আইন আৰু ন্যায় মন্ত্ৰালয়

ক’ভিড-১৯ লকডাউনৰ পৰিপ্ৰেক্ষিতত আয়কৰ আপীল ন্যায়াধীকৰণে আয়োজন কৰিলে প্ৰসিদ্ধ আধ্যাত্মিক গুৰু শ্ৰীশ্ৰী ৰবিশংকৰৰ সৈতে মত-বিনিময় অনুষ্ঠান

“বিশ্বই বহু মহামাৰী দেখিবলৈ পাইছে; কিন্তু প্ৰতিটো প্ৰত্যাহ্বানেই অতিক্ৰম কৰিছে মানৱজাতিয়ে”, ক’লে শ্ৰীশ্ৰী ৰবি শংকৰে

Posted On: 11 APR 2020 3:30PM by PIB Guwahati

সমগ্ৰ বিশ্বই ইতিহাসৰ ভিতৰতেই এক অতি জটিল সময়ৰ মাজেৰে আগবাঢ়িছে, আৰু মানৱ জাতিৰ ভৱিষ্যত এক শংকাৰ দোমোজাত আবদ্ধ হৈ ৰৈছে, এনেসময়তেই আয়কৰ আপীল ন্যায়াধীকৰণে এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে আৰু ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে সমগ্ৰ দেশজুৰি এক আলোচনা চক্ৰৰ আয়োজন কৰিছে। সমগ্ৰ দেশতে থকা এই ন্যায়াধীকৰণৰ ষ্টেকহোল্ডাৰ, তেওঁলোকৰ পৰিয়াল, বন্ধুবৰ্গ তথা সমাজৰ শাৰীৰিক, মানসিক আৰু আবেগিক কল্যাণ সাধনৰ উদ্দেশ্যে এই আলোচনাচক্ৰৰ আয়োজন কৰা হৈছে। বিশিষ্ট আধ্যাত্মিক গুৰু শ্ৰীশ্ৰী ৰবিশংকৰ জীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে আৰু How to remain happy while discharging duties in office, with family and society শীৰ্ষক বিষয়ত এক অনবদ্য দৰ্শন আগবঢ়ায়। অনুষ্ঠানত আইটিএটিৰ অধ্যক্ষ তথা ন্যায়াধীশ পি পি ভাটে সভাপতিত্ব কৰে। অনুষ্ঠানত ন্যায়াধীকৰণৰ সকলো উপাধ্যক্ষ, সদস্য তথা ৰেজিষ্ট্ৰিৰ কৰ্মচাৰীসকলে পৰিয়ালসহ অংশগ্ৰহণ কৰে। এই অনুষ্ঠানলৈ আয়কৰ বাৰ এছ’চিয়েশ্যন, আয়কৰ বিভাগৰ সদস্য আৰু সমগ্ৰ দেশৰ অন্যান্য বিভাগসমূহৰ সদস্যসকলকো আমন্ত্ৰণ জনোৱা হৈছিল। লগতে অনুষ্ঠানত ভাগ লয় বিভিন্ন উচ্চ ন্যায়ালয়ৰ বৰ্তমানৰ আৰু অৱসৰপ্ৰাপ্ত বিচাৰপতিসকলে। কেন্দ্ৰীয় আইন সচিব আৰু বিভিন্ন শ্ৰেণীৰ লোকেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰে।

আদৰণি ভাষণত ন্যায়াধীশ পি পি ভাটে কয় যে গুৰুজীৰ আধ্যাত্মিক আৰু অনুপ্ৰেৰণাদায়ী আদৰ্শ আমাৰ বাবে এনে এক জটিল সন্ধিক্ষণত পাথেয় হৈ ৰ’ব। উপস্থিত সকলোকে আশীৰ্বাদ কৰিবলৈও শ্ৰীশ্ৰী ৰবিশংকৰজীক অনুৰোধ জনায় ভাটে।

ইফালে শ্ৰীশ্ৰী ৰবিশংকৰে তেওঁৰ সকলোকে এনে এক পৰিস্থিতিত ধৈৰ্য্য নেহেৰুৱাই সংযম ৰক্ষা কৰাৰ পৰামৰ্শ দিয়ে। প্ৰতিটো দুৰ্যোগতেই অন্তৰ্নিহিত হৈ থকা প্ৰৌজ্জ্বল দিশটোৰ প্ৰতি নজৰ ৰখাৰ বাবেও আহ্বান জনায় সকলোকে। লকডাউনৰ ফলত আমাৰ কি কি লাভালাভ হৈছে সেইবোৰ দিশ বিচাৰি উলিয়াই তাৰ মাজতেই সুখ পাবলৈও পৰামৰ্শ দিয়ে তেওঁ। এই মহামাৰীয়ে বিশ্ববাসীক জনাই দিছে যে মানৱ জাতিৰ বাবে কোনো সীমাই নাই। সকলো সংস্কৃতি, পৰম্পৰা, সভ্যতাৰ ভেটা ভাঙি দিছে এই দুৰ্যোগে। তেওঁ লগতে কয় যে এই মহামাৰীয়ে আমাৰ পাৰ্থিৱসৰ্বস্ব জীৱনৰ পৰা আমাৰ মনোযোগ আমাৰ জীৱনৰ সূক্ষ্মাতিসূক্ষ্ম দিশবোৰলৈ লৈ গৈছে, আৰু আমি আচলতে কোন, আমি আচলতে কি সেয়া পৰীক্ষা কৰি  চোৱাৰ সুযোগ দিছে। সদায়েই সঠিক পৰিমাণৰ খাদ্য, টোপনি, শ্বাস-প্ৰশ্বাস আৰু প্ৰাণায়ামেৰে জীৱনৰ ভাৰসাম্য ৰক্ষা কৰাৰো পৰামৰ্শ দিয়ে।

এক প্ৰশ্নোত্তৰ শিতানেৰে এই অনুষ্ঠানৰ সামৰণি পৰে। ন্যায়াধীশ ভাটে ক’ৰোনাৰে সমূখত থাকি যুঁজ কৰা স্বাস্থ্যকৰ্মী, চিকিৎসক-নাৰ্ছ আৰু নিৰাপত্তাৰক্ষীসকল মানসিক শক্তি প্ৰদানৰ বাবে, আত্মবিশ্বাস প্ৰদানৰ বাবে এক পথৰ সন্ধান দিবলৈ কৰা অনুৰোধৰ উত্তৰত শ্ৰীশ্ৰী ৰবিশংকৰে কয় যে সমাজত ভাৰসাম্য বজাই ৰাখিবলৈ এই সকল যোদ্ধাই কৰা কামৰ কোনো তুলনাই নাই, তেওঁলোকে কেৱল কোনো কাৰণতে মানসিক অৱসাদত ভুগিব নালাগে আৰু যেতিয়াই সুবিধা হয়, তেতিয়াই যোগাসন আৰু প্ৰাণায়াম কৰি অৱসাদ আঁতৰ কৰাৰ চেষ্টা কৰক। মেডিটেশ্যনে মেডিকেশ্যনৰো কাম কৰে, অৰ্থাৎ প্ৰাণায়ামে ঔষধৰো কাম কৰে।

এই অনুষ্ঠানতে কেন্দ্ৰীয় আইন সচিব অনুপ কুমাৰ মেণ্ডিৰাট্টাই এই মহামাৰীৰ সময়ছোৱাত জীৱনৰ অনিশ্চয়তা আৰু কেৰিয়াৰ সন্দৰ্ভত ৰা এক প্ৰশ্নৰ উত্তৰত গুৰুজীয়ে সকলোকে মনত পেলাই দিয়ে যে এই বিশ্বই ভালেমান মহামাৰীৰ সমূখীন হৈছে আৰু প্ৰতিটো প্ৰত্যাহ্বানতে মানৱ জাতিৰ জয় হৈছে। মানৱ জাতিয়ে সফলতাৰে সকলো প্ৰত্যাহ্বান অতিক্ৰম কৰিছে। সকলোকে সহায় কৰক আৰু সকলোৰে প্ৰতি সদয় হৈ থাকক বুলিও কয় তেওঁ।

প্ৰশ্নোত্তৰ শিতানৰ পিছতেই প্ৰায় ২০ মিনিট সময় এক প্ৰাণায়াম কাৰ্যসূচী ৰূপায়ন কৰা হয়। এই সময়ছোৱাতে গুৰুজীৰ অনবদ্য দাৰ্শনিক বাৰ্তাই সকলোৰে মনৰ দুৱাৰ খুলি দিয়ে।

অনুষ্ঠানৰ শেষত আইটিএটিৰ দিল্লী মণ্ডলৰ উপাধ্যক্ষ জি এছ পান্নুৱে গুৰুজীৰ প্ৰতি শলাগৰ শৰাই আগবঢ়ায়। লগতে উপস্থিত প্ৰত্যেককে গুৰুজীয়ে দিয়া বাৰ্তা মনত বান্ধি ঘৰলৈ উভতিবলৈ আহ্বান জনায়।

 

*******

APS/PK/RD



(Release ID: 1613408) Visitor Counter : 166