প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ওমানৰ চুলতানৰ সৈতে প্ৰধানমন্ত্ৰীৰ টেলিফোনিক বাৰ্তালাপ

Posted On: 07 APR 2020 5:43PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ওমানৰ চুলতান হাইথাম বিন তাৰিকৰ সৈতে টেলিফোনেৰে বাৰ্তালাপ কৰে৷ দুয়োগৰাকী নেতাই ক’ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত উদ্ভৱ হোৱা স্বাস্থ্য আৰু অৰ্থনৈতিক প্ৰত্যাহ্বানসমূহৰ বিষয়ে আলোচনা কৰে৷ এই সংকটৰ সময়ছোৱাত দুয়োগৰাকী নেতাই পৰস্পৰে পৰস্পৰক সাম্ভাৱ্য সহায়-সহযোগিতা আগবঢ়াব বুলি মত পোষণ কৰে৷

চুলতানগৰাকীয়ে ওমানত থকা ভাৰতীয় সম্প্ৰদায়ৰ সুৰক্ষা আৰু কল্যাণৰ নিশ্চিতি প্ৰদান কৰে৷ তাৰোপৰি ভাৰতত থকা ওমানী নাগৰিকসকলে লাভ কৰা ভাৰত চৰকাৰৰ সাহায্যৰ বাবেও তেওঁ প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে৷

 

*****

VRRK/VJ/MANN



(Release ID: 1612006) Visitor Counter : 164