মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়

কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰীয়ে নতুন দিল্লীত মুকলি কৰিলে এআইচিটিইৰ দ্বাৰা বিকশিত এমএইচআৰডি এআইচিটিই ক’ভিড-১৯ ষ্টুডেণ্ট হেল্পলাইন প’ৰ্টেল

Posted On: 03 APR 2020 7:45PM by PIB Guwahati

ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱ আৰু ৰাষ্ট্ৰজোৰা লক্-ডাউনৰ পৰিপ্ৰেক্ষিতত কিছুমান শিক্ষাৰ্থীয়ে মহাবিদ্যালয় আৰু হোষ্টেল বন্ধ থকা হেতুকে সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে৷ তেনে ধৰণৰ শিক্ষাৰ্থীসকলক সহায় প্ৰদানৰ বাবে এআইচিটিইয়ে এমএইচআৰডি এআইচিটিই ক’ভিড-১৯ ষ্টুডেণ্ট হেল্পলাইন প’ৰ্টেল শীৰ্ষক এক প’ৰ্টেল মুকলি কৰিছে৷ এই নতুন ৱেবছাইটটোৰ ইউআৰএল হ’ল- https://helpline.aicte-india.org আৰু ইয়াক আজি কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰী শ্ৰী ৰমেশ পখৰিয়াল ‘নিশাংকে’ এআইচিটিইৰ অধ্যক্ষ অধ্যাপক অনিল সহস্ৰবুদ্ধি, উপাধ্যক্ষ শ্ৰী এম পি পুনিয়া, মুখ্য সমন্বয় বিষয়া শ্ৰী বুদ্ধ চন্দ্ৰশেখৰ আৰু এই প’ৰ্টেল বিকশিত কৰা গ্ৰাফিক ইৰা বিশ্ববিদ্যালয়ৰ ইণ্টাৰ্ণ শিক্ষাৰ্থী শিৱাংসু আৰু আকাশৰ উপস্থিতিত মুকলি কৰে৷

এই প’ৰ্টেলটোত আশ্ৰয়, খাদ্য, অনলাইন পাঠ্যক্ৰম, উপস্থিতি, পৰীক্ষা, ছাত্ৰবৃত্তি, স্বাস্থ্য, পৰিবহণ, হাৰাশাস্তি আদিৰ সমৰ্থন উপলব্ধ কৰোৱা হৈছে৷

এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে ৬৫০০ত কৈও অধিক মহাবিদ্যালয়ে ইতিমধ্যে সংকটৰ এই সময়ছোৱাত সহায় প্ৰদানৰ বাবে আগুৱাই আহিছে৷ যিবোৰ শিক্ষাৰ্থীয়ে সমস্যাত পৰিছে তেওঁলোকে প্ৰত্যক্ষভাৱে এই প’ৰ্টেলত যোগাযোগ কৰিব পাৰে৷ এই অনন্য প্লেটফ’ৰ্ম নিৰ্মাণ কৰা শিক্ষাৰ্থীসকলক শ্ৰী নিশাংকে প্ৰশংসা কৰে৷

আগ্ৰহী সামাজিক সংস্থা, এনজিঅ’, ফিলান’থ্ৰ’পিষ্টসকলে এআইচিটিইত cconeat@aicte-india.org ত যোগাযোগ কৰিব পাৰে৷

NB/AKJ/AK/MANN



(Release ID: 1610839) Visitor Counter : 98