গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়
লকডাউন সত্ত্বেও ১৪ দিনত ২০.১৯ লাখ মেট্ৰিক টন খাদ্যসামগ্ৰী স্থানান্তৰ এফচিআইৰ
২৪ মাৰ্চৰ পৰা দেশৰ বিভিন্ন প্ৰান্তলৈ ৭২১ ৰেক খাদ্যবস্তু প্ৰেৰণ
Posted On:
07 APR 2020 8:59PM by PIB Guwahati
ভাৰতীয় খাদ্য নিগম চমুকৈ এফচিআইয়ে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা কাৰ্যকৰীভাৱে ৰূপায়িত কৰিবৰ বাবে সমগ্ৰ দেশৰ বিভিন্ন প্ৰান্তলৈ প্ৰেৰণ কৰিছে পৰ্যাপ্ত পৰিমাণৰ খাদ্য সামগ্ৰী। উল্লেখ্য যে এই যোজনাৰ অধীনত প্ৰতিগৰাকী লোকে পৰৱৰ্তী তিনিমাহৰ বাবে মাহেকত পাচ কিলোগ্ৰামকৈ খাদ্য সামগ্ৰী লাভ কৰিব। হিতাধিকাৰীসকলে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত এই খাদ্য সামগ্ৰীখিনি লাভ কৰিব। এই আঁচনিৰ অধীনত ভাৰতীয় খাদ্য নিগমৰ পৰা ইতিমধ্যেই বিভিন্ন ৰাজ্য যেনে উত্তৰ প্ৰদেশ, বিহাৰ, তেলেংগানা, অসম, হিমাচল প্ৰদেশ, মেঘালয়, ছিকিম, উত্তৰাখণ্ড, মহাৰাষ্ট্ৰ, গুজৰাট, হাৰিয়ানা, কেৰেলা, মিজোৰামে খাদ্যবস্তু সংগ্ৰহৰ কাম আৰম্ভ কৰিছে। এই যোজনাৰ অধীনত পৰৱৰ্তী কেইটামান দিনৰ ভিতৰতে দেশৰ আন আন ৰাজ্যসমূহেও খাদ্যবস্তু সংগ্ৰহৰ কাম আৰম্ভ কৰিব। লকডাউনৰ সময়ছোৱাত দেশৰ প্ৰতিটো প্ৰান্ততে যাতে খাদ্যবস্তুৰ উপলব্ধতা পৰ্যাপ্ত পৰিমাণৰ থাকে সেয়া নিশ্চিত কৰিবলৈ ভাৰতীয় খাদ্য নিগমে দিনে নিশাই অবিৰতভাৱে কাম কৰি আছে। বিগত ১৪ টা দিনত, অৰ্থাৎ ক’ভিড-১৯ প্ৰতিহত কৰিবৰ বাবে লকডাউন ঘোষণা কৰা দিনটো ২৪ মাৰ্চৰ পৰাই এফচিআইয়ে প্ৰতিদিনেই গড়ে ১.৪৪ লাখ মেট্ৰিক টন খাদ্য সামগ্ৰী প্ৰেৰণ কৰি আছে। তাৎপৰ্যপূৰ্ণভাৱে লকডাউনৰ পূৰ্বে অৰ্থাৎ সাধাৰণ দিনত এফচিআইয়ে প্ৰতিদিনে প্ৰৰেণ কৰে গড়ে ০.৮ লাখ মেট্ৰিক টন খাদ্য। ৬ এপ্ৰিল তাৰিখলৈ এফচিআইয়ে সৰ্বমুঠ ৬৫৮ ৰেক খাদ্য সামগ্ৰী অৰ্থাৎ ১৮.৪২ লাখ মেট্ৰিক টন খাদ্য সামগ্ৰী দেশৰ বিভিন্ন প্ৰান্তলৈ প্ৰেৰণ কৰিছে। ইফালে আজি ৬৩ ৰেক খাদ্যসামগ্ৰী সন্নিৱিষ্ট ১.৭৬ লাখ মেট্ৰিকটন খাদ্য সামগ্ৰী প্ৰেৰণ কৰা হৈছে।
ইয়াৰ উপৰিও ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত খাদ্য সামগ্ৰীৰ নিয়মিত প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ আৰু প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ অধীনত অনুমোদিত সামগ্ৰীৰ বাবে ভাৰতীয় খাদ্য নিগমে কোনোধৰণৰ ই-ৰুটৰ আশ্ৰয় নোলোৱাকৈ ৰাজ্য চৰকাৰলৈ আটা আৰু চাউল পোনপটীয়াকৈ প্ৰেৰণ কৰি আহিছে। খাদ্য সামগ্ৰীৰ অবিৰত যোগান নিশ্চিত কৰিবলৈ এই খাদ্য সামগ্ৰীখিনি মুকলি বজাৰৰ দৰতেই বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। এই পৰ্যন্ত এফচিআইয়ে এইটো পদ্ধতিৰে ১.৩৮ লাখ মেট্ৰিক টন আটা ১৩ খন ৰাজ্যলৈ প্ৰেৰণ কৰিছে আৰু ৮ খন ৰাজ্যলৈ প্ৰেৰণ কৰিছে ১.৩২ লাখ মেট্ৰিক টন চাউল।
এই সময়ছোৱাত লোড কৰা আৰু আনলোড কৰা খাদ্য সামগ্ৰীৰ পৰিমাণৰ সবিশেষ তলৰ লিংকত উপলব্ধ হৈছে -
- লকডাউনৰ সময়ছোৱাত লোড হৈ থকা ৰেকৰ ৰাজ্যভিত্তিক সবিশেষ
- লকডাউনৰ সময়ছোৱাত আনলোড কৰা ৰেকৰ ৰাজ্যভিত্তিক সবিশেষ
*****
APS/PK/MS/BA/RD
(Release ID: 1612192)