ৰেল মন্ত্ৰালয়
ক’ভিড-১৯ লকডাউনৰ সময়ছোৱাত শক্তি, পৰিবহণ আৰু প্ৰধান আন্তঃগাঁথনি খণ্ডৰ যোগান শৃংখলা অব্যাহত ৰখাৰ নিশ্চিতি প্ৰদান কৰিছে ভাৰতীয় ৰে’লৱেয়ে
২৩ মাৰ্চৰ পৰা ৩ এপ্ৰিল ২০২০ তাৰিখলৈ ৰে’লৱেয়ে কয়লাৰ ২.৫ লাখ ৱাগন আৰু পেট্ৰ’লিয়ামৰ ১৭৭৪২ ৱাগন পৰিবহণ কৰিছে
ৰে’লৱেৰ নিৰৱচ্ছিন্ন প্ৰয়াসৰ বাবে ক’ভিড-১৯ লকডাউন স্বত্বেও শক্তি খণ্ড তথা পেট্ৰ’লিয়াম ডিপোসমূহত মজুত আছে ষ্ট’ক
লকডাউন সম্বন্ধীয় প্ৰত্যাহ্বান স্বত্বেও যোগান ব্যৱস্থা অব্যাহত ৰাখিছে ৰে’লৱে কৰ্মীয়ে
Posted On:
04 APR 2020 4:47PM by PIB Guwahati
ভাৰতীয় ৰে’লৱেয়ে ক’ভিড-১৯ লকডাউনৰ সময়ছোৱাত শক্তি খণ্ড আৰু প্ৰধান আন্তঃগাঁথনিমূলক খণ্ডসমূহৰ প্ৰয়োজনীয় কেঁচামাল আৰু ইন্ধন যোগানৰ বাবে সামগ্ৰীসমূহৰ পৰিবহণ অব্যাহত ৰাখিছে৷ ৰে’লৱেৰ নিৰৱচ্ছিন্ন প্ৰয়াসৰ বাবে ক’ভিড-১৯ লকডাউন স্বত্বেও শক্তি খণ্ড তথা পেট্ৰ’লিয়াম ডিপোসমূহত ষ্ট’ক মজুত আছে৷ বিগত ১২ দিনত, ২৩ মাৰ্চৰ পৰা ৩ এপ্ৰিল ২০২০ তাৰিখলৈ ৰে’লৱেয়ে ২৫০০২০ ৱাগন কয়লা আৰু ১৭৭৪২ ৱাগন পেট্ৰ’লিয়ামজাতীয় সামগ্ৰী পৰিবাহিত কৰিছে৷ সবিশেষ তলত উল্লেখ কৰা হৈছে৷
ক্ৰমিক নং
|
তাৰিখ
|
কয়লাৰ ৱাগনৰ সংখ্যা
|
পেট্ৰ’লিয়ামজাতীয় সামগ্ৰীৰ ৱাগনৰ সংখ্যা
|
1.
|
23.03.2020
|
22473
|
2322
|
2.
|
24.03.2020
|
24207
|
1774
|
3.
|
25.03.2020
|
20418
|
1704
|
4.
|
26.03.2020
|
20784
|
1724
|
5.
|
27.03.2020
|
20488
|
1492
|
6.
|
28.03.2020
|
20519
|
1270
|
7.
|
29.03.2020
|
20904
|
1277
|
8.
|
30.03.2020
|
21628
|
1414
|
9.
|
31.03.2020
|
28861
|
1292
|
10.
|
01.04.2020
|
14078
|
1132
|
11.
|
02.04.2020
|
18186
|
1178
|
12.
|
03.04.2020
|
17474
|
1163
|
|
মুঠ
|
250020
|
17742
|
শক্তি, পৰিবহণ আৰু আন্তঃগাঁথনিমূলক খণ্ডৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহৰ যথাযোগ্য যোগান প্ৰক্ৰিয়া নিৰীক্ষণ কৰিবলৈ ৰে’লৱে মন্ত্ৰালয়ৰ অধীনত এটা জৰুৰীকালীন মালবাহী নিয়ন্ত্ৰণ কেন্দ্ৰই অহৰহ কাম কৰি আছে৷ মালবাহী ৰে’লসমূহৰ সঞ্চালন শীৰ্ষ পৰ্যায়ৰ বিষয়াই নিৰীক্ষণ কৰি আছে৷ বিভিন্ন টাৰ্মিনেল পইণ্টত লোডিং, আনলোডিঙৰ সময়ত উদ্ভৱ হোৱা সমস্যাসমূহ সমাধান কৰা হৈছে৷ ৰে’লৱে মন্ত্ৰালয়ে গৃহ মন্ত্ৰালয়ৰ সহযোগত এই সন্দৰ্ভত নিৰৱচ্ছিন্নভাৱে ৰাজ্য চৰকাৰসমূহত সমন্বয় স্থাপন কৰি আছে৷
****
SG/MKV/MANN
(Release ID: 1611349)
Visitor Counter : 187