প্ৰতিৰক্ষা মন্ত্ৰালয়

ডিআৰডিঅ’ই ৰাজহুৱা স্থানসমূহৰ কাৰ্যকৰী স্বচ্ছতাৰ বাবে বিকশিত কৰিছে উপকৰণ

Posted On: 03 APR 2020 6:27PM by PIB Guwahati

ক’ৰনা ভাইৰাছ গোলকীয় মহামাৰীৰ সৈতে মোকাবিলা কৰাৰ বাবে স্বদেশী উপায়ৰ নিৰন্তৰ সন্ধান অব্যাহত ৰখাৰ সময়তে ডিআৰডিঅ’ই বিভিন্ন আকাৰৰ ক্ষেত্ৰসমূহক স্বচ্ছ/ছেনিটাইজ কৰাৰ বাবে প্ৰযুক্তি উদ্ভাৱন কৰিছে৷ অগ্নি বিস্ফোট আৰু পৰিবেশ সুৰক্ষা কেন্দ্ৰ (চিএফইইএছ), দিল্লীয়ে দুটা ছেনিটাইজ সঁজুলিৰ দুটা বিন্যাস বিকশিত কৰিছে৷ ইয়াক অগ্নি দমন অনুপ্ৰয়োগৰ বাবে বিকশিত প্ৰযুক্তিসমূহৰ পৰা আহৰণ কৰা হৈছে৷

পিঠিত লগাই ক্ষেত্ৰসমূহ স্বচ্ছ/ছেনিটাইজ কৰা উপকৰণ

দিল্লীস্থিত চিএফইইএছে নিজৰ ঔদ্যোগিক সহযোগীৰ সৈতে এক বহনযোগ্য স্বচ্ছ/ছেনিটাইজ কৰিব পৰা উপকৰণ প্ৰস্তুত কৰিছে৷ কৰ্মীসকলে এই বহনযোগ্য যন্ত্ৰটো পিঠিত লগাই ছেনিটাইজেছনৰ কাম কৰিব পাৰে৷ এই যন্ত্ৰবিধে ৩০০ বৰ্গমিটাৰ পৰ্যন্ত ক্ষেত্ৰ বীজাণুমুক্ত কৰিব পাৰে৷ ইয়াক চিকিৎসালয়, চিকিৎসকৰ কক্ষ, ৰাজহুৱা কাৰ্যালয়, ৰাষ্টা, মেট্ৰ’ তথা ৰে’লৱে ষ্টেচন আদিত ব্যৱহাৰ কৰিব পাৰি৷

ট্ৰলীত সংযুক্ত কৰি বৃহৎ ক্ষেত্ৰৰ স্বচ্ছ/ছেনিটাইজ কৰাৰ উপকৰণ

সংস্থাটোৱে নিজৰ ঔদ্যোগিক সহযোগীৰ সৈতে এক উচ্চ ক্ষমতাৰ স্বচ্ছ/ছেনিটাইজ কৰিব পৰা উপকৰণ প্ৰস্তুত কৰিছে৷ এই যন্ত্ৰবিধে ৩০০০ বৰ্গমিটাৰ পৰ্যন্ত ক্ষেত্ৰ বীজাণুমুক্ত কৰিব পাৰে৷ ইয়াত ৫০ লিটাৰ টেংক সংযুক্ত কৰিব পাৰি আৰু ইয়াৰ ফলত ১২ৰ পৰা ১৫ মিটাৰ দূৰলৈ তৰল দ্ৰব্য ছটিয়াব পাৰি৷ ইয়াক চিকিৎসালয়, মল, বিমানবন্দৰ, মেট্ৰ’ ষ্টেচন, আইচ’লেচন কেন্দ্ৰ, কোৱাৰেণ্টাইন কেন্দ্ৰ আদিত প্ৰয়োগ কৰিব পাৰি৷

দিল্লী আৰক্ষীক তৎকালে প্ৰয়োগ কৰিবলৈ এই উপকৰণসমূহ প্ৰদান কৰা হৈছে৷ ঔদ্যোগিক সহযোগিতাৰ দ্বাৰা এই উপকৰণসমূহ অন্য সংস্থাসমূহৰ বাবেও উপলব্ধ কৰিব পৰা যাব৷

 

ABB/SS/Nampi/KA/DK/Savvy/ADA/Anand/MANN



(Release ID: 1610823) Visitor Counter : 140