী উস হৈ পৰিব৷

 

অধ্যাপক চৌধাৰীৰ নেতৃত্বত আৰু ড০ অমুল্য পাণ্ডাৰ সহযোগত নেচনেল ইনষ্টিটিউট অৱ ইমিন’লজিত আৰু ড০ সঞ্জয় সিংঙে জেন’ভা বায়’ফাৰ্মাচিউটিকেল লিমিটেড, পুনেত এক এণ্টি-ক’ভিড সংঘৰ অংশ হিচাপে কাম কৰি আছে৷

[যোগাযোগ কৰকঃ অধ্যাপক বিজয় কে চৌধাৰী, ইমেইল: vkchaudhary@south.du.ac.in]

 

*****

KGS/(DST/ Vigyan Samachar)/DB



(Release ID: 1613634) Visitor Counter : 180