আয়ুষ

ক’ভিড-১৯ৰ সংকটৰ সময়ছোৱাত স্ব-পৰিচৰ্যাৰ বাবে ৰোগ প্ৰতিৰোধাত্মক ক্ষমতা বৃদ্ধিৰ উপায় আয়ুসৰ

Posted On: 10 APR 2020 9:38PM by PIB Guwahati

আয়ুস মন্ত্ৰালয়ে আয়ুৰ্বেদৰ জৰিয়তে ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধিৰ বাবে কেতবোৰ পৰামৰ্শ জাৰি কৰিছে৷ এই পৰামৰ্শৱলী ৩১ মাৰ্চ ২০০২ তাৰিখে পাঁচটা ব্যাপক বিষয়ৰ ওপৰত ভিত্তি কৰি জাৰি কৰা হৈছিল৷

১.  পৰামৰ্শ জাৰি কৰা পটভূমিঃ

আয়ুৰ্বেদিক জীৱন বিজ্ঞান হোৱা হেতুকে সুন্দৰ জীৱন শৈলীৰ বাবে ই প্ৰকৃতিৰ উপহাৰসমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰে৷ আয়ুস মন্ত্ৰালয়ে কিছুমান স্ব-পৰিচৰ্যাৰ পৰামৰ্শৱলী আগবঢ়াইছে৷ উদ্ধৃত পৰামৰ্শৱলীসমূহ আয়ুৰ্বেদিক সাহিত্য আৰু বিজ্ঞানমূলক প্ৰকাশনৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে৷

 

 

২. ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি কৰাৰ বাবে সাধাৰণ প্ৰক্ৰিয়াসমূহ

ক. গোটেই দিনটো গৰম পানী পান কৰক৷

খ. আয়ুস মন্ত্ৰালয়ৰ পৰামৰ্শ অনুসৰি প্ৰতিদনে অতিকমেও ৩০ মিনিট যোগাসন, প্ৰাণায়াম আৰু ধ্যানৰ অভ্যাস কৰক৷

গ. খাদ্য প্ৰস্তুতিত হালধি, জিৰা, ধনিয়া আৰু নহৰুৰ দৰে মছলাসমূহৰ ব্যৱহাৰৰ পৰামৰ্শ দিয়া হৈছে৷

 

৩. ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি কৰাৰ বাবে আয়ুৰ্বেদিক উপায়

ক. প্ৰতিদিনে ৰাতিপুৱা ১ চামুচ অৰ্থাৎ ১০ গ্ৰাম চ্যৱনপ্ৰাশ খাওক৷ মধুমেহৰ ৰোগীয়ে ছুগাৰফ্ৰী চ্যৱনপ্ৰাশ খাব লাগে৷

খ. তুলসী, দালচেনী, কলা জালুক, শুকান আদাৰে বনোৱা হাৰ্বেল টী এবাৰ বা দুবাৰ গ্ৰহণ কৰক৷ যদি আৱশ্যক হয় তেন্তে নিজৰ সোৱাদ অনুসৰি গুড় অথবা সতেজ নেমুৰ ৰসো মিহলাব পাৰে৷

গ. সোণালী গাখীৰ- ১৫০ মিলিলিটাৰ গৰম গাখীৰত আধা চামুচ হালধী পাউডাৰ দিনত এবাৰ বা দুবাৰ খাওক৷

 

 

৪. সৰল আয়ুৰ্বেদিক প্ৰক্ৰিয়াসমূহ

ক. নাকৰ অনুপ্ৰয়োগ- পুৱা আৰু সন্ধিয়া নাকৰ ফুটাত তিলৰ তেল/নাৰিকলৰ তেল অথবা ঘিউ লগাওক৷

খ. অইল পুলিং থেৰাপী- ১ চামুচ তিল অথবা নাৰিকলৰ তেল মুখত লওক৷ সেয়া ডিঙিৰ ভিতৰলৈ যাবলৈ নিদিয়াকৈ ২ৰ পৰা ৩ মিনিটলৈ মুখতে কুলিকুলি কৰক আৰু পেলাই দিয়ক৷ ইয়াৰ পিছত গৰম পানীৰে কুলিকুলি কৰক৷ এনেকুৱা দিনত এবাৰ বা দুবাৰ কৰিব পাৰে৷

 

৫. শুকান কাহ/ডিঙিত ব্যাথা হোৱাৰ সময়ত

ক. সতেজ পদিনাৰ পাত অথবা আজৱাইনৰ সৈতে দিন এবাৰ বাষ্প গ্ৰহণ কৰিব পাৰি৷

খ. কাহ অথবা ডিঙি জ্বলা-পোৰা কৰিলে লং পাউডাৰ গুড়/মৌৰ সৈতে মিলাই দিনত ২ বা ৩ বাৰ খাব পাৰি৷

গ. এই উপায় সাধাৰণতে সামান্য শুকান কাহ আৰু ডিঙিত হোৱা সুৰসুৰণিৰ বাবেহে৷ কিন্তু এই লক্ষণ দীঘলীয়া হ’লে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত৷

উল্লিখিত পৰামৰ্শৱলীৰ বাহিৰেও আয়ুস মন্ত্ৰালয়ে সমগ্ৰ দেশৰ জিলাসমূহত জিলাভিত্তিক আকস্মিক পৰিকল্পনাসমূহত আয়ুস সমাধান অন্তৰ্ভুক্ত কৰাৰ বাবে প্ৰস্তাৱনা দাখিল কৰিছে৷

***

RJ/SK/MANN



(Release ID: 1613181) Visitor Counter : 416