প্ৰতিৰক্ষা মন্ত্ৰালয়

ক’ভিড-১৯ক প্ৰতিহত কৰাৰ দিশত অগ্ৰসৰ প্ৰতিৰক্ষা ৰাজহুৱা খণ্ডৰ উদ্যোগ, অ’এফবি

Posted On: 05 APR 2020 10:38AM by PIB Guwahati

ক’ভিড-১৯ক প্ৰতিহত কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰজোৰা প্ৰয়াসত হাত উজান দিছে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনত প্ৰতিৰক্ষা খণ্ডৰ ৰাজহুৱা উদ্যোগ (ডিপিএছইউ) আৰু অৰ্ডনেন্স ফেক্ট’ৰী ব’ৰ্ডে (অ’এফবি)৷

চিকিৎসা সুবিধাসমূহ

অ’এফবিয়ে দেশৰ ছয়খন ৰাজ্যৰ ১০খন চিকিৎসালয়ত ২৮০খন আইচ’লেচন বেডৰ পৰিকল্পনা কৰিছে৷ অ’এফবিয়ে অৰুণাচল প্ৰদেশৰ চৰকাৰলৈ তৎকালীন জাননীৰ আধাৰত ক’ভিড-১৯ ৰোগীৰ বাবে ৫০টা বিশেষ টেণ্ট প্ৰস্তুত কৰি প্ৰেৰণ কৰিছে৷

ছেনিটাইজাৰ

অ’এফবিৰ কাৰখানাসমূহত ডব্লিউএইচঅ’ৰ মানক অনুসৰি হেণ্ড ছেনিটাইজাৰৰ প্ৰস্তুতিৰ কাম চলি আছে৷ তেওঁলোকে এইচএলএল লাইফকেয়াৰ লিমিটেডৰ (এইচএলএল)ৰ পৰা ১৩,০০০ লিটাৰৰ ছেনিটাইজাৰ প্ৰস্তুতিৰ অৰ্ডাৰ লাভ কৰিছে৷ ৩১ মাৰ্চ ২০২০ তাৰিখে ১,৫০০ লিটাৰৰ প্ৰথম লটটো কৰ্ডাইট ফেক্ট’ৰী আৰুভানকাড়ু (তামিলনাডু)ৰ পৰা প্ৰেৰণ কৰা হৈছে৷ আনহাতে মধ্যপ্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ দুটা কাৰখানাই প্ৰতিদিনে ৩,০০০ লিটাৰকৈ ছেনিটাইজাৰ প্ৰস্তুত কৰি আছে৷

সুৰক্ষাত্মক সঁজুলিঃ কভাৰঅ’ল আৰু মাস্কসমূহ

কানপুৰ, শ্বাহজাহানপুৰ, হজৰতপুৰ (ফিৰোজাবাদ) আৰু চেন্নাইত অৱস্থিত অৰ্ডনেন্স ইকুইপমেণ্ট ফেক্ট’ৰীয়ে কভাৰঅ’ল আৰু মাস্ক প্ৰস্তুতিৰ কামত ব্যস্ত হৈ পৰিছে৷ তেওঁলোকে বিশেষ তাপ ছীলিং যন্ত্ৰৰো ব্যৱস্থা কৰিছে৷

মাস্কসমূহৰ পৰীক্ষণ কইম্বাটুৰৰ ছাউথ ইণ্ডিয়া টেক্সটাইল ৰিচাৰ্ছ এছ’চিয়েচন (এছআইটিআৰএ)ত চলি আছে৷ অ’এফবিয়ে প্ৰতি সপ্তাহত ৫,০০০ৰ পৰা ৬,০০০লৈ কভাৰঅ’ল উৎপাদন কৰি আছে৷

ভেণ্টিলেটৰ

ভাৰত ইলেক্ট’নিক্স লিমিটেডে (বিইএল) স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ অনুৰোধত আগন্তুক দুটা মাহৰ ভিতৰত ৩০,০০০ ভেণ্টিলেটৰৰ নিৰ্মাণ আৰু যোগানৰ অৰ্ডাৰ লাভ কৰিছে৷ এই ভেণ্টিলেটৰসমূহৰ ডিজাইন কৰিছে ডিফেন্স ৰিচাৰ্ছ এণ্ড ডেভেলপমেণ্ট অৰ্গনাইজেছনে আৰু ইয়াৰ উত্তৰণ কৰিছে বিইএলৰ সহযোগিতাত মেচাৰ্ছ স্কেনৰে’, মহীশূৰ শীৰ্ষক উদ্যোগটোৱে৷ মেডকৰ অৰ্ডনেন্স ফেক্টৰীয়ে হায়দৰাবাদৰ চিকিৎসালয়সমূহৰ ভেণ্টিলেটৰৰ পুনৰ নিৰ্মাণৰ দায়িত্ব গ্ৰহণ কৰিছে৷  

 

ABB/SS/Nampi/KA/DK/Savvy/ADA/MANN


(Release ID: 1611301) Visitor Counter : 223