ৰেল মন্ত্ৰালয়

২৫০০টা ডবা ‘আইছ’লেশ্যন কক্ষ’লৈ ৰূপান্তৰিত কৰিলে ৰে’ল বিভাগে; কম সময়তে প্ৰাথমিক লক্ষ্যৰ অৰ্দ্ধেক পূৰণ

জৰুৰীকালীণ পৰিস্থিতি চম্ভালিব পৰাকৈ ৪০,০০০বিচনা সাজু

দৈনিক গড়ে ৩৭৫টাকৈ ডবাৰ ৰূপান্তৰ

সমগ্ৰ ভাৰততে অভিযানৰ-ৰূপত বিশেষ তত্পৰতাৰে আগবঢ়িছে কাম

Posted On: 06 APR 2020 12:52PM by PIB Guwahati

ভিড-১৯ৰ বিৰুদ্ধে দেশ জুৰি অব্যাহত থকা অভিযানত সক্ৰিয়তাৰে অংশগ্ৰহণ কৰাৰ বাবে ভাৰতীয় ৰেলে সৰ্বাত্মক প্ৰয়াস চলাইছেএই প্ৰয়াসৰ অংশ হিচাপেই বিভাগটেৱে লক্ষ্য নিৰ্দ্ধাৰণ কৰা ৫০০০টা ডবাৰ ভিতৰৰ ২৫০০টা ডবাক আইছলেশ্যন কক্ষলৈ ৰূপান্তৰিত কৰাৰ কাম ইতিমধ্যে সম্পূৰ্ণ কৰিছে। লক ডাউনৰ সময়চোৱাত প্ৰয়োজনীয় কৰ্মীৰ অভাৱৰ মাজতো ৰেল বিভাগে তেনেই কম সময়তে প্ৰাথমিক লক্ষ্যৰ অৰ্দ্ধেক পূৰণ কৰা কথাক অসাধ্য সাধন বুলি  অভিহিত কৰাৰ লগতে ই বিভাগটোৰ প্ৰচেষ্টাৰ আন্তৰিকতাকে প্ৰতীয়মান কৰিছে বুলিব পাৰি। ইতিমধ্যে ৰূপান্তৰিত কৰা ২৫০০টা ডবাৰ সুবাদত এতিয়া জৰুৰীকালীণ পৰিস্থিতি চম্ভালিব পৰাকৈ ৪০,০০০বিচনা সাজু কৰি তুলিব পৰা গৈছে। এই সম্পৰ্কীয় আৰ্হি প্ৰস্তুত কৰাৰ পিছত এই আৰ্হিলৈ অনুমোদন জনোৱাৰ পিছৰে পৰা মাণ্ডলিক কাৰ্যালয়সমূহৰ অধীনত দ্ৰুত গতিত কাম আগুৱাই নিয়া হৈছে। আজিৰ তাৰিখত দৈনিক গড়ে ৩৭৫টাকৈ ডবাৰ ৰূপান্তৰ সাধন কৰি থকা হৈছে। সম্প্ৰতি দেশৰ ১৩৩স্থানত ডবা-ৰূপান্তৰণৰ কাম চলি আছে। এইদৰে ৰূপান্তৰিত কক্ষসমূহ চিকিত্সা সম্পৰ্কীয় বিধি-পৰামৰ্শৰ আধাৰত প্ৰস্তুত কৰাৰ উপৰি ইয়াত থকিব লগা আক্ৰন্তসকলৰ লগতে চিকিত্সক আৰু চিকিত্সা কৰ্মীসকলৰ বাবে উত্কৃষ্ট কৰি এই কক্ষসমূহ নিৰ্মাণত গুৰুত্ব আৰোপ কৰা হৈছে। সমগ্ৰ ভাৰততে অভিযানৰ-ৰূপত বিশেষ তত্পৰতাৰে এই কাম অব্যাহত ৰখা হৈছে।

****

SG/MKV/KB



(Release ID: 1611671) Visitor Counter : 233