বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

ইনফ্লুৱেঞ্জা, ক’ভিড-১৯ৰ দৰে ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰিব পৰা বহুমুখী বকলা বিকশিত কৰিছে ‘জেএনচিএএছআৰ’-য়ে

‘প্ৰত্যাহ্বানৰ বিপৰীতে উচিত ব্যৱহাৰযোগ্য জ্ঞানৰ বিস্তাৰ কৰাত সফল হৈছে আমাৰ প্ৰতিষ্ঠানসমূহ, ‘জেএনচিএএছআৰ’-ৰ এইবিধ উপকৰণ তাৰেই উত্কৃষ্ট উদাহৰণ’ :বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ সচিব, অধ্যাপক, আশুতোষ শৰ্মা


সাধাৰণ প্ৰযুক্তিৰে বিকশিত হোৱাৰ বাবে এইবিধ উপকৰণ বিকাশৰ বাবে বিশেষ দক্ষতাসম্পন্ন
ব্যক্তিৰ সহায়ৰ প্ৰয়োজন নহ’ব, কভিড-১৯ৰ বিৰুদ্ধে ব্যৱহাৰৰ লক্ষ্যৰে পৰীক্ষণ আৰম্ভ

Posted On: 06 APR 2020 4:12PM by PIB Guwahati

বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধীনস্থ স্বতন্ত্ৰ প্ৰতিষ্ঠান জৱাহৰলাল নেহৰু চেণ্টাৰ ফৰ এডভান্সড ছায়েণ্টিফিক ৰিছাৰ্চ(জেএচিএএছআৰ)য়ে বিকশিত কৰা এবিধ উপকৰণে কভিড-১৯বিৰোধী অভিযানটোলৈ এক আশাৰ বতৰা কঢ়িয়াই আনিছে। শেহতীয়া ভাবে বাংগালোৰস্থিত প্ৰতিষ্ঠানটোৱে বিকশিত কৰা ৰোগৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰিব পৰা এইবিধ এণ্টি মাইক্ৰবিয়েল কোটিং বা আণু-জৈৱিক বিজাণুনাশক বকলাই কাপোৰ, প্লাষ্টিক আদিৰ দৰে সামগ্ৰীৰ উপৰিভাগত থিতাপি লোৱা কভিড-১৯ৰ দৰে বিভিন্ন প্ৰকাৰৰ ভাইৰাছক মাৰিব পাৰে।

তথ্য মতে এইবিধ বকলাই সামগ্ৰীসমহূৰ ওপৰত থিতাপি লোৱা ইনফ্লুৱেঞ্জা ভাইৰাছৰ উপৰি পেথজেনিক বেক্টেৰিয়া আৰু মেথেলিচিয়াম-প্ৰতিৰোধী ষ্টেফীলকাছ ঔৰেয়াছ আৰু ফ্লুকনেজল-প্ৰতিৰোধী চি এলবিকেন্ছ এছপিপি আদিকে ধৰি বিভিন্ন প্ৰকাৰৰ ভেঁকুৰক  সম্পূৰ্ণ ৰূপে মাৰিব পাৰিব দেশৰ কভিড-১৯বিৰোধী অভিযানটোক সহায় কৰিব পৰাকৈ এইবিধ উপকৰণ প্ৰস্তুত কৰাৰ ক্ষেত্ৰত বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধীনস্থ বিজ্ঞান আৰু অভিযান্ত্ৰিক গৱেষণা পৰিষদে উপকৰণবিধৰ পৰৱৰ্তি বিকাশৰ কাম-কাজ আগুৱাই নিয়াৰ বাবে সহযোগিতা আগবঢ়াব।

ইনফ্লুৱেঞ্জা ভাইৰাছ ধ্বংশৰ ক্ষেত্ৰত ১০০শতাংশ সাফল্য প্ৰদৰ্শন কৰা এইবিধ উপকৰণ কভিড-১৯ৰ বিৰুদ্ধেও উপযুক্ত প্ৰতিৰোধক হব বুলি আশা কৰা হৈছে। সাধাৰণ প্ৰযুক্তিৰে বিকশিত হোৱাৰ বাবে এইবিধ উপকৰণৰ বিকাশৰ বাবে বিশেষ দক্ষতাসম্পন্ন ব্যক্তিৰ সহায়ৰো প্ৰয়োজন নহ’ব বুলি কোৱা হৈছে।ৰোনা ভাইৰাছে সৃষ্টি কৰা শেহতীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত যদি এইবিধ বকলাই আশানুৰূপ সক্ৰিয়তা প্ৰদৰ্শন কৰাত সাফল্য দেখুৱাই তেন্তে ব্যক্তিগত প্ৰতিষ্ঠানৰ সহযোগত চিআৰঅ (কনটেক্ট ৰিছাৰ্চ অৰ্গেনাইজেশ্যন)ৰ জৰিয়তে বিশাল পৰিমানে ইয়াক প্ৰস্তুত কৰি মাস্ক, গ্লোভছ, চিকত্সক আদিয়ে ব্যৱহাৰ কৰা গ্ৰাউন আদিৰ দৰে ব্যক্তিগত প্ৰতিৰক্ষামূলক সা-সামগ্ৰীসমূহৰ ওপৰত লগোৱাৰ ব্যৱস্থা কৰিব পৰা যাব। চিকিত্সালয়ৰ পৰিৱেশত বিজাণুৰ দ্বাৰা হব পৰা প্ৰদূষণৰ পৰা চিকিত্সা সা-সামগ্ৰী তথা উপকৰণক সুৰক্ষিত ৰখাৰ বাবেও এইবিধ বকলা ব্যৱহাৰ কৰিব পৰা যাব বুলি আশা কৰা হৈছে।

ইফালে, ‘প্ৰত্যাহ্বানৰ বিপৰীতে উচিত ব্যৱহাৰযোগ্য জ্ঞানৰ বিস্তাৰ কৰাত আমাৰ প্ৰতিষ্ঠানসমূহ সফল হৈছে আৰু শেহতীয়া ভাবে জেএনচিএএছআৰয়ে বিকশিত কৰা এইবিধ উপকৰণ তাৰেই উত্কৃষ্ট উদাহৰণ’ বুলি অভিমত ব্যক্ত কৰিছে বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ সচিব, অধ্যাপক, আশুতোষ শৰ্মাই।

 

অধ্যাপক জয়ন্ত হালদাৰৰ নেতৃত্বত শ্ৰেয়ান ঘোষ, ড০ ৰিয়া মুখাৰ্জী আৰু দেৱজ্যোতি বাসাকৰে গঠিত ‘জেএনচিএএছআৰ’-ৰ এটা গোটে বিকশিত কৰিছে এইবিধ প্ৰযুক্তি। বিজ্ঞানীৰ দলটোৱে উপকৰণ বিধ প্ৰস্তুত কৰাৰ বাবে যুগুতোৱা মিশ্ৰণটো পানী, ইথানল, মিথানল আৰু ক্লোৰোফৰ্মৰ দৰে দ্ৰবণত মিহলি কৰিব পৰা যাব। এই দ্ৰবণত দৈনন্দিন জীৱনত ব্যৱহৃত কাপোৰ-কানি, প্লাষ্টিক, পিভিচি, পলিইউৰেথিন, পলিষ্টাইৰিন আদিৰ দৰে সামগ্ৰী তিয়ালেই এইবোৰৰ ওপৰত মিশ্ৰণটোৰ তৰপ পৰি এক বকলাৰ সৃষ্টি কৰিব। এই বকলাই ইনফ্লুৱেঞ্জা ভাইৰাছ-বিৰোধী আচৰণ প্ৰদৰ্শন কৰাৰ লগতে ৩০মিনিটৰ ভিতৰত ব্যৱহৃত সামগ্ৰীসমূহৰ পৰা সম্পূৰ্ণ ৰূপে বিজাণু ধ্বংস কৰা দক্ষতা প্ৰদৰ্শন কৰিছে। ই বেক্টেৰিয়া আদিৰ দৈহিক বিস্তাৰো বিঘ্নিত কৰি ইহঁতক মৃত্যুৰ মুখলৈ ঠেলি দিব পাৰে।

 

(For further details, contact Dr. Jayanta Haldar, jayanta@jncasr.ac.in, jayanta.jnc[at]gmail[dot]com Mob: 9449019745.)

*****

KGS/(DST)/KB



(Release ID: 1611783) Visitor Counter : 195