গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়

ক’ভিড-১৯ৰ লকডাউনৰ মাজতে ২৪ মাৰ্চৰ পৰা বিগত ১৪ দিনত সমগ্ৰ দেশজুৰি ৬৬২ ৰেকট প্ৰায় ১৮.৫৪লাখ মেট্ৰিক টন খাদ্য সামগ্ৰী সৰবৰাহ কৰিছে এফচিআয়ে

Posted On: 06 APR 2020 8:06PM by PIB Guwahati

সমগ্ৰ দেশত প্ৰধানমন্ত্ৰী গৰীৱ কল্যান অন্ন যোজনা(পিএমজিকেএৱাই) ৰূপায়ণেৰে সকলো ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন (এনএফএছএ)ৰ হিতাধিকাৰীক অহা তিনিমাহলৈ প্ৰতিজন ব্যক্তিৰ বিপৰীতে প্ৰতিমাহত ৫ কিলোগ্ৰামকৈ খাদ্য সামগ্ৰী বিনামুলীয়াকৈ যোগানৰ বাবে ভাৰতীয় খাদ্য নিগমে প্ৰতিখন ৰাজ্যত পৰ্যাপ্ত পৰিমাণে সামগ্ৰী মজুতত বাবে প্ৰেৰণ কৰিছে৷ উত্তৰপ্ৰদেশ, বিহাৰ, তেলেংগানা, অসম, হিমাচলপ্ৰদেশ, মেঘালয়, ছিকিম, উত্তৰাখণ্ড, মহাৰাষ্ট্ৰ, গুজৰাট, হাৰিয়ানা, কেৰালা, মিজোৰামৰ দৰে বহু ৰাজ্যই ইতিমধ্যে এই আঁচনিৰ অধীনত এফচিআইৰ পৰা খাদ্য সামগ্ৰী সংগ্ৰহ কৰিছে৷ ইপিনে, অহা কেইদিনমানৰ ভিতৰত অন্যান্য ৰাজ্যসমূহেও পিএমজিকেএৱাইৰ অধীনত বিতৰণৰ বাবে খাদ্য সামগ্ৰী সংগ্ৰহ কৰিব৷ দেশজোৰা লকডাউনৰ সময়ত দেশৰ সকলো প্ৰান্ততে পৰ্যাপ্ত খাদ্য সামগ্ৰীৰ মজুত নিশ্চিত কৰাৰ বাবে ধাৰাবাহিক প্ৰচেষ্টা গ্ৰহণ কৰিছে এফচিআয়ে৷ ২৪ মাৰ্চত আৰম্ভ হোৱা লকডাউনৰ পৰা বিগত ১৩ দিনত ভাৰতীয় খাদ্য নিগমে দৈনিক গড়ে ১.৪১লাখ মেট্ৰিক টনকৈ খাদ্য সামগ্ৰী পৰিবহণ কৰিছে৷ পূৰ্বতে দৈনিক গড়ে কেৱল ০.৮ লাখ মেট্ৰিক টনকৈ খাদ্য সামগ্ৰী সৰবৰাহ কৰা হৈছিল৷ যোৱা ৫ এপ্ৰিল, ২০২০লৈকে সৰ্বমুঠ ৬০৩ ৰেকত প্ৰায় ১৬.৮৪ লাখ মেট্ৰিকটন খাদ্য সামগ্ৰী পৰিবহণ কৰা হয়৷ আজি ৫৯ ৰেকত প্ৰায় ১.৬৫ লাখ মেট্ৰিকটন খাদ্য সামগ্ৰী পৰিবহণ কৰা হয়৷

 

তদুপৰি, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন(এনএফএছএ) আৰু প্ৰধানমন্ত্ৰী গৰীৱ কল্যান অন্ন যোজনা(পিএমজিকেএৱাই)ৰ অধীনত দৈনিক প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ চাহিদা পুৰণৰ বাবে এফচিআয়ে কোনো ই-নিবিদা নোহোৱাকৈ মুকলি বজাৰৰ জৰিয়তে পোনপটীয়াভাৱে চাউল আৰু আটা যোগান ধৰিছে৷ সংশ্লিষ্ট জিলা দণ্ডাধীশৰ তত্ত্বাৱধানত স্থানীয় আটা মিলসমূহত আটা প্ৰস্তুতৰ দায়িত্ব প্ৰদানেৰে আটাৰ প্ৰয়োজনীয়তা পুৰণ কৰা হৈছে৷ চাউলসমূহ প্ৰতিখন ৰাজ্য চৰকাৰক তেওঁলোকৰ নিজা ব্যৱস্থাৰে বিতৰণ কৰিবলৈ দিয়া হৈছে৷ এই আৰ্হিৰ জৰিয়তে বৰ্তমানলৈকে ১৩খন ৰাজ্যত ১.৩৮লাখ মেট্ৰিক টন আটা আৰু ৮খন ৰাজ্যত ১.৩২ লাখ মেট্ৰিক টন চাউল আৱণ্টন কৰা হৈছে৷

এই সময়ছোৱাত খাদ্য সামগ্ৰীৰ উঠোৱা আৰু নমোৱাৰ সবিশেষ জানিবলৈ তলৰ লিংকত ক্লিক কৰকঃ

  1. লকডাউনৰ সময় ৰাজ্যিকভিত্তিক সামগ্ৰী বোজাই কৰা
  2. লকডাউনৰ সময় ৰাজ্যিকভিত্তিক সামগ্ৰী নমোৱা 

 

*****

APS/PK/MS/BA/DB



(Release ID: 1611848) Visitor Counter : 197