বিত্ত মন্ত্ৰালয়

টিডিএছ/টিচিএছ ব্যৱস্থাৰ অনুপালনত জটিলতাৰ সন্মুখীন হোৱা কৰদাতাসকলৰ সুবিধাৰ্থে চিবিডিটিয়ে জাৰি কৰিছে আয়কৰ আইনৰ ১১৯, ১৯৬১ নিৰ্দেশনাৱলী

Posted On: 04 APR 2020 4:38PM by PIB Guwahati

ক’ভিড-১৯ মহামাৰীয়ে সৰ্বত্ৰ ছানি ধৰাৰ সময়তে প্ৰায় সকলো খণ্ডতে সাধাৰণ কৰ্মজীৱন ব্যাহত হৈছে৷ সেয়ে কৰদাতাসকলৰ সুবিধাৰ্থে চিবিডিটিয়ে আয়কৰ আইন, ১৯৬১ৰ অধীনত ১১৯ৰ দ্বাৰা নিম্নোক্ত নিৰ্দেশনাসমূহ জাৰি কৰিছে৷

২০২০-২১ বিত্তীয় বৰ্ষৰ বাবে যিবোৰ মূল্যায়ন কৰ্তাই নিম্ন অথবা শূন্য কৰ্তনৰ টিডিএছ/টিচিএছ ফাইল কৰিছে আৰু যাৰ আবেদন আজিৰ তাৰিখ পৰ্যন্ত নিষ্কাশনৰ বাবে বাকী আছে আৰু তেওঁলোকক ২০১৯-২০ বিত্তীয় বৰ্ষৰ বাবে চাৰ্টিফিকেট জাৰি কৰা হৈছে, তেনে চাৰ্টিফিকেটসমূহ ২০২০-২১ বিত্তীয় বৰ্ষৰ বাবে ৩০.০৬.২০২০ তাৰিখলৈ প্ৰযোজ্য হ’ব অথবা মূল্যায়ক বিষয়াই নিষ্কাশিত কৰিব, যিটো আগেয়ে হয়৷ যদি কোনো ক্ষেত্ৰত মূল্যায়ন কৰ্তাই ২০২০-২১ বিত্তীয় বৰ্ষৰ বাবে নিম্ন অথবা শূন্য কৰ্তনৰ টিডিএছ/টিচিএছ ফাইল কৰিব পৰা নাই কিন্তু ২০১৯-২০ বিত্তীয় বৰ্ষৰ বাবে চাৰ্টিফিকেট আছে, তেনে চাৰ্টিফিকেট ২০২০-২১ বিত্তীয় বৰ্ষৰ ৩০.০৬.২০২০ তাৰিখলৈ প্ৰযোজ্য হ’ব৷

বিত্তীয় বৰ্ষ ২০১৯-২০ৰ নিম্ন/শূন্য হাৰৰ টিডিএছ/টিচিএছৰ বাকী থকা আবেদনসমূহৰ বাবে মূল্যায়ক বিষয়াক ২৭.০৪.২০২০ তাৰিখৰ ভিতৰত নিষ্কাশিত কৰিবলৈ আহ্বান জনোৱা হৈছে যাতে কৰদাতাসকলে অতিৰিক্ত কৰ ভৰিবলগীয়া নহয় (০৩.০৪.২০২০ তাৰিখে জাননী জাৰি কৰা হৈছে)৷

ক্ষুদ্ৰ কৰদাতাসকলৰ জটিলতাৰ প্ৰতি লক্ষ্য ৰাখি এয়া সিদ্ধান্ত লোৱা হৈছে যে যদি কোনো ব্যক্তিয়ে বৈধ ১৫জি আৰু ১৫এইচ বেংক অথবা অন্য প্ৰতিষ্ঠানত ২০১৯-২০ বিত্তীয় বৰ্ষৰ বাবে জমা কৰিছে তেন্তে সেই আবেদন ৩০.০৬.২০২০ তাৰিখলৈ বৈধ হ’ব৷

অধিক জানিবলৈ  www.incometaxindia.gov.in ত ‘মিছেলেনিয়াছ কমিউনিকেচনত’ চাব পাৰে৷

RM/KMN/MANN



(Release ID: 1611134) Visitor Counter : 107