প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

জাপানৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ টেলিফোনিক বাৰ্তালাপ

Posted On: 10 APR 2020 3:05PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জাপানৰ প্ৰধানমন্ত্ৰী শ্বিনজো আবেৰ সৈতে টেলিফোনত বাৰ্তালাপ কৰে৷ দুয়োগৰাকী নেতাই ক’ভিড-১৯ৰ ফলত সৃষ্টি হোৱা বিশ্বজনীন স্বাস্থ্য আৰু অৰ্থনৈতিক প্ৰত্যাহ্বানসমূহৰ বিষয়ে আলোচনা কৰে৷ দুয়োগৰাকী নেতই নিজৰ নিজৰ দেশত গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়েও উল্লেখ কৰে৷

সংকটৰ এই সময়ছোৱাত দুয়োখন দেশে পৰস্পৰৰ নাগৰিকৰ প্ৰতি প্ৰদৰ্শন কৰা সহানুভূতিমূলক সমৰ্থনত নেতা দুগৰাকীয়ে সন্তুষ্টি প্ৰকাশ কৰে৷

এই মহামাৰী প্ৰতিৰোধ কৰিবলৈ ভাৰত-জাপানৰ সহযোগিতাই এক উল্লেখযোগ্য ভূমিকা পালন কৰিব পাৰে বুলি দুয়োগৰাকী নেতাই সহমত পোষণ কৰে৷

 

****

VRRK/KP/MANN



(Release ID: 1612950) Visitor Counter : 146