নিতি আয়োগ

নিটি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়াৰ নেতৃত্বত ভাৰত চৰকাৰৰ ক্ষমতাসম্পন্ন গোট গঠন

Posted On: 05 APR 2020 10:06AM by PIB Guwahati

ক’ভিড-১৯ সম্পৰ্কীয় বিভিন্ন সঁহাৰিমূলক কাৰ্যাৱলীৰ বাবে ব্যক্তিগত খণ্ড, বেচৰকাৰী সংস্থা আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ সৈতে সমন্বয় ৰক্ষাৰ বাবে গঠন হ’ল ৬ষ্ঠটো ক্ষমতাসম্পন্ন গোট

. নিম্নোক্ত তিনিটা ষ্টেকহোল্ডাৰ গোটৰ সৈতে সমস্যা চিনাক্তকৰণ, সমস্যাবোৰৰ কাৰ্যকৰী সমাধান আৰু পৰিকল্পনা সাজু কৰি তোলা সন্দৰ্ভত থকা বিভিন্ন সমস্যাৰ সমাধান উলিয়াবলৈ কাৰ্যালয় স্মাৰক নং 40-3/2020/DM-I(A), তাৰিখ ২৯/০৩/২০২০ যোগে ষষ্ঠটো ক্ষমতাসম্পন্ন গোট গঠন কৰা হৈছে -

  • i. ৰাষ্ট্ৰসংঘৰ এজেন্সিবোৰ, বিশ্ব বেংক, এছিয়ান ডেভেলপমেণ্ট বেংক
  • ii. ৰাজহুৱা সামাজিক প্ৰতিষ্ঠান আৰু উন্নয়নমূলক অংশীদাৰসকল
  • iii. ঔদ্যোগিত সন্থাবোৰ – চিআইআই, ফিকি (FICCI), এছোছাম (ASSOCHAM), নাছকম (NASSCOM)

ক্ষমতাসম্পন্ন কমিটিৰ সদস্যসকল হৈছে ক্ৰমে অধ্যক্ষ - অমিতাভ কান্ত, মুখ্য কাৰ্যবাহী বিষয়া, নিটি আয়োগ, সদস্য ক্ৰমে ড. বিজয় ৰাঘৱন, পিএছএ; কমল কিশোৰ, সদস্য, এনডিএমএ; সন্দীপ মোহন ভাটনাগৰ, সদস্য, চিবিআইচি; অনিল মালিক, অতিৰিক্ত সচিব, গৃহ মন্ত্ৰালয়; বিক্ৰম দোৰাইস্বামী, অতিৰিক্ত সচিব, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়; পি হৰিশ, অতিৰিক্ত সচিব, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়, গোপাল বাগলে’, যুটীয়া সচিব, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়; ঐশ্বৰ্য্য সিং, উপ-সচিব, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, টিনা ছোনি, উপসচিব, কেবিনেট সচিবালয়; আৰু এই ৬ষ্ঠ ক্ষমতাসম্পন্ন গোটৰ কামসমূহ আগবঢ়াব নিটি আয়োগৰ এছডিজি পৰামৰ্শদাতা সংযুক্তা চমাদ্দাৰে।

. বিভিন্ন ঔদ্যোগিক সংস্থা, আইঅ’ আৰু চিএছঅ’সকলৰ সৈতে বিগত ৩০ মাৰ্চৰ পৰা ৩ এপ্ৰিললৈ ৬ খনকৈ বৈঠক অনুষ্ঠিত হৈছে, এই বৈঠকত তেওঁলোকে সমূখীন হৈ অহা বিভিন্ন সমস্যা, চৰকাৰৰ পৰা তেওঁলোকৰ আশা আকাঙ্খা, অনাগত সপ্তাহকেইটাত তেওঁলোকৰ পৰিকল্পনা, প্ৰস্তাৱিত দিশসমূহৰ প্ৰতি তেওঁলোকৰ সঁহাৰি আদি সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। সংশ্লিষ্ট তিনিওটা গোটেই এই বৈঠকত তেওঁলোকে চৰকাৰৰ পৰা সহায়ৰ প্ৰয়োজন অনুভৱ কৰা দিশবোৰ স্পষ্টভাৱে উনুকিয়াই দিছে আৰু সেইবোৰ দিশত চৰকাৰে বুজ লৈ আছে। ক্ষীপ্ৰ আৰু কাৰ্যকৰী সঁহাৰি তথা সমন্বয় ৰক্ষাৰ বাবে অন্যান্য ক্ষমতাশালী গোটসমূহৰ সৈতেও সংস্পৰ্শ ৰক্ষাৰ কথাও উল্লেখ কৰে তেওঁলোকে। ইতিমধ্যেই ৬ষ্ঠ ক্ষমতাশালী গোটৰ আটাইকেইখন বৈঠকৰে কাৰ্যক্ৰমণিকা মুকলি কৰি দিয়া হৈছে।

৩. আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহ - ৬ষ্ঠ ক্ষমতাশালী গোটটোৱে ভাৰতস্থ ৰাষ্ট্ৰসংঘৰ সমন্বয়ৰক্ষী, আৰু বিশ্ব স্বাস্থ্য সংস্থা, ইউনিচেফ, ইউএনএফপিএ, ইউএনডিপি, আইএলঅ’, ইউ এন অ’মেন, ইউএন-হেবিটেট, এফএঅ’, বিশ্ব বেংক আৰু এছিয়ান ডেভেলপমেণ্ট বেংকৰ ভাৰতৰ মূৰব্বীসকলৰ সৈতে একাধিক বিতং আলোচনাত মিলিত হয়। এই আইঅ’সমূহৰ ওপৰত বিশদভাৱে আলোচনাৰ পিছত তদাৰকী আৰু পৰ্যবেক্ষণ ব্যৱস্থালৈ কাৰিকৰী সাহায্য আগবঢ়োৱা হৈছে, তাৰ লগতে স্বাস্থ্য আৰু পৰিপুষ্টিজনিত সেৱাবোৰৰ শক্তিশালীকৰণ, সামৰ্থ্য উন্নয়ন, বিত্তীয় উৎস আৰু জৰুৰীকালীন সা-সঁজুলিৰে সহায় আদিও আগবঢ়োৱা হৈছে, এইবোৰৰ যোগেদিয়েই ভাৰতস্থিত ৰাষ্ট্ৰসংঘৰ কাৰ্যালয়ে এক যুটীয়া সাহায্য কাৰ্যসূচীৰ পৰিকল্পনা প্ৰস্তুত কৰি নিটি আয়োগক দাখিল কৰিছে, ইয়াতেই বিভিন্ন খণ্ডত আৰু বিভিন্ন ৰাজ্যত, বিশেষকৈ তেওঁলোকে য’ত কেন্দ্ৰীয় মন্ত্ৰালয় আৰু ৰাজ্য চৰকাৰসমূহৰ সৈতে অংশীদাৰীত্ব স্থাপন কৰিছে, তেওঁলোকে কি কি কাম কৰিব আৰু কি কি ফলাফল আগবঢ়াব, সেই সম্পৰ্কে স্পষ্টভাৱে উল্লেখ কৰিছে।

৪. অসামৰিক ৰাজহুৱা অনুষ্ঠান আৰু উন্নয়নমূলক অংশীদাৰসকল

  • i. ৬ষ্ঠ ক্ষমতাশালী গোটটোৱে ৪০ ৰো অধিক আগশাৰীৰ চিএছঅ’ আৰু দেশৰ বিভিন্ন প্ৰান্তত কাম কৰি থকা বেচৰকাৰী সংস্থাৰ উপৰিও বিভিন্ন সমুদায়ৰ সৈতে বিশদ আলোচনাত মিলিত হৈছে। এই সংকটপূৰ্ণ সময়ত এইসকল চিএছঅ’-এ ক্ষেত্ৰভিত্তিক কাম সম্পাদন কৰি থকা অৱস্থাত সমূখীন হোৱা বিভিন্ন প্ৰত্যাহ্বান আৰু সমস্যাৰ বিষয়ে উল্লেখ কৰে আৰু সেইবোৰ দিশ এই ক্ষমতাশালী গোটে সমাধান কৰে।
  • ii. নিটি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়াই নিটি আয়োগৰ দৰ্পন প’ৰ্টেলত পঞ্জীয়ণভুক্ত হৈ থকা ৯২০০০ বেচৰকাৰী সংস্থা বা এনজিঅ’/চিএছঅ’লৈ পত্ৰ লিখি বিভিন্ন হটস্পট চিনাক্ত কৰাৰ উপৰিও স্বেচ্ছাসেৱক আৰু শুশ্ৰূষাকাৰী নিয়োগ কৰাৰ ক্ষেত্ৰত সহায় কৰাৰ আহ্বান জনায়, যাতে তেনেবোৰ স্থানত থকা বয়োজ্যেষ্ঠ লোক, দিব্যাঙ্গ, শিশু, সমকামী লোকসকলক সহায় কৰিব পাৰি, দেশৰ বিভিন্ন স্থানত যাতে ৰোগৰ সংক্ৰমণ ৰোধ, সামাজিক ব্যৱধান বজাই ৰখা, আছুতীয়াকৈ থকা, গৃহহীন লোকক আশ্ৰয় প্ৰদান কৰা, দিনহাজিৰা কৰা লোক আৰু চহৰৰ দৰিদ্ৰ পৰিয়ালবোৰক সহায় কৰা আৰু এই মহামাৰীক প্ৰতিহত কৰিবৰ বাবে সজাগতা সৃষ্টি কৰিব পাৰি তাৰ বাবে সহায় কৰিবলৈও আহ্বান জনায়। ইয়াৰ উপৰিও প্ৰব্ৰজক কৰ্মীসকলৰ বাবে ৰাজহুৱা পাকঘৰ স্থাপনৰ বাবেও সহায় কৰিবলৈ তেওঁলোকক আহ্বান জকনায়।
  • iii. ইয়াৰ উপৰিও মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে দেশৰ সকলো ৰাজ্যৰে মুখ্য সচিবসকললৈ পত্ৰ লিখি জিলা পৰ্যায়ত স্থানীয় প্ৰশাসনক এই এনজিঅ’ আৰু চিএছঅ’সমূহে আগবঢ়োৱা মানৱ উৎসসমূহ কাৰ্যতঃ ব্যৱহাৰ কৰাৰ বাবেও নিৰ্দেশ দিবলৈ আহ্বান জনায়।

৫. ঔদ্যোগিক সংস্থাবোৰ – চিআইআই, ফিকি, এছোচেম, নাচকম আৰু উদ্যোগবোৰৰ প্ৰতিনিধিসকল

  • i. কমিটিখনে ব্যক্তিগত খণ্ড আৰু ষ্টাৰ্ট-আপসমূহৰ মাজত এক ভিন্ন খণ্ডৰ বিষয়ো মুকলি কৰে, যাতে তেওঁলোকৰ সহযোগিতাৰে তেওঁলোকৰ মাজতে চিকিৎসা সংক্ৰান্তীয় সঁজুলি আৰু পিপিই উৎপাদন কৰিব পৰা যায়। এই ক্ষেত্ৰত উদ্ভাৱনীয় চিকিৎসা সংক্ৰান্তীয় সঁজুলি উৎপাদনৰ বাবে ৮ টা ষ্টাৰ্ট-আপে কাম কৰি আছে। চিআইআইৰ শীৰ্ষ ১২ গৰাকী বিষয়া, ফিকিৰ উদ্যোগ অংশীদাৰৰ ১৪ গৰাকী মুখ্য কাৰ্যবাহী বিষয়া, নাচকমৰ শীৰ্ষ প্ৰযুক্তি কোম্পানীৰ ১৪ গৰাকী মুখ্য কাৰ্যবাহী বিষয়াই উত্থাপিত আটাইবোক সমস্যা সম্বন্ধীয় বিষয়ৰ আলোচনাতেই অংশগ্ৰহণ কৰে। পিপিই, ভেণ্টিলেটৰ আৰু চিকিৎসা সংক্ৰান্তীয় সা-সঁজুলিৰ বাবে প্ৰয়োজনীয় মূল্যসূচী প্ৰস্তুতকৰণৰ পৰাআৰম্ভ কৰি চাহিদা পূৰণৰ বাবে ঘৰুৱা উৎপাদন বৃদ্ধি, যোডগান শৃংখলা ব্যৱস্থাপনা সংক্ৰান্তীয় সমস্যা, উদ্ভাৱনীয় প্ৰযুক্তিভিত্তিক সমাধান, প্ৰমাণীকৰণৰ সমস্যা, জিএছটি, আমদানি কৰা উপাদানৰ ক্ষেত্ৰত শুল্ক আৰোপ, আমদানি বা ক্ৰয়ৰ ক্ষেত্ৰত উদ্ভৱ হোৱা সমস্যা, প্ৰশিক্ষণ, লক-ডাউনৰ পিছৰ কাৰ্যাৱলী আদি বিভিন্ন বিষয়ত আলোচনা কৰে তেওঁলোকে।
  • ii. উদ্ভাৱনীয় ভেণ্টিলেটৰ ডিজাইন, পৰীক্ষা সঁজুলি আৰু ট্ৰেকিং সমাধান আদি বিষয়ত কাম কৰি থকা ষ্টাৰ্ট-আপ ক্ৰমে আগৱা (AgVa), বায়’ডিজাইন ইন’ভেশ্যন লেব, কায়েনাট, কিউৰ আলড্ৰ’না মেপছ, এমফাইন, মাইক্ৰ’গো, ষ্টাকুৰ সৈতে পৃথকে পৃথকে যোগাযোগ কৰা হৈছে, বিশেষকৈ তেওঁলোকৰ কৰ্মপৰিসৰ আৰু তেওঁলোকে আগবঢ়াব পৰা অৱদানৰ বিষয়ে জানিবলৈ।
  • iii. ৰাজহুৱা ক্ষেত্ৰত, স্বেচ্ছাই কৰা সহায়, কৰ্প’ৰেট সামাজিক দায়বদ্ধতাৰ অধীনত গ্ৰহণ কৰা বিভিন্ন দিশৰ বিষয়ে উদ্যোগ প্ৰতিনিধিসকলে সবিস্তাৰে উল্লেখ কৰে, স্থানীয় প্ৰশাসনৰ সহযোগত খাদ্য প্ৰস্তুত আৰু বিতৰণৰ বাবে কিদৰে কাম কৰা হৈছে; কিদৰে কাৰখানাবোৰ, চিকিৎসালয় চৌহদ, অতিথিশালাবোৰ কোৰেণ্টাইন আৰু আশ্ৰয়স্থল হিচাপে ব্যৱহাৰ কৰিবৰ বাবে সাজু কৰি ৰখা হৈছে, সেই সন্দৰ্ভতো উল্লেখ কৰে উদ্যোগ প্ৰতিনিধিসকলে।
  • iv. উদ্যোগ প্ৰতিনিধিসকল আৰু ৬ষ্ঠ ক্ষমতাশালী গোটে স্বাস্থ্য খণ্ডটোৱে সমূখীন হৈ অহা বিভিন্ন সমস্যা, ভেণ্টিলেটৰ, পিপিই, পৰীক্ষা কিট আদিৰ উৎপাদন আৰু অৰ্ডাৰ বৃদ্ধিৰ দিশ আদি সন্দৰ্ভত সৃষ্টি হোৱা সমস্যাবোৰ অন্যান্য ক্ষমতাসম্পন্ন গোটৰ সৈতে কেনেদৰে সমাধান কৰিব পাৰি, সেই বিষয়েও আলোচনা কৰে। ইয়াৰ উপৰিও সাহায্য প্ৰদান, পুনঃসংস্থাপন আৰু তথ্য বিতৰণ আদিৰ ক্ষেত্ৰতো সাম্ভাৱ্য পদক্ষেপ সন্দৰ্ভত আলোচনা কৰা হয়।
  • v. এই ৬ষ্ঠ ক্ষমতাশালী গোটে এইপৰ্যন্ত চৰকাৰৰ সঁহাৰি সন্দৰ্ভত সকলো দিশ সকলো ষ্টেকহোল্ডাৰক অৱগত কৰিছে, পিপিই আৰু ভেণ্টিলেটৰ যোগানৰ পৰা আৰম্ভ কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ভুমিকা, সকলো ৰাজ্যৰে মুখ্য সচিবসকলৰ সৈতে যোগাযোগ, ৯২০০০ চিএছঅ’লৈ পত্ৰ প্ৰেৰণ, প্ৰতিগৰাকী ষ্টেকহোল্ডাৰকে ইজনে সিজনৰ সৈতে সম্পৰ্ক স্থাপন কৰা, চৰকাৰৰ সঁহাৰি লাভৰ ক্ষেত্ৰত ব্যক্তিগত খণ্ডই সমূখীন হোৱা বিভিন্ন সমস্যাৰ তাৎক্ষণিক সমাধান আদিলৈ সকলো দিশ এই গোটে অৱগত কৰিছে। ইয়াৰ উপৰিও প্ৰকিউৰমেণ্ট বিষয়ক সমস্যা সমাধান কৰা ৩য় ক্ষমতাশালী গোট, লজিষ্টিক সম্পৰ্কীয় বিষয়ৰ ৫ম ক্ষমতাশালী গোট আৰু অন্যান্য বিভিন্ন ক্ষমতাশালী গোটসমূহৰ সৈতে সংযোগ স্থাপন কৰি উত্থাপিত নিৰ্ধাৰিত সমস্যাসমূহ সমাধানৰো চেষ্টা কৰা হৈছে।

*****

VRRK/KP/RD



(Release ID: 1611345) Visitor Counter : 978