ইলেক্ট্ৰ’নিক্স আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়
ক’ভিড-১৯ মহামাৰী প্ৰতিহত কৰিবলৈ বিভিন্ন উপায় উদ্ধাৱনৰ বাবে অনলাইন হেকাথন ‘হেক দ্য ক্ৰাইছিছ – ইণ্ডিয়া’ মুকলি কৰিলে শ্ৰী সঞ্জয় ধোত্ৰেই
ক’ভিড-১৯ ৰ বিৰুদ্ধে সংগ্ৰাম শক্তিশালী কৰাৰ প্ৰচেষ্টা হেকাথনৰ মাধ্যমেৰে
Posted On:
03 APR 2020 7:46PM by PIB Guwahati
ইলেক্ট্ৰ’নিক্স আৰু তথ্য প্ৰযুক্তি আৰু মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী সঞ্জয় ধোত্ৰেই আজি ‘হেক দ্য ক্ৰাইছিছ-ইণ্ডিয়া’ শীৰ্ষক এক অনলাইন হেকাথন মুকলি কৰে। ক’ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে কাৰ্যকৰী সমাধানসূত্ৰ বিচাৰি উলিওৱাৰ উদ্দেশ্য আগত ৰাখিয়েই এই হেকাথনৰ আয়োজন কৰা হৈছে। উল্লেখ্য যে এই হেকাথন হৈছে ভাৰত চৰকাৰৰ ‘মেইটী’ বা ইলেক্ট্ৰ’নিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ দ্বাৰা সমৰ্থিত আৰু ‘হেক এ কজ-ইণ্ডিয়া’ আৰু ফিকি লেডিজ অৰ্গেনাইজেশ্যন পুনেৰ দ্বাৰা আয়োজিত তথা এক বৈশ্বিক পদক্ষেপৰ অংশ।
এই হেকাথনৰ উদ্দেশ্য হৈছে ক’ভিড-১৯ ৰ বিৰুদ্ধে দেশে চলাই থকা সংগ্ৰামখনক অধিক শক্তিশালী কৰি তোলা। এই হেকাথনত অংশগ্ৰহণ কৰা শীৰ্ষস্থানপ্ৰাপ্ত দলসমূহৰ শ্ৰেষ্ঠতম ধাৰণাসমূহক ক’ৰোনা মহামাৰীৰ বিৰুদ্ধে ৰূপায়নযোগ্য পদক্ষেপ হিচাপে গ্ৰহণ কৰা হ’ব আৰু ভাৰত তথা বিশ্ববাসীক সহায়ৰ বাবে ইয়াক ব্যৱহাৰ কৰা হ’ব।
এই সন্দৰ্ভত মন্তব্য কৰি শ্ৰী সঞ্জয় ধোত্ৰেই কয় যে আজি এই ক’ভিড-১৯ এ সমগ্ৰ বিশ্বৰ সমূখতেই এক বৃহৎ প্ৰত্যাহ্বান থিয় কৰাইছে। আমি এখন দেশ হিচাপে এই প্ৰত্যাহ্বানৰ মোকাবিলা কৰি থাকি, ব্যৱসায়িক প্ৰতিবন্ধকতা সত্ত্বেও আৰু কাম কৰাৰ দুৰ্গমতাৰ দিশবোৰলৈ লক্ষ্য ৰাখিও চৰকাৰ, উদ্যোগ আৰু ব্যক্তি নিৰ্বিশেষে এই পৰিস্থিতিৰ পৰা ওলাই অহাৰ বাবে একেলগে সহায়ৰ হাত আগবঢ়াব লাগে, আৰু তেতিয়াহে বৰ্তমানৰ এনে পৰিস্থিতিৰ পৰা শক্তিশালী ৰূপত আমি ওলাই আহিব পাৰিম আৰু মানৱীয়তাক শক্তিশালী কৰি ৰাখিব পাৰিম।
ইলেক্ট্ৰ’নিক্স আৰু তথ্য প্ৰযুক্তি তথা মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে কয় যে আমাৰ এক বিশ্বাস আছে যে আমি এই প্ৰতিকূল পৰিস্থিতিৰ পৰা মুক্ত হ’মেই আৰু এখন দেশ হিচাপে পূৰ্বতকৈও অধিক শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিব পাৰিম আৰু সামগ্ৰিকভাৱে মানৱীয়তা অটুট থকাত সহায় কৰিব পাৰিম।
মন্ত্ৰী শ্ৰী সঞ্জয় ধোত্ৰেই পুনৰ কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীৰ সবল নেতৃত্বত ভাৰত চৰকাৰে অন্যান্য বিভিন্ন উৎসাহী প্ৰতিষ্ঠানৰ সৈতে লগলাগি ভালেমান পদক্ষেপ মুকলি কৰিছে, যিবোৰৰ যোগেদি সাম্প্ৰতিক পৰিস্থিতিৰ জটিলতা হ্ৰাস কৰিবলৈ বিভিন্ন সমাধানসূত্ৰ বিচাৰি উলিয়াব পাৰে আৰু লগতে এই পৰিস্থিতিৰ পৰা ক্ষীপ্ৰতাৰে ওলাই অহাতো সহায় কৰিব পাৰে।
মন্ত্ৰীগৰাকীয়ে লগতে কয় যে তেওঁৰ গভীৰ বিশ্বাস আছে যে সামাজিক ব্যৱধান এক নতুন ব্যৱস্থা হোৱা সত্ত্বেও স্বাভাৱিক হৈ পৰা এক যুগত, ডিজিটেল সমাধান আৰু ডিজিটেল সামগ্ৰীবোৰে মানৱ প্ৰজাতিক পুনঃসংযোজন কৰিব আৰু ইয়েই অৰ্থনৈতিক ক্ষেত্ৰতো সকলোকে পুনৰ এক নতুন দিশলৈ লৈ যাবলৈ সক্ষম হ’ব।
শ্ৰী সঞ্জয় ধোত্ৰেই গুৰুত্ব প্ৰদান কৰি কয় যে ক’ভিড-১৯ মহামাৰী প্ৰতিহত কৰিবৰ বাবে শ্ৰেষ্ঠতম কাৰ্যকৰী উপায় উদ্ভাৱনৰ বাবে এই ‘হেক দ্য ক্ৰাইছিছ – ইণ্ডিয়া’ শীৰ্ষক অনলাইন হেকাথন মুকলি কৰিবলৈ পাই সন্মানিত বোধ কৰিছে তেওঁ। উল্লেখ্য যে এই হেকাথন হৈছে ভাৰত চৰকাৰৰ ‘মেইটী’ বা ইলেক্ট্ৰ’নিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ দ্বাৰা সমৰ্থিত আৰু ‘হেক এ কজ-ইণ্ডিয়া’ আৰু ফিকি লেডিজ অৰ্গেনাইজেশ্যন পুনেৰ দ্বাৰা আয়োজিত তথা এক বৈশ্বিক পদক্ষেপৰ অংশ।
মন্ত্ৰীগৰাকীয়ে বৰ্ণনা কৰে যে এই হেকাথনৰ মুখ্য উদ্দেশ্যই হৈছে ক’ভিড-১৯ ৰ বিৰুদ্ধে দেশে চলাই থকা সংগ্ৰামখনক আৰু অধিক শক্তিশালী কৰি তোলা। অংশগ্ৰহণকাৰী শীৰ্ষ দলসমূহৰ বিজয়ী ধাৰণাবোৰক ক’ৰোনা মহামাৰীৰ বিৰুদ্ধে ৰূপায়নযোগ্য পদক্ষেপ হিচাপে গ্ৰহণ কৰা হ’ব আৰু ভাৰত তথা বিশ্ববাসীক সহায়ৰ বাবে ইয়াক ব্যৱহাৰ কৰা হ’ব।
শ্ৰী সঞ্জয় ধোত্ৰেই পুনৰ কয় যে এই ৪৮ ঘণ্টীয়া হেকাথনত ভাৰত, ইষ্টোনিয়া আৰু ফিনলেণ্ডৰ বিশেষজ্ঞৰ তত্বাৱধানত ২০০০ ৰো অধিক দল তথা ১৫০০০ ৰো অধিক অংশগ্ৰহণকাৰীয়ে নিজ নিজ উদ্ভাৱনেৰে অংশগ্ৰহণ কৰিব। ভাৰতৰ শীৰ্ষ দলসমূহেকেইসপ্তাহমান পিছতেই অনুষ্ঠিতব্য ‘হেক-দ্য ক্ৰাইছিছ – ৱৰ্ল্ড’ শীৰ্ষক হেকাথনত অংশগ্ৰহণ কৰিব।
ইলেক্ট্ৰ’নিক্স আৰু তথ্য প্ৰযুক্তি তথা মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে নিশ্চিতি দি কয় যে অতীজৰে পৰা মানৱ সভ্যতাই ভালেমান প্ৰত্যাহ্বানৰ মুখামুখি হৈ আহিছে আৰু মই নিশ্চিত যে এইবাৰো আমি একত্ৰিত হৈ বিপদক সুযোগলৈ পৰিৱৰ্তিত কৰি এই ক’ভিড-১৯ মহামাৰীৰ প্ৰত্যাহ্বান ওফৰাবলৈ সক্ষম হ’ম। শ্ৰী সঞ্জয় ধোত্ৰেই আটাইবোৰ দলকেই শুভেচ্ছা জনায় আৰু সাম্প্ৰতিক পৰিস্থিতিত উদ্ভাৱনীয় প্ৰযুক্তিপূৰ্ণ সমাধান লৈ অহাৰ পোষকতা কৰে।
লগতে ইলেক্ট্ৰ’নিক্স আৰু তথ্য প্ৰযুক্তি তথা মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী সঞ্জয় ধোত্ৰেই সকলোকে সুৰক্ষিত থকাৰো কামনা কৰে।
********
RJ/RP/RD
(Release ID: 1611036)
Visitor Counter : 163