ৰেল মন্ত্ৰালয়

লকডাউন আৰম্ভ হোৱাৰ দুসপ্তাহৰ ভিতৰত হেল্পলাইন নম্বৰ (১৩৮ আৰু ১৩৯), সামাজিক মাধ্যম আৰু ই-মেইলযোগে ২,০৫,০০০ টা প্ৰশ্নৰ প্ৰতি ৰে’ল কৰ্মচাৰীৰ সঁহাৰি

তাৰে ১,৮৫,০০০ তকৈও অধিক প্ৰশ্নৰ উত্তৰ পোনপটীয়া যোগাযোগেৰে দিয়া হৈছে

অহোৰাত্ৰি সক্ৰিয় হৈ থকা ৰে’ল বিভাগৰ হেল্পলাইন নম্বৰ ১৩৮ আৰু ১৩৯, সামাজিক মাধ্যম আৰু ই-মেইলযোগে লগে লগে সঁহাৰি দি থকা হৈছে

ৰাষ্ট্ৰীয় ৰে’ল মদদ হেল্পলাইন নম্বৰ ১৩৯ এ ভৌগোলিকভাৱে সীমাৱদ্ধ ১৩৮ ৰ সৈতে স্থানীয় ভাষাত স্থানীয় সমস্যাৰ সমাধান দি প্ৰকৃত অৰ্থত সহায়কৰ ভূমিকা পালন কৰিছে

Posted On: 11 APR 2020 2:54PM by PIB Guwahati

ৰে’লৰ যাত্ৰী আৰু আন নাগৰিকৰ সুবিধাৰ্থে তথা সামগ্ৰী কঢ়িওৱা ব্যৱস্থাৰ সঠিক ব্যৱস্থাপনাৰ বাবে ৰে’ল বিভাগে লকডাউন ঘোষণা হোৱাৰ পিছত হেল্পলাইনৰ সুবিধাসমূহ অধিক উন্নত কৰি তুলিছে। এই ব্যৱস্থা অতি সফলভাৱে ৰূপায়িত হৈ আছে আৰু লকডাউন আৰম্ভ হোৱাৰ দুসপ্তাহৰ ভিতৰত ২,০৫,০০০ টা প্ৰশ্নৰ প্ৰতি ৰে’ল কৰ্মচাৰীয়ে সঁহাৰি জনাইছে। তাৰে ১,৮৫,০০০ তকৈও অধিক প্ৰশ্নৰ উত্তৰ ফোনত পোনপটীয়াকৈ মানুহৰ সৈতে যোগাযোগেৰে দিয়া হৈছে।

ৰে’ল নিয়ন্ত্ৰণ কাৰ্যালয়ে অহোৰাত্ৰি সক্ৰিয় হৈ থাকি ৰে’ল বিভাগৰ হেল্পলাইন নম্বৰ ১৩৮ আৰু ১৩৯, সামাজিক মাধ্যম বিশেষকৈ টুইটাৰ আৰু ই-মেইল (railmadad@rb.railnet.gov.in) নিৰীক্ষণ কৰি আছে। ইয়াৰদ্বাৰাই ৰে’ল বিভাগ, প্ৰশাসন আৰু সাধাৰণ নাগৰিকৰ মাজত লকডাউনৰ সময়ছোৱাত তথ্য আৰু পৰামৰ্শৰ আদান-প্ৰদান সুচল কৰি ৰাখিবলৈ যত্ন কৰা হৈছে। 

সঞ্চালক পৰ্যায়ৰ বিষয়াৰদ্বাৰা হেল্পলাইনৰ সুবিধাসমূহ অনবৰতে নিৰীক্ষণ কৰি থকা হৈছে। ক্ষেত্ৰ বিষয়াসকলে শাখাসমূহ পৰ্যাবেক্ষণ কৰি আছে।

ৰাষ্ট্ৰীয় ৰে’ল মদদ হেল্পলাইন নম্বৰ ১৩৯ এ লকডাউন আৰম্ভ হোৱাৰ দুসপ্তাহৰ ভিতৰত ১,৪০,০০০ টা প্ৰশ্নৰ এজন এজনকৈ উত্তৰ দিছে আৰু লগতে স্বচালিত ভইচ ৰেকৰ্ড প্ৰক্ৰিয়াৰেও সঁহাৰি জনাই থকা হৈছে। সাধাৰণতে সোধা প্ৰশ্নসমূহ ৰে’ল চলাচলৰ সময়, ৰে’লভাৰা ঘূৰাই পোৱা, ৰে’লৰ ডবা আচুতীয়া কক্ষলৈ ৰূপান্তৰ আদি সন্দৰ্ভত অথবা অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িয়াই অনা মালবাহী গাড়ী সম্পৰ্কে সোধা বুলি জানিবপৰা গৈছে। সামাজিক মাধ্যমযোগেও এই তথ্যসমূহ ডাঙি ধৰিবলৈ বিচৰা হৈছে।

১৩৮ নম্বৰত লাভ কৰা কলসমূহ ভৌগোলিকভাৱে সীমাৱদ্ধ। অৰ্থা ১৩৮ ত কল কৰিলে ওচৰৰ ৰে’ল ষ্টে’শ্যনত উঠাব আৰু স্থানীয় ভাষাত স্থানীয় সমস্যাৰ সমাধান লাভ কৰিব।

এটা কথা উল্লেখনীয় যে ভাৰতীয় ৰে’ল বিভাগে যাত্ৰী আৰু ব্যৱসায়ৰ লগত জড়িতসকলৰ সুবিধাৰ্থে তথা ৰাষ্ট্ৰীয় যোগান শৃংখল অবিৰতভাৱে চলাই ৰাখিবলৈ সকলো সাম্ভাৱ্য প্ৰচেষ্টা হাতত লৈছে।

****

SG/MKV/PRK



(Release ID: 1613314) Visitor Counter : 175