ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়

পি এম কেয়াৰ্চ পুঁজিলৈ ভাৰতীয় পটাছ লিমিটেডৰ ৫ কোটি টকাৰ দানেৰে ৰাজহুৱা খণ্ডৰ অধীনত থকা সাৰ উদ্যোগসমূহৰ মুঠ বৰঙণি ৩২ কোটি টকালৈ বৃদ্ধি

এদিনৰ দৰমহা আগবঢ়োৱাৰ বাবে এন এফ এল আৰু ফেক্টৰ কৰ্মচাৰীয়ক শ্ৰী গৌড়াৰ প্ৰশংসা

পোষ্ট কৰা হৈছে: 03 APR 2020 4:27PM by PIB Guwahati

সাৰ বিভাগ, ৰসায়ন আৰু সাৰ মন্ত্ৰালয়ৰ অধীনৰ ভাৰতীয় পটাছ লিমিটেডে চৰকাৰে ক’ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ গঠন কৰা পি এম কেয়াৰ্চ পুঁজিলৈ কোটি টকাৰ দান-বৰঙণি আগবঢ়ায়। এই দানৰ পিছত উক্ত পুঁজিলৈ ৰাজহুৱা খণ্ডৰ অধীনত থকা সাৰ উদ্যোগসমূহৰ মুঠ বৰঙণি ৩২ কোটি টকা হয়গৈ।  

ভাৰতীয় পটাছ লিমিটেডৰ বৰঙণিক প্ৰশংসা কৰি শ্ৰী গৌড়াই টুইটাৰযোগে প্ৰকাশ কৰে যে ’ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ভাৰত চৰকাৰক এই বৰঙণিয়ে যথেষ্ট সহায় কৰিব।   

দুবাৰ দুটা বেলেগ বেলেগ টুইটযোগে মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় সাৰ লিমিটেড (এন এফ এল) আৰু সাৰ আৰু ৰসায়ন ট্ৰেভানকোৰ লিমিটেড (ফেক্ট) - এই দুটা ৰাজহুৱা খণ্ডৰ অধীনত থকা সাৰ উদ্যোগসমূহৰ কৰ্মচাৰীসকলক এদিনৰ দৰমহাৰ ধন ক্ৰমে ৮৮ লাখ আৰু ৫০ লাখকৈ আগবঢ়োৱাৰ বাবে প্ৰশংসা কৰে।

আন কেইবাটাও ৰাজহুৱা খণ্ডৰ অধীনত থকা সাৰ উদ্যোগ যেনে ইফকো, ক্ৰিবকো, এন এফ এল-কিষান আদিয়েও পি এম কেয়াৰ্চ পুঁজিলৈ ২৭ কোটিতকৈও অধিক টকাৰ দান-বৰঙণি আগবঢ়ায়।

শ্ৰী গৌড়াই তেওঁৰ মন্ত্ৰালয়ৰ অধীনৰ সকলো লাভজনক অৱস্থাত থকা ৰাজহুৱা খণ্ডৰ সাৰ উদ্যোগক তেওঁলোকৰ চি এচ আৰ পুঁজিৰ এটা অংশ পি এম কেয়াৰ্চ পুঁজিলৈ আগবঢ়াবলৈ অনুৰোধ কৰে। ৰাজহুৱা খণ্ডৰ অধীনৰ সাৰ উদ্যোগসমূহৰ সভাপতি আৰু পৰিচালন সঞ্চালকসকললৈ পঠোৱা এখন পত্ৰযোগে শ্ৰী গৌড়াই প্ৰকাশ কৰে যে ভাৰত চৰকাৰে মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত যত্নৰ ক্ৰুটি কৰা নাই, কিন্তু এনে বৃহৎ মাত্ৰাত ৰাজহুৱা স্বাস্থ্যখণ্ডত সৃষ্টি হোৱা জটিলতাৰে মোকাবিলা কৰিবলৈ ৰাজহুৱা সাহাৰ্যৰ প্ৰয়োজন আছে।

তেওঁ কয় যে ভাৰত চৰকাৰৰদ্বাৰা জৰুৰীকালীন পৰিস্থিতিৰে মোকাবিলা কৰিবলৈকে পি এম কেয়াৰ্চ পুঁজি গঠন কৰা হৈছে আৰু কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰালয়ে ইতিমধ্যে স্পষ্ট কৰি দিছে যে উক্ত পুঁজিলৈ দান-বৰঙণি আগবঢ়োৱা ধনক কোম্পানী আইন, ২০১৩ মতে তেওঁলোকৰ চি এচ আৰৰ অধীনত কৰা খৰচ বুলি গণ্য কৰা হ’ব।   

তলত মন্ত্ৰীগৰাকীৰ টুইটৰ লিংক দিয়া হ’লঃ

1.(https://twitter.com/DVSadanandGowda/status/1245620869944070146?s=03)

2. (https://twitter.com/DVSadanandGowda/status/1245957819255287808?s=03)

3.(https://twitter.com/DVSadanandGowda/status/1245955359002386433?s=03)

****

RCJ/ RKM/PRK


(ৰিলিজ আই ডি : 1610849) অতিথি কক্ষ : 140