ৰাষ্ট্ৰপতি সচিবালয়

ইষ্টাৰৰ শুভেচ্ছা ৰাষ্ট্ৰপতিৰ

Posted On: 11 APR 2020 5:13PM by PIB Guwahati

ৰাষ্ট্ৰপতি শ্ৰী ৰাম নাথ কোৱিন্দে ইষ্টাৰ উপলক্ষে এক বাৰ্তাত কয়ঃ-

পবিত্ৰ ইষ্টাৰ উদযাপন উপলক্ষে মই সকলো দেশবাসী, বিশেষকৈ দেশ-বিদেশৰ খ্রীষ্টান সম্প্ৰদায়ৰ লোকসকলক শুভেচ্ছা আৰু শুভকামনা জনাইছো৷

বিশ্বাস কৰা মতে এই ইষ্টাৰৰ দিনা প্ৰভু যীশু খ্রীষ্টই পুনর্জীৱন লাভ কৰে৷ সেয়েহে এই পবিত্ৰ দিনটোত খ্রীষ্টান সম্প্ৰদায়ৰ লোকসকলে ভক্তিৰে উদযাপন কৰে৷

ইষ্টাৰে প্ৰেম, ত্যাগ আৰু ক্ষমাৰ মন্ত্রৰে মানুহক উদ্বুদ্ধ কৰে৷ যীশু খ্রীষ্টৰ বাণীৰ পৰা শিক্ষা লৈ আহক আমি সমগ্ৰ মানৱজাতিৰ ভালৰ বাবে আমি কাম কৰো৷

এই সৱে আমাৰ একতা আৰু কর্তব্যক শক্তিশালী কৰক। দেশ আৰু সমাজৰ সমৃদ্ধি আৰু ভালে থকাৰ বার্তা বহন কৰক৷ দেশে যিহেতু ক’ভিড-১৯ সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিছেস সেয়েহে আহকআমি এই পবিত্ৰ সৱ ঘৰতে পৰিয়ালৰ সৈতে পালন কৰাৰ সংকল্প লওঁ৷ চৰকাৰে সামাজিক দূৰত্ব বজাই ৰখাকে ধৰি যিবোৰ নির্দেশনা জাৰি কৰিছে, সেয়া মানি চলিম৷

******

VRRK/KP/DB



(Release ID: 1613523) Visitor Counter : 91