আইন আৰু ন্যায় মন্ত্ৰালয়

ক’ভিড-১৯ মহামাৰীৰ লকডাউনৰ প্ৰতি লক্ষ্য ৰাখি আয়কৰ আপীল ন্যায়াধীকৰণে আৰম্ভ কৰিছে নিয়মীয়া মত বিনিময় কাৰ্যসূচী

পোষ্ট কৰা হৈছে: 03 APR 2020 6:33PM by PIB Guwahati

ভিড-১৯ মহামাৰী প্ৰতিৰোধ কৰাৰ বাবে ২১ দিনীয়া লকডাউনৰ সময়ছোৱাৰ সদ্ব্যৱহাৰ কৰাৰ বাবে নিয়মীয়াকৈ মত বিনিময় কাৰ্যসূচী অনুষ্ঠিত কৰাৰ লক্ষ্যৰে আয়কৰ আপীল ন্যায়াধীকৰণে(আটিএটি) আজি ভিডিঅকনফাৰেসিঙৰ এক শৃংখলা আৰম্ভ কৰে৷ আইটিএটিৰ অধ্যক্ষ ন্যায়াধীশ পিপি ভট্টই ন্যায়াধীকৰণৰ উপাধ্যক্ষ আৰু সদস্যসকলক উদ্দেশ্যি এক বাৰ্তাত কয় যে এই ধৰণৰ বৈঠকত কিদৰে সমস্যাৱলী সমাধানৰ ক্ষেত্ৰত সংস্কাৰৰ লগতে ন্যায়িক নিৰ্দেশৰ মানদণ্ডৰ সংস্কাৰ কৰিব পৰা যায়, সেই সম্পৰ্কীয় চিন্তাধাৰাৰ বিনিময় আৰু ৰণনীতি প্ৰস্তুত কৰিব পৰা যাব৷

 

ন্যায়াধীশ ভট্ৰই লগতে কয় যে সামাজিক দুৰত্ব বজাই ৰাখি সকলো ঘৰতে আৱদ্ধ থাকি চৰকাৰৰ দ্বাৰা ঘোষণা কৰা লকডাউন কঠোৰভাৱে পালন কৰিব পাৰি৷ তেওঁ কয় যে কাৰ্যালয়ত কাম কৰা আৰু সাধাৰণ কৰ্মদিনৰ সমান উপাদনশীলতা বজাই ৰখাটো যথেষ্ট কঠিন হৈছে যদিও আমি এই সময়ছোৱাৰ সদ্ব্যৱহাৰ কৰি নিজৰ দক্ষতা আৰু সক্ষমতা বঢ়োৱাৰ বাবে কাম কৰাটো গুৰুত্বপূৰ্ণ৷

 

ন্যায়াধীশ ভট্ৰই কয়, আমাৰ দৈনন্দিন ন্যায়িক কামৰ বোজাৰ মাজত প্ৰশাসনিক বিষয়, আন্তঃগাঁথনিমুলক সা-সুবিধা, কৰ্মচাৰীৰ অনুশাসনমুলক দিশ ইত্যাদি সমস্যাৱলীৰ সমাধানৰ বাবে পৰ্যাপ্ত সময়ৰ অভাৱ৷ সেইবাবে এই ধৰণৰ কাৰ্যসূচীৰ জৰিয়তে আমাৰ প্ৰশাসনিক কাম-কাজৰ দক্ষতা বৃদ্ধি কৰাত সহায় ব৷"

 

১৩ এপ্ৰিল, সোমবাৰলৈকে সকলো কৰ্মদিনত পৰামৰ্শমুলক ৭টা মত বিনিময় কাৰ্যসূচীৰ বিষয়ত প্ৰভাৱিত ক্ষেত্ৰৰ লগতে অ-প্ৰভাৱিত ক্ষেত্ৰৰ সৈতে জড়িত বিষয়ো অন্তৰ্ভূক্ত কৰা হৈছে আৰু ৰাষ্ট্ৰীয় আৰু আঞ্চলিক পৰ্যায়ত পৃথকে এই কাৰ্যসূচী অনুষ্ঠিত কৰা হ, ত একাধিক প্ৰখ্যাত বিচাৰপীঠৰ সদস্যই অংশগ্ৰহণ কৰিব৷ প্ৰভাৱিত ক্ষেত্ৰত আয়কৰ আৰু সংবদ্ধ আইন অন্তৰ্ভূক্ত কৰাৰ বিপৰীতে অপ্ৰভাৱিত ক্ষেত্ৰত মানসম্পন্ন জীৱন প্ৰণালী, যেনে-স্বাস্থ্য, ধ্যান, সামগ্ৰিক কল্যান ইত্যাদি বিষয়বোৰ সামৰি লোৱা হৈছে৷ সকলো ষ্টেচনৰ সদস্যসকলক আন্তঃগাঁথনিমুলক সা-সুবিধা আৰু প্ৰশাসনিক সমস্যাৰ সৈতে জড়িত স্থানীয় বিষয়বোৰৰ সন্দৰ্ভত নিজৰ মাজত বৈঠক অনুষ্ঠিত কৰাৰ বাবে কোৱা হৈছে৷

 

আলোচনা কৰিবলগীয়া বিষয়বোৰ হৈছেঃ-

১৷ মুল্যায়নৰ ক্ষেত্ৰত জিএএআৰ ব্যৱহাৰত দেখা দিয়া সাধাৰণ বঞ্চনবিৰোধী আইন(জিএএআৰ)

২৷ প্ৰত্যক্ষ কৰ বিবাদ ছে বিশ্বাস আইন, ২০২০ আইটিএটি আৰু আশা-আকাংক্ষা৷

৩৷ বিত্ত আইন, ২০২০ৰ সংশোধন৷

৪৷ বিইপিএছ আৰু আইনী সংশোধনৰ প্ৰতি লক্ষ্য ৰাখি স্থায়ী প্ৰতিষ্ঠান আৰু ব্যৱসায় সম্বন্ধীয় তথা ডিজিটেল অৰ্থনীতিৰ কৰৰ ধাৰণা সলনি কৰা৷

৫৷ ইয়াৰ দ্বাৰা কৰা মুল্যায়নৰ আৰু বিভিন্ন দিশত আইচিডিএছৰ প্ৰভাৱ

মত বিনিময় কাৰ্যসূচীৰ সময়ত আলোচনা কৰিবলগীয়া মুখ্য বিষয়বোৰ হৈছেঃ-

ক৷ ব্যৱসায় সম্বন্ধীয়

খ৷ অনুচ্ছেদ ৯, এফটিএছ আৰু ৰয়েলিটিৰ অন্তৰ্গত আনুমানিক আয়

গ৷ স্থায়ী প্ৰতিষ্ঠান আৰু লাভালাভ সম্বন্ধীয়

ঘ৷ বিষয়ৰ অধ্যয়ন-কেতবোৰ আগতীয়াকৈ লোৱা গুৰুত্বপূৰ্ণ ন্যায়িক সিদ্ধান্তৰ প্ৰভাৱ

৬৷ মুল্যায়ন পুনৰ কৰা আৰু মুল্যায়নৰ পুনৰীক্ষণ

 

মত-বিনিময়ৰ অপ্ৰভাৱিত ক্ষেত্ৰৰ সৈতে জড়িত বিষয়সমূহ হৈছে

১৷ আৰ্ট অফ লিভিং-ইতিবাচক চিন্তাধাৰাৰে মহামাৰী প্ৰতিৰোধী লকডাউনৰ মোকাবিলা কৰা

২৷ ঘৰৰ পৰা কাম (ডব্লিউএফএইচ)কামৰ সৈতে জড়িত জীৱনক সন্তুলন কৰাৰ এক সূযোগ

৩৷ যোগ পৰামৰ্শ

 

আৰম্ভণি কাৰ্যসূচীৰ সম্বোধন কৰি ন্যায়াধীশ ভট্ৰই কয় যে তেওঁ ভাৰতৰ মুখ্য ন্যায়াধীশ ন্যায়ধীশ শাৰদ অৰৱিন্দ ববড়েক আইটিএটিৰ উপাধ্যক্ষ আৰু সদস্যসকলক লৈ এক আলোচনামুলক মত বিনিময় কাৰ্যসূচী অনুষ্ঠিত কৰাৰ বাবে অনুমতি বিচাৰে৷ প্ৰখ্যাত ন্যায়াধীশে পৰৱৰ্তী মত বিনিময় কাৰ্যসূচীসমূহত অংশগ্ৰহণ কৰিব বুলিও ন্যায়াধীশগৰাকীয়ে সদৰি কৰে৷

*****

APS/PK/DB


(ৰিলিজ আই ডি : 1611040) অতিথি কক্ষ : 124
ত এই ৰিলিজটো পঢ়ক: English , हिन्दी , Marathi , Gujarati , Tamil , Telugu