বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

SCTIMST ৰ বিজ্ঞানীয়ে সাজি উলিয়াইছে সংক্ৰমিত থুঁ-খেকাৰৰ সুৰক্ষিত ব্যৱস্থাপনাৰ বাবে বিশেষ শোষক সামগ্ৰী

ডিএছটিৰ সচিব, অধ্যাপক আশুতোষ শৰ্মাই কয়, “সংক্ৰমিত ব্যক্তিৰ থুঁ-খেকাৰবোৰ জ্বলাই দিয়াৰ পূৰ্বে তাৰ সুৰক্ষিত সংগ্ৰহ, জমাকৰণ আৰু আছুতীয়াকৈ ৰখাৰ বাবে সংক্ৰমণ প্ৰতিৰোধী সামগ্ৰীৰে প্ৰস্তুত কৰা এক অনবদ্য শোষক জেল হৈছে এক অতি উপযোগী উপাদান।”


সামগ্ৰীবিধৰ নাম দিয়া হৈছে ‘চিত্ৰা এক্ৰিল’জ’ৰ্ব ছেক্ৰেশ্যন ছ’লিডিফিকেশ্যন ছিষ্টেম’

Posted On: 09 APR 2020 10:33AM by PIB Guwahati

ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ অধীনৰ এক স্বতন্ত্ৰ সংস্থা শ্ৰী চিত্ৰা তিৰুনাল ইনষ্টিটিউট ফৰ মেডিকেস ছায়েন্সেজ এণ্ড টেকন’ল’জী চমুকৈ SCTIMST ৰ বিজ্ঞানীসকলে এক অতি উচ্চ কাৰ্যকৰী ছুপাৰ-এবজৰ্বেণ্ট বা বিশেষ শোষক সামগ্ৰী প্ৰস্তুত কৰি উলিয়াইছে। উল্লেখ্য যে এই সামগ্ৰীবিধ সংক্ৰমিত ব্যক্তিৰ থুঁ-খেকাৰ বা ব’মিৰ সুৰক্ষিত ব্যৱস্থাপনাৰ বাবে এই দেহৰ পৰা নিৰ্গত জুলীয়া সামগ্ৰীবোৰ গোট মৰাবৰ বাবে আৰু সংক্ৰমণমুক্ত কৰিবৰ বাবে ব্যৱহাৰ কৰা হ’ব।

 

এই সামগ্ৰী বিধৰ নাম দিয়া হৈছে চিত্ৰা এক্ৰিল’জ’ৰ্ব ছেক্ৰেশ্যন ছ’লিডিফিকেশ্যন ছিষ্টেম। ইয়াক প্ৰস্তুত কৰি উলিয়াইছে SCTIMST ৰ বায়’মেডিকেল টেকন’ল’জী শাখাৰ বায়’মেটেৰিয়েল ছায়েন্স বিভাগৰ ড. মঞ্জু এছ আৰু ড. মনোজ কোমাথে।

 

এই সামগ্ৰীবিধ সন্দৰ্ভত ডিএছটিৰ সচিব অধ্যাপক আশুতোষ শৰ্মাই কয়, “ৰোগীৰ দেহৰ পৰা নিসৃত জুলীয়া সামগ্ৰীৰ সুৰক্ষিত নিষ্কাশন অত্যন্ত গুৰুত্বপূৰ্ণ দিশ। সংক্ৰমিত ব্যক্তিৰ থুঁ-খেকাৰবোৰ জ্বলাই দিয়াৰ পূৰ্বে তাৰ সুৰক্ষিত সংগ্ৰহ, জমাকৰণ আৰু আছুতীয়াকৈ ৰখাৰ বাবে সংক্ৰমণ প্ৰতিৰোধী সামগ্ৰীৰে প্ৰস্তুত কৰা এক অনবদ্য শোষক জেল হৈছে এক অতি উপযোগী উপাদান।”

 

উল্লেখ্য যে সংক্ৰমিত ব্যক্তিৰ দেহৰ পৰা ওলোৱা থুঁ-খেকাৰ তথা ব’মি আদি জুলীয়া নিৰ্যাস নিষ্কাশনৰ সুব্যৱস্থাপনা প্ৰতিখন চিকিৎসালয়ৰ বাবেই এক বৃহৎ প্ৰত্যাহ্বান হিচাপে থিয় দিছে। বিশেষকৈ ক’ভিড-১৯ এ সমগ্ৰ বিশ্ব তথা দেশতে মহামাৰীৰ ৰূপ ধাৰণ কৰাৰ সময়ত ৰোগীৰ দেহৰ এইবোৰ সামগ্ৰীয়ে স্বাভাৱিকতেই ব্যাপক আহুকালৰ সৃষ্টি কৰিছে। এইসমূহৰ সংগ্ৰহ আৰু নিষ্কাশনৰ কামে নাৰ্ছ তথা চাফাইকৰ্মীসকলক ব্যাপক শংকাত পেলাব পাৰে।

 

(সবিশেষ জানিবৰ বাবে যোগাযোগ কৰক – স্বপ্না ভামাদেৱন, পিআৰঅ’, SCTIMST, ফোন - 9656815943, ইমেইল - pro@sctimst.ac.in)

 

ছবি: এক্ৰিল’জ’ৰ্বেৰে শোষণ কৰি উলিওৱা ব্যৱস্থা

ছবি: এক্ৰিল’জ’ৰ্বেৰে নিষ্কাশন কৰা থুঁখিনি

 

 

*****

KGS/(DST)/RD 



(Release ID: 1612557) Visitor Counter : 210