প্ৰতিৰক্ষা মন্ত্ৰালয়
উত্তৰ প্ৰদেশ আৰু তামিলনাডুৰ অ’এফবি ইউনিটে ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ ক’ভাৰঅল নিৰ্মাণৰ বাবে কাপোৰৰ পৰীক্ষণ কৰিবলৈ এনএবিএলৰ অনুমোদন লাভ কৰিছে
प्रविष्टि तिथि:
11 APR 2020 5:13PM by PIB Guwahati
উত্তৰ প্ৰদেশ আৰু তামিলনাডুৰ অ’এফবি ইউনিটে ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ ক’ভাৰঅল নিৰ্মাণৰ বাবে কাপোৰৰ পৰীক্ষণ কৰিবলৈ এনএবিএলৰ অনুমোদন লাভ কৰিছে৷
এই পৰ্যন্ত এই পৰীক্ষণ সমগ্ৰ দেশত কেৱল দক্ষিণ ভাৰত বস্ত্ৰ অনুসন্ধান সংঘ, কইম্বাটুৰৰ ওচৰতহে উপলব্ধ আছিল আৰু ক’ভাৰঅল নিৰ্মাণৰ বাবে কাপোৰৰ পৰীক্ষণ বিশেষ ৰূপত ৰাষ্ট্ৰব্যাপী লকডাউনৰ সময়ত আৰু ৰচদ-পাতিৰ অভাৱত এক বিড়ম্বনা হিচাপে বিবেচিত হৈছিল৷
নবীনতম বিকাশৰ সৈতে দক্ষিণ ভাৰতত আন এক পৰীক্ষণ সুবিধা প্ৰস্তুত কৰা হৈছে আৰু উত্তৰ ভাৰতত এই ধৰণৰ প্ৰথমটো সুবিধা স্থাপন কৰা হৈছে৷
ইয়াৰ জৰিয়তে কেৱল অ’এফবিৰ উত্তৰ প্ৰদেশৰ চাৰিটা আৰু তামিলনাডুৰ এটা কাপোৰৰ কাৰখানাত ক’ভাৰঅল নিৰ্মাণে উদগনি লাভ কৰিব আৰু এই ক’ভাৰঅল নিৰ্মাণৰ সৈতে জড়িত অন্য এজেন্সীসমূহেও এই গুৰুত্বপূৰ্ণ পৰীক্ষণৰ সুবিধাৰ লাভ গ্ৰহণ কৰিবলৈ সক্ষম হ’ব৷
ABB/SS/Nampi/KA/DK/Savvy/MANN
(रिलीज़ आईडी: 1613513)
आगंतुक पटल : 186