প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ক্ষমতাপ্ৰাপ্ত গোটসমূহৰে বৈঠকত অধ্যক্ষতা প্ৰধানমন্ত্ৰীৰ
ক’ভিড-১৯ৰ মোকাবিলাৰ সন্দৰ্ভত দেশজোৰা প্ৰস্তুতিৰ পৰ্যালোচনা
प्रविष्टि तिथि:
04 APR 2020 3:19PM by PIB Guwahati
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ক্ষমতাপ্রাপ্ত গোটসমূহৰ যুটীয়া বৈঠকত অধ্যক্ষতা কৰে। উল্লেখ্য যে ক’ভিড-১৯ মোকাবিলাৰ বাবে পৰিকল্পনা গ্রহণ আৰু ইয়াৰ ৰূপায়ণ সুনিশ্চিত কৰাৰ বাবে ক্ষমতাপ্রাপ্ত গোট গঠন কৰা হৈছে।
এলানি টুইটত প্রধানমন্ত্রীয়ে কয় যে তেওঁ দেশত হাস্পতাল, আইছ’লেচন আৰু কোৱাৰেণ্টাইন ব্যৱস্থাকে ধৰি ৰোগ প্রতিৰোধত নিৰীক্ষণ, নমুনা পৰীক্ষা আৰু ক্রিটিকেল কেয়াৰৰ প্রশিক্ষণ সম্পর্কীয় যাৱতীয় প্রস্তুতিৰ পর্যালোচনা কৰে। সকলো ধৰণৰ অত্যাৱশ্যকীয় চিকিৎসা সা-সঁজুলিৰ লগতে পিপিই, মাস্ক, হাত মোজা আৰু ভেণ্টিলেটৰৰ পর্যাপ্ত পৰিমাণে উৎপাদন, সংগ্রহ আৰু যোগান নিশ্চিত কৰিবলৈ সংশ্লিষ্ট গোট তথা বিষয়াসকলক নির্দেশ দিয়ে।
******
VRRK/AK/DB
(रिलीज़ आईडी: 1611245)
आगंतुक पटल : 204
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Punjabi
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Kannada
,
Malayalam