গৃহ মন্ত্ৰালয়

ক’ভিড-১৯ বিৰোধী যুঁজৰ চিকিৎসাত জড়িত চিকিৎসক আৰু চিকিৎসা কর্মীসকলৰ নিৰাপত্তাৰ বাবে আৰক্ষী নিয়োগ কৰিবলৈ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক নির্দেশ গৃহ মন্ত্ৰালয়ৰ

प्रविष्टि तिथि: 11 APR 2020 8:18PM by PIB Guwahati

ক’ভিড-১৯ বিৰোধী যুঁজৰ চিকিসাৰ সৈতে জড়িত চিকিসক আৰু চিকিসা কর্মীসকলৰ ওপৰত হোৱা অত্যাচাৰৰ ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকক পর্যাপ্ত নিৰাপত্তা প্ৰদানৰ বাবে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল তথা সংশ্লিষ্ট আৰক্ষী প্ৰশাসনক আৰক্ষী নিয়োগ কৰিবলৈ নির্দেশ দিছে কেন্দ্রীয় গৃহ মন্ত্ৰালয়ে৷ চিকিসালয়ৰ যিবোৰ স্থানত ক’ভিড-১৯ আক্ৰান্ত ৰোগী আৰু কোৱাৰেণ্টাইন থকা লোকসকলক ৰখা হয়, সেইবোৰ স্থানত এই ব্যৱস্থা গ্ৰহণৰ নির্দেশ দিয়া হৈছে৷

ক’ভিড-১৯ৰ স্ক্ৰিনিং কৰাৰ বাবে চিকিসক আৰু চিকিসা কর্মী যিবোৰ স্থানলৈ যাব, সেইবোৰ স্থানতো নিৰাপত্তাৰ বাবে আৰক্ষী নিয়োগৰ নির্দেশ দিয়া হৈছে৷

*****

VG/SNC/VM/DB


(रिलीज़ आईडी: 1613547) आगंतुक पटल : 211
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam