মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়

ক’ভিড-১৯ এ সৃষ্টি কৰা এই পৰিস্থিতিত মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ পৰামৰ্শ অনুযায়ী কেন্দ্ৰীয় বিদ্যালয় সংগঠন-দিল্লী অঞ্চলে ছাত্ৰ-ছাত্ৰীক শিক্ষা দিয়াৰ বিভিন্ন পদক্ষেপ হাতত লৈছে

সমগ্ৰ দেশৰ ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষা আৰু বিদ্যায়তনিক কল্যাণ সুনিশ্চিত কৰিবলৈ আমি বদ্ধপৰিকৰ – কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়

ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীলৈকে অনলাইনযোগে পোনপটীয়া শ্ৰেণী আৰম্ভ কৰিবলৈ কেন্দ্ৰীয় বিদ্যালয় সংগঠন-দিল্লী অঞ্চল সম্পূৰ্ণ সাজু, নৱমৰ পৰা আৰু দ্বাদশ শ্ৰেণীলৈকে অনলাইনযোগে পোনপটীয়া শ্ৰেণী ইতিমধ্যে চলি আছে

Posted On: 11 APR 2020 6:35PM by PIB Guwahati

’ভিড-১৯ মহামাৰীয়ে সৃষ্টি কৰা এই জটিল পৰিস্থিতি আৰু লকডাউনে ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু শিক্ষকসকলক বিমোৰত পেলাইছে। কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী শ্ৰী ৰমেশ পোখৰিয়াল নিশংকে দেশৰ সকলো শিক্ষানুষ্ঠানৰ মূৰব্বীলৈ ডিজিটেল ব্যৱস্থাৰ যিমান বেছি পাৰি ব্যৱহাৰ কৰি ছাত্ৰ-ছাত্ৰীৰ সময়ৰ সদব্যৱহাৰ কৰাৰ বাবে পৰামৰ্শ দিছে। তেওঁ কয় যে কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয় সমগ্ৰ দেশৰ ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষা আৰু বিদ্যায়তনিক কল্যাণ সুনিশ্চিত কৰিবলৈ বদ্ধপৰিকৰ। মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ পৰামৰ্শ অনুযায়ী কেন্দ্ৰীয় বিদ্যালয় সংগঠন-দিল্লী অঞ্চলে ছাত্ৰ-ছাত্ৰীক অনলাইনযোগে শিক্ষা দিয়াৰ বিভিন্ন পদক্ষেপ হাতত লৈছে আৰু ষষ্ঠৰ পৰা দ্বাদশ শ্ৰেণীলৈকে সকলো বিষয়ৰে অনলাইনযোগে শিক্ষাদান আৰম্ভ কৰিবলৈ ফে’চবুক, ইউটিউৱ আদিত ছাত্ৰ-ছাত্ৰীৰ আই ডি খুলি দিছে।

সোমবাৰৰপৰা ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীলৈকে অনলাইনযোগে পোনপটীয়া শ্ৰেণী আৰম্ভ কৰিবলৈ কেন্দ্ৰীয় বিদ্যালয় সংগঠন-দিল্লী অঞ্চল সম্পূৰ্ণ সাজু হৈছে আৰু নৱমৰ পৰা আৰু দ্বাদশ শ্ৰেণীলৈকে অনলাইনযোগে ফে’চবুক, ইউটিউৱ আদিত পোনপটীয়া শ্ৰেণী ইতিমধ্যে চলি আছে।  দুদিনত প্ৰায় ৯০,০০০ ভিউৱাৰ আৰু ৪০,০০০ মন্তব্যৰে শ্ৰেণীসমূহে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ পৰা আশাপ্ৰদ সঁহাৰি লাভ কৰা বুলি ধৰিব পাৰি। দিল্লী অঞ্চলতে ইউটিউৱৰ নিয়মীয়া গ্ৰাহক ১৩৩৪৩ জন হৈছেগৈ। সকলো শাখাৰে কেইবাজনো শিক্ষকৰ এটা দলে ৱাটছআপৰ বিদ্যালয়ৰ গ্ৰুপত বিষয়সাপেক্ষে নিৰ্দিষ্ট সময় ঠিক কৰি লৈ এই মত-বিনিময়ৰ সুবিধা থকা পোনপটীয়া শ্ৰেণীসমূহ পৰিচালনা কৰি আছে। কেন্দ্ৰীয় বিদ্যালয় সংগঠন-দিল্লী অঞ্চলৰ বিদ্যালয়সমূহৰ অধ্যক্ষসকললৈ নিৰ্দিষ্ট কিছুমান নিৰ্দেশনা দিয়া হৈছে যিবোৰ তেওঁলোকে শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ লগত ভাগ-বতৰা কৰিছে। 

বৰ্তমান শিক্ষকসকলে পাৱাৰ পইন্ট, মুভি মে’কাৰ, স্ক্ৰীণ ৰেকৰ্ডাৰ আদি বিভিন্ন চফটৱেৰ ব্যৱহাৰ কৰি বিদ্যায়তনিক সমল তৈয়াৰ কৰি আছে আৰু তাৰ পিছত তেওঁলোকে সেইসমূহৰ লগতে নিজৰ শ্ৰেণীকোঠাৰ বক্তৃতাসমূহ নিৰ্দিষ্ট ইউটিউৱ চেনেলত উপলব্ধ কৰিব। শিক্ষকসকলে ঘৰুৱা কাম প্ৰস্তুত কৰিও গুগল ফৰ্ম, কাহুত ডট কম, হট পটেট’চ, কুইজেচ ডট কম আদি এপ আৰু চফটৱেৰ ব্যৱহাৰ কৰি ছাত্ৰ-ছাত্ৰীলৈ প্ৰেৰণ কৰিছে আৰু ছাত্ৰ-ছাত্ৰীয়েও পৰম্পৰাগত ঘৰুৱা কামৰ বিপৰীতে নতুন ধৰণে লাভ কৰা এই কামসমূহৰ প্ৰতি উসাহ দেখুৱাইছে।

A close up of a logoDescription automatically generated

 

A screenshot of a cell phoneDescription automatically generated

 

A screenshot of a cell phoneDescription automatically generated A close up of a mans faceDescription automatically generated

A screenshot of a cell phoneDescription automatically generated

 

প্ৰাথমিক পৰ্যায়ৰ শিশুসকলৰ কাৰণে শিক্ষকে ভিডিঅ’ ৰেকৰ্ড কৰি ৱাটছআপযোগে অভিভাৱকলৈ প্ৰেৰণ কৰিছে অথবা নিৰ্দিষ্ট ইউটিউৱ চেনেলত উপলব্ধ কৰিছে। অভিভাৱকৰ কোনো সন্দেহ থাকিলে কমেন্ট শাখালৈ গৈ শিক্ষকৰ সৈতে যোগাযোগ কৰিব পাৰে।

সামাজিক দূৰত্ব মানি চলিবৰ বাবে ঘৰত বা ছাত্ৰাৱাসত আৱদ্ধ হৈ থকা ছাত্ৰ-ছাত্ৰীৰ বাবে স্বয়ম, দীক্ষা. ই-পাঠশালা আদি পৰ্টেলসমূহ মুকলি কৰি দিছে।

ঘৰত কৰিবলৈ দিয়া কামসমূহ নিৰ্দিষ্ট বিষয়ৰ শিক্ষকে পৰ্যবেক্ষণ কৰিব। প্ৰতিটো বিষয়ৰ শিক্ষকে তাৰবাবে দিনটোত কমেও পাঁচজন ছাত্ৰৰ সৈতে ফোনেৰে যোগাযোগ কৰাৰ প্ৰয়োজন হ’ব।

শিক্ষক আৰু ছাত্ৰৰ পাৰস্পৰিক সহযোগিতাৰ মাজেৰে এই প্ৰচেষ্টা সফলকাম হৈ উঠিব বুলি আশা কৰা হৈছে। ঘৰতে আৱদ্ধ হৈ থাকি সুৰক্ষিত হৈ থকাৰ লগতে বিদ্যালয়ৰ লগতো তেওঁলোক জড়িত হৈ থাকিব পাৰিব।  

*****

NB/AKJ/AK/PRK



(Release ID: 1613511) Visitor Counter : 254