প্ৰতিৰক্ষা মন্ত্ৰালয়

ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজত প্ৰায় ২,০০০ এনচিচি কেডেটক নিযুক্তি, ৫০,০০০তকৈ অধিক স্বেচ্ছাসেৱকে আগবঢ়ালে অৱদান

Posted On: 11 APR 2020 4:20PM by PIB Guwahati

ৰাষ্ট্ৰীয় কেডেট কৰ্পছে ‘এনচিচি যোগদান কাৰ্যসূচী’ৰ অধীনত ১ এপ্ৰিল, ২০২০ৰ পৰা ক’ৰোনা ভাইৰাছ (ক’ভিড-১৯) মহামাৰীৰ বিৰুদ্ধে যুঁজত অসামৰিক, প্ৰতিৰক্ষা আৰু আৰক্ষী বিষয়াসকলক কান্ধত কান্ধ মিলাই সহায় আগবঢ়াইছে৷ ইতিমধ্যে ১২ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত প্ৰায় ২,০০০ কেডেটক নিয়োজিত কৰা হৈছে৷ ইয়াৰে ভিতৰত তামিলনাডুত সৰ্বাধিক ৩০৬গৰাকী কেডেট নিয়োজিত কৰা হৈছে আৰু প্ৰতিদিনে এই সংখ্যা বৃদ্ধি পাইছে৷

লকডাউনৰ সময়ছোৱাত এনচিচি কেডেটসকলক বিভিন্ন কামৰ বাবে ৰাজ্যসমূহে বিচাৰি আৱেদন জনাইছে৷ এনচিচিৰ মুখ্য কাৰ্যালয়ৰ সঞ্চালক প্ৰধানে বিষয়টো নিৰীক্ষণ কৰি আছে৷ ইতিমধ্যে ৫০,০০০ কেডেটে বৰ্তমানলৈকে ‘এনচিচি যোগদান কাৰ্যসূচী’ৰ অধীনত স্বেচ্ছামুলকভাৱে অৱদান আগবঢ়াইছে৷ এই কামৰ বাবে ১৮ বছৰতকৈ অধিক বয়সৰ ল’ৰা আৰু ছোৱালী কেডেটসকলক নিয়োজিত কৰা হৈছে৷ কেডেটসকলে স্বেচ্ছামুলকভাৱে অৱদান আগবঢাইছে৷ কৰ্তব্যত নিয়োজিত কৰাৰ পূৰ্বে তেওঁলোকক উপযুক্তভাৱে প্ৰশিক্ষণ দিয়াৰ লগতে কামৰ সন্দৰ্ভতো চমু আভাস দিয়া হৈছে৷

ৰাজ্য চৰকাৰসমূহে কেডেটসকলক কামত নিয়োজিত কৰাৰ সময়ত উপযুক্ত সুৰক্ষা সঁজুলি যেনে-মাস্ক, হাত মোজা ইত্যাদি পোৱাটো সুনিশ্চিত কৰিছে৷ এই কেডেটসকলক এগৰাকী পৰিদৰ্শক পৰ্যায়ৰ বিষয়া, জুনিয়ৰ কমিচনড অফিচাৰ, পিআই কৰ্মচাৰী আৰু এএনঅ’ৰ অধীনত নিয়োজিত কৰ হয়, যাতে তেওঁলোকৰ সৰুক্ষা আৰু নিৰাপত্তা সুনিশ্চিত হয়৷ সংশ্লিষ্ট ৰাজ্য চৰকাৰে হটস্পট হিচাপে চীল কৰা স্থানত তেওঁলোকক নিয়োগ কৰা হোৱা নাই৷

এই কেডেটসকলক যান-বাহন ব্যৱস্থাপনা, যোগান শৃংখলা ব্যৱস্থাপনা, খাদ্য সামগ্ৰীৰ প্ৰস্তুতু আৰু পেকেজিং, খাদ্য আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ বিতৰণ পৰিপাতিকৈ শাৰী পতা, সামাজিক দুৰত্ব, নিয়ন্ত্ৰণ কক্ষ আৰু চিচিটিভি নিয়ন্ত্ৰণ কক্ষৰ পৰিচালনা কৰাৰ দৰে কৰ্তব্যত নিয়োজিত কৰা হৈছে৷ ইয়াৰ উপৰি এনচিচি কেডেটসকলক টুইুটাৰ, ইনষ্টাগ্ৰাম আৰু হোৱাটছএপৰ জৰিয়তে বাৰ্তা প্ৰেৰণ কৰি ক’ভিড-১৯ৰ বিৰু্দ্ধে জনসাধাৰণক সজাগ কৰিছে৷

এনচিচিয়ে দেশৰ এই দুৰ্যোগৰ সময়ত পুনৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে৷ বৰ্তমান ২৯খন ৰাজ্য আৰু ৯খন কেন্দ্ৰীয় শাসিত অঞ্চলত ১৭টা সঞ্চালকালয়ৰ সৈতে এনচিচিৰ ১৪লাখ কেডেট আছে৷ এই সঞ্চালকালয়সমূহ ৯৯টা গোটত আৰু ৮২৬টা ইউনিটত ভাগ কৰা হৈছে, যাতে সকলো ৰাজ্যৰ জিলা প্ৰশাসনৰ বাবে পৰ্যাপ্ত কেডেট লাভ কৰে৷

 

ABB/SS/Nampi/KA/DK/Savvy/ADA/DB



(Release ID: 1613375) Visitor Counter : 213