পৰ্যটন মন্ত্ৰালয়

দেশৰ বিভিন্ন প্ৰান্তত আৱদ্ধ হৈ থকা বিদেশী পৰ্যটকসকলক নতুনকৈ শুভাৰম্ভ কৰা ভাৰতত আৱ্দ্ধ শীৰ্ষক পৰ্টেলে সহায় কৰিছে

চৰকাৰে জাৰি কৰা সকলো স্বাস্থ্য সম্পৰ্কী তথা অন্যান্য পৰামৰ্শৱলী আৰু নিৰ্দেশনা নিয়মীয়াকৈ পৰ্যটক আৰু পৰ্যটন উদ্যোগৰ মাজত প্ৰচাৰ কৰাটো সুনিশ্চিত কৰিছে পৰ্যটন মন্ত্ৰালয়ে

प्रविष्टि तिथि: 03 APR 2020 12:50PM by PIB Guwahati

পৰ্যটন মন্ত্ৰালয়ে পৰ্যটক, হোটেল তথা অন্যন্য অংশীদাৰৰ লগতে পৰ্যটন উদ্যোগৰ সৈতে জড়িত সংস্থাসমূহৰ মাজত স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয়ে জাৰি কৰি বিভিন্ন পৰামৰ্শৱলী তথা নিৰ্দেশনা নিয়মীয়াকৈ প্ৰচাৰ কৰাৰ ক্ষেত্ৰত সক্ৰিয়ভাৱে কাম কৰি আছে৷

এই পৰামৰ্শৱলী তথা নিৰ্দেশনা ভাৰতৰ সকলো পৰ্যটন কাৰ্যালয়লৈ তেওঁলোকৰ সংশ্লিষ্ট অঞ্চলটোত ভালদৰে যোগাযোগ তথা সক্ৰিয়ভাৱে নিৰীক্ষণ কৰাৰ বাবেও প্ৰেৰণ কৰা হৈছে৷ সকলো আঞ্চলিক কাৰ্যালয়লৈ কভিড-১৯ৰ কেন্দ্ৰবিন্দু হিচাপে চিনাক্ত দেশসমূহৰ পৰা অহা পৰ্যটকসকলৰ এখন তালিকাও প্ৰেৰণ কৰা হৈছে৷ কভিড-১৯ৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয়ৰ নিৰ্দেশনাৰ ভিত্তিত এই সন্দেহজনক লোকসকলক পৃথকে কোৱাৰেণ্টাইন কৰি সকলো হোটেলক সুৰক্ষাজনিত পদক্ষেপ গ্ৰহণ কৰিবলৈ কোৱা হৈছে৷ এই সকলো ক্ষেত্ৰত ৰাজ্যিক পৰ্যটন বিভাগ আৰু ৰাজ্যিক প্ৰশাসনৰ সৈতে পৰ্যটন মন্ত্ৰালয়ে সক্ৰিয়ভাৱে সহযোগিতা আগবঢ়াই আহিছে৷

ইফালে, ভাৰতত আৱদ্ধ শীৰ্ষক পৰ্টেলে সকলো পৰ্যটকক নিৰাপদে স্বদেশলৈ পঠোৱাৰৰ ক্ষেত্ৰত সফলতাৰে কাম কৰি আছে৷ উদাহৰণস্বৰূপে গুজৰাট চৰকাৰে ৰাজ্যখনত আৱদ্ধ হৈ থকা মাৰ্কিন নাগৰিকসকলৰ বাবে বাহনৰ পাছ জাৰি কৰিছে৷ গুজৰাট পৰ্যটন আৰু পৰ্যটন মন্ত্ৰালয়ৰ পশ্চিম আঞ্চলিক কাৰ্যালয়ে মাৰ্কিন ৰাষ্ট্ৰদূতৰ কাৰ্যালয়ৰ সৈতে আভ্যন্তৰীণ ভ্ৰমণ আৰু বিমান যাত্ৰাৰ সন্দৰ্ভত যোগাযোগ কৰি আছে৷

বিহাৰত আৱদ্ধ এগৰাকী মাৰ্কিন নাগৰিককো দিল্লীৰ পৰা বিমান যাত্ৰাৰ বাবে ভ্ৰমণৰ অনুমতি লাভ কৰাৰ ক্ষেত্ৰত সহায় কৰা হৈছে৷

শিলিগুৰি আৰু কলকাতাত আৱদ্ধ অষ্ট্ৰেলিয়াৰ তিনিটা গোটে উদ্ধাৰৰ বাবে এই পৰ্টেলযোগে অনুৰোধ কৰিছে৷ কলকাতা পৰ্যটন কাৰ্যালয়ে তপৰতাৰে দিল্লীৰ উচ্চায়ুক্তৰ সৈতে যোগাযোগ কৰি তেওঁলোকক নিৰাপদে স্বদেশলৈ পঠোৱাৰ বাবে প্ৰচেষ্টা হাতত লৈছে৷

*******

NB/AKJ/OA/DB


(रिलीज़ आईडी: 1610644) आगंतुक पटल : 134
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Telugu , Marathi , English , Urdu , हिन्दी , Bengali , Punjabi , Gujarati , Odia , Tamil , Kannada