প্ৰতিৰক্ষা মন্ত্ৰালয়

ক’ভিড-১৯ মহামাৰীৰ সময়ত এনচিচি যোগদান কাৰ্যসূচীৰ অধীনত জনসাধাৰণক সেৱা আগবঢ়োৱাৰ কাম আৰম্ভ কৰিলে এন চি চি কেডেটসকলে

Posted On: 06 APR 2020 3:58PM by PIB Guwahati

ভিড-১৯ মহামাৰীৰ বিৰোধী যুঁজত আৰক্ষী আৰু অসামৰিক প্ৰশাসনে ৰাষ্ট্ৰীয় কেডেট কৰ্পছৰ(এন চি চি) ছিনিয়ৰ ডিভিজনৰ সদস্যসকলক কাম লোৱা আৰম্ভ কৰিছে৷ এওঁলোকৰ ভিতৰত কোনো কোনোৱে আজিৰে পৰাই কাম আৰম্ভ কৰিছে৷এন চি চি যোগদান কাৰ্যসুচী অধীনত প্ৰতিৰক্ষা মন্ত্ৰালয়ে যোৱা সপ্তাহত এন চি চি কেডেটসকলক সাময়িকভাৱে কাম কৰাৰ সুযোগ দিছে। এই কেডেটসকলে ৰাজ্য আৰু পৌৰসভাসমূহত সাহায্য সামগ্ৰী বিতৰণত সহায় কৰিব৷

 

কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখ প্ৰশাসনে জন কেডেট বিচাৰিছিল৷ এওলোকে যোগান ব্যৱস্থাপনাৰ কামত প্ৰশাসনক সহায় কৰিব৷ নিমুচ আৰক্ষী পৰিদৰ্শকে মধ্যপ্ৰদেশ আৰু ছত্তীশগড় সঞ্চালকালয়ক যোগান আৰু যান-বাহন চলাচল ব্যৱস্থাপনাৰ কামৰ বাবে ২৪৫ জন কেডেট পঠোৱাৰ অনুৰোধ জনাইছে৷ ৭গৰাকী মহিলাসহ ৬৪জন ছিনিয়ৰ ডিভিজনৰ কেডেটে ইতিমধ্যে কাম আৰম্ভ কৰিছে৷ বিলাসপুৰৰ উপাযুক্তই কভিড-১৯ মোকাবিলাৰ কামৰ বাবে এন চি চি স্বেচ্ছাসেৱক কেডেট দিয়াৰ আহ্বান জনাইছে।

 

হিমাচল প্ৰদেশৰ কাংৰা জিলাপ্ৰশাসন, চহৰাঞ্চলত সামাজিক দুৰত্ব বজাই ৰখাৰ বাবে পাঞ্জাৱ, হৰিয়ানা, হিমাচলপ্ৰদেশ আৰু চণ্ডীগড় সঞ্চালকালয়ক ৮৬গৰাকী কেডেট পঠোৱাৰ অনুৰোধ জনাইছে। এই সকল কেডেটক ১৪ এপ্রিললৈকে কামত লগোৱা ব৷

 

তামিলনাডুৰ কাঞ্চিপুৰম জিলা আৰক্ষীয়ে সমন্বয়ৰক্ষী বিষয়ালৈ এন চি চি কেডেট বিচাৰি আবেদন জনাইছে। ২গৰাকী মহিলাসহ ৫৭গৰাকী কেডেটে ইতিমধ্যে কাম আৰম্ভ কৰিছে৷ তামিলনাডু, পুডুচেৰী আৰু আন্দামান আৰু নিকোবৰ সঞ্চালকালয়ে তামিলনাডুত ৭৫গৰাকী আৰু পুডুচেৰীত ৫৭গৰাকী কেডেট নিয়োগ কৰিছে৷

 

উত্তৰ প্ৰদেশৰ গোৰখপুৰৰ এন চি চি গ্রুপ মুখ্য কাৰ্যালয়লৈ বলৰামপুৰ জিলাপ্ৰশাসনে যথেষ্টসংখ্যক স্বেচ্ছাসেৱক বিচাৰি আবেদন কৰিছে৷ ইয়াৰে কেইজনমানে ইতিমধ্যে কামো আৰম্ভ কৰিছে৷

 

মেঘালয়ৰ ইষ্ট খাচী হিলছ জিলাত ৮০গৰাকী কেডেটে ৰেচন বিতৰণ আৰু অনাময়ৰ কামত আৰক্ষীক সহযোগিতা আগবঢ়াইছে৷ তেওঁলোকে আজিৰে পৰা বুধবাৰলৈকে এই কাম কৰিব৷

এই কেডেটসকলে সাহায্য বিতৰণ, যান-বাহন চলাচল ব্যৱস্থাপনা, চিচিটিভি নিয়ন্ত্ৰণকক্ষত নিৰীক্ষণ কৰাৰ দৰে কাম কৰিব৷ ৰাজ্য চৰকাৰ আৰু জিলা প্ৰশাসনে স্বেচ্ছাসেৱী কেডেটসকলৰ কামত লগাব বিচাৰিলে ৰাজ্যিক পৰ্যায়ৰ এনচিচি সঞ্চালকালয়ৰ ওচৰত আবেদন কৰিব লাগিব৷ কেডেটসকলক কামত লগোৱাৰ বাবে প্ৰয়োজনীয় নির্দেশনা মানি চলিব লাগিব৷

***

ABB/SS/Nampi/KA/DK/Savvy/ADA/DB 



(Release ID: 1611924) Visitor Counter : 185