কৃষি মন্ত্ৰালয়

ক’ভিড-১৯ ৰ উত্থানৰ সময়ত ভাৰতীয় কৃষি অনুসসন্ধান পৰিষদৰদ্বাৰা ৰবি শস্যৰ খেতিয়কৰ বাবে পৰামৰ্শাৱলী প্ৰকাশ

Posted On: 31 MAR 2020 5:41PM by PIB Guwahati

 

’ভিড-১৯ ৰ উত্থানৰ মাজতে ৰবি শস্য পৰিপক্ক হৈ চপোৱাৰ সময় হৈছে। কৃষিজাত সামগ্ৰীসমূহ সময়াৱদ্ধ হোৱাৰ হেতুকে এইবোৰ সময়ত চপাই বজাৰত যোগান ধৰাটো অপৰিহাৰ্য। অৱশ্যে এই ক্ষেত্ৰতো কৃষকসকলে ৰোগৰ সংক্ৰমণৰ পৰা বাচি থাকিবলৈ প্ৰয়োজনীয় সুৰক্ষা সম্পৰ্কীয় সচেতনতা অৱলম্বন কৰা উচিত। সাধাৰণ সুৰক্ষা ব্যৱস্থা যেনে সামাজিক দূৰত্ব, চাবোনেৰে হাত ধোৱা আদি ব্যক্তিগত পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখা, মাস্ক পৰিধান কৰা, সুৰক্ষা দিব পৰা সাজ পিন্ধা তথা অন্যান্য সা-সঁজুলি পৰিষ্কাৰ কৰি ৰখা আদিত মনোযোগ দিয়া উচিত। কৰ্মীসকলে কৃষিক্ষেত্ৰত কাম কৰোতে প্ৰতিটো খোজতে সাৱধানতা অৱলম্বন কৰা উচিত।   

  • কেইবাখনো উত্তৰ ভাৰতীয় ৰাজ্যত ঘেঁহু চপোৱা হৈছে আৰু সেইবোৰ ৰাজ্যৰ ভিতৰতে তথা বৰ্হিৰাজ্যলৈও পঠিয়াবৰ বাবে পৰিৱহণৰ অনুমতি দিয়া হৈছে। এই সমস্ত কাৰ্যত জড়িত কৰ্মীসকলৰ সুৰক্ষাৰ বাবে সাৱধানতা অৱলম্বন কৰাটো সুনিশ্চিত কৰা হৈছে।
  • দ্বিতীয় প্ৰধান ৰবি শস্য সৰিয়হৰ চপোৱা কাম আৰম্ভ হৈছে আৰু পৰিষ্কাৰ কৰণৰ কাম বাকী আছে।   
  • মচুৰ দাইল, গোমধান আৰু জলকীয়া চপোৱাৰ কাম চলি আছে আৰু বুটৰ খেতি চপোৱাৰ সময় আহি আছে।  
  • কুঁহিয়াৰ চপোৱাৰ বাবে এয়া উত্তম সময় হোৱাৰ লগতে উত্তৰ ভাৰতত কুঁহিয়াৰ ৰোপণৰ সময়ো হৈছে।
  • শস্য, ফল-মূল, শাক-পাচলি, কণী, মাছ আদি সকলো ধৰণৰ কৃষি ক্ষেত্ৰৰ লগত জড়িতসকলে প্ৰতিটো খোজতে ব্যক্তিগত স্বচ্ছতাৰ লগতে সামাজিক দূৰত্ব বজাই ৰখা অতি দৰকাৰী।
  • হাতেৰে শস্য চপোৱাৰ ক্ষেত্ৰত নিয়োগ কৰা শ্ৰমিকসকলৰ মাজত এজনৰ বাবে ৪-৫ ফুটৰ একোটাকৈ শাৰী নিৰ্দিষ্ট কৰি দিলে তেওঁলোকৰ মাজত দূৰত্ব বৰ্তি থাকিব।
  • নিয়োগ কৰা শ্ৰমিকসকলে মাস্ক পৰিধান কৰা আৰু নিয়মিত ব্যৱধানত চাবোনেৰে হাত ধোৱাটো নিশ্চিত হোৱা উচিত।  
  • খাদ্য খোৱা, জিৰণি লোৱা, সামগ্ৰী একগোট কৰা, গাড়ীত উঠোৱা-নমোৱা কৰা আদি সময়তো ৩-৪ ফুটৰ সুৰক্ষিত দূৰত্ব বজাই ৰখা উচিত।  
  • ’ত যেনেকৈ পাৰি কামসমূহ সাল-সলনি কৰি এদিনত যিমান পাৰি কমসংখ্যক শ্ৰমিকক কামত লগোৱা উচিত।
  • কেৱল পৰিচিত ব্যক্তিক বা অপৰিচিত হ’লে প্ৰয়োজনীয় বিচাৰ-খোচাৰ কৰি ভাইৰাছ কঢ়িয়াব পৰা ব্যক্তি নহয় বুলি নিশ্চিত হ’লেহে কৃষিক্ষেত্ৰৰ কামত নিয়োগ কৰা উচিত।
  • ’তেই সম্ভৱ হয় শ্ৰমিকৰ সলনি যন্ত্ৰৰ সহায় লোৱাটো বৃদ্ধি কৰি কেৱল য্ন্ত্ৰ চলাবলৈ প্ৰয়োজন হোৱা নিম্নতমসংখ্যক শ্ৰমিককহে কৰ্মত নিয়োজিত কৰা উচিত।
  • সকলো ধৰণৰ যন্ত্ৰকে আৰম্ভণিতে আৰু নিয়মিত ব্যৱধানত বিজাণুমুক্ত কৰি থকা উচিত। এই কথা সামগ্ৰী কঢ়িওৱা বাহন, সামগ্ৰী বান্ধিবলৈ ব্যৱহাৰ কৰা মোনা আদিৰ ক্ষেত্ৰতো প্ৰযোজ্য।
  • কৃষিজাত সমাগ্ৰীসমূহ এজন বা দুজনে কঢ়িয়াব পৰাকৈ সৰু সৰুকৈ দ’ম কৰি ৩-৪ ফুটৰ সুৰক্ষিত দূৰত্বত ৰখা উচিত।
  • গোমধান আৰু বাদামৰ বাকলি গুচোৱাৰ ক্ষেত্ৰত, বিশেষকৈ কৃষক গোটসমূহৰ মাজত একেটা যন্ত্ৰ পাল পাতি ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত স্বচ্ছতাৰ প্ৰতি বিশেষ মনোযোগ দিয়া উচিত।

কৃষিজাত সামগ্ৰীৰ সংৰক্ষণ আৰু বজাৰ

  • কৃষিজাত সামগ্ৰী শুকুওৱা, বাকলি গোচোৱা, জৰা-চলা কৰা, বাচি পৰিষ্কাৰ কৰা, আৰু টোপোলা বন্ধা আদি কৰাৰ সময়ত ধূলি উৰি যাতে শ্বাসজনিত সমস্যা সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে মাস্ক পৰিধান কৰা উচিত।  
  • পোক-পৰুৱাৰ সংক্ৰমণৰ পৰা ৰোধ কৰিবলৈ গোদামাত সংৰক্ষণৰ আগতেই ঘেঁহু, মিলেট, মাহজাতীয় শস্য আদি পথাৰ বা ঘৰতে সম্পূৰ্ণকৈ শুকাবলৈ দিব লাগে আৰু আগৰ বছৰৰ জুটৰ মোনা ব্যৱহাৰ বৰ্জন কৰিব লাগে।বিজাণুমুক্ত কৰা বস্তা বা মোনা ৫ শতাংশ নিমৰ দ্ৰৱত তিয়াই শুকান কৰি ব্যৱহাৰ কৰিব লাগে।
  • উচিত মূল্যৰ বাবে যদি প্ৰয়োজন হয় পথাৰত, ক’ল্ড ষ্ট’ৰেজ, গোদাম আদিত শস্য সংৰক্ষণৰ বাবে যথেষ্ট পৰিমাণত জুটৰ মোনা যোগান ধৰা হৈছে। 
  • বজাৰত বা নিলামৰ মঞ্চত কৃষিজাত সামগ্ৰী উপলব্ধ কৰিবলৈ যাওঁতে পৰিৱহণৰ ক্ষেত্ৰত প্ৰয়োজনীয় ব্যক্তিগত সুৰক্ষা বিধি মানি চলা উচিত।
  • বীজ উৎপাদনকাৰীসকলক বিভিন্ন ঠাইত বীজ যোগানৰ বাবে উপযুক্ত নথি-পত্ৰ লগত লৈ ব্যক্তিগত সুৰক্ষা বিধি মানি চলাচলৰ অনুমতি দিয়া হৈছে।
  • দক্ষিণৰ বীজ উৎপাদনকাৰী ৰাজ্যসমূহৰপৰা উত্তৰ ভাৰতৰ বীজ ৰোপণ কৰিবলগীয়া ৰাজ্যসমূহলৈ বিশেষকৈ খাৰিফ শস্যৰ বীজ উৎপাদন/পেকেজিং কৰি পঠিওৱা অতি প্ৰয়োজনীয়।
  • বিলাহী, ফুলকবি, শেউজীয়া শাক-পাচলি, তিয়ঁহ আদিৰ পোনপটীয়া বিপণন/ যোগানৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰা অতি প্ৰয়োজন।

পথাৰতে থকা শস্যসমূহ

  • বেছিভাগ ঘেঁহু উৎপাদন হোৱা অঞ্চলত এইবাৰ গৰম আগৰ কেইবা বছৰৰ গড় হিচাপতকৈ কম হৈ আছে বাবে এইবাৰ ঘেঁহু চপোৱাৰ সময় ১০-১৫ দিন পিছুওৱাই ১০ এপ্ৰিলৰ পিছলৈ যোৱাৰ সম্ভাৱনা আছে, সেয়ে কৃষকসকলে এই তাৰিখ ২০ এপ্ৰিললৈকে বৰ বেছি ক্ষতি নোহোৱাকৈ পিছুৱাই ল’ব পাৰিব যাৰ ফলত উৎপাদিত সামগ্ৰী কঢ়িওৱাৰ সমগ্ৰ প্ৰক্ৰিয়া পৰিচালনাৰ বাবে যথেষ্ট সময় পোৱা যাব।   
  • ৰবি শস্যত গুটি লাগিবলৈ আৰম্ভ হৈছে আৰু দাক্ষিণাত্যৰ ৰাজ্যসমূহ নে’কব্লাষ্টৰদ্বাৰা বেয়াকৈ প্ৰভাৱান্বিত হৈছে। ভেঁকুৰ মৰা ঔষধ ছটিওৱাৰ ক্ষেত্ৰত উপযুক্ত সাৱধানতা অৱলম্বন কৰা উচিত।
  • শস্য চপোৱাৰ সময়ত আবতৰীয়া বৰষুণ হ’লে বীজত ভেঁকুৰ লগা ৰোধ কৰিবলৈ ৫ শতাংশ নিমখৰ দ্ৰব্য ছটিয়াওক।  
  • উদ্যানশস্যৰ ক্ষেত্ৰত আম আদিৰ ফল ধৰাৰ সময়ত বিভিন্ন ঔষধ ছটিওৱাৰ ক্ষেত্ৰত উপযুক্ত সাৱধানতা অৱলম্বন কৰা উচিত।
  • গ্ৰীষ্মকালৰ মাহজাতীয় শস্যৰ ক্ষেত্ৰতো ৰাইচফেল’, বগামাখি, হালধীয়া মোজাইক ভাইৰাছ আদিৰপৰা বচাই ৰাখিবৰ বাবে উপযুক্ত য’ত্ন লব লাগে।

ভাৰত চৰকাৰৰ নিৰ্দেশনা মতে ’ভিড-১৯ ৰ লকডাউনৰ সময়ত কৃষি আৰু আনুসঙ্গিক কিছুমান কামকাজক ৰেহাই দিয়া হৈছেঃ

  1. পশু চিকিৎসালয়
  2. কৃষিৰ সঁজুলি বিক্ৰীৰ লগত জড়িত ব্যৱসায় প্ৰতিষ্ঠান
  3. কৃষিজাত সামগ্ৰীৰ বিপণন সমিতিৰদ্বাৰা চালিত বা ৰাজ্য চৰকাৰে নিৰ্দিষ্ট কৰি দিয়া বজাৰ
  4. কৃষকৰ পথাৰত কৰিবলগীয়া বিভিন্ন ধৰণৰ কৃষিকাৰ্য
  5. কৃষিক্ষেত্ৰত ব্যৱহাৰ্য যন্ত্ৰৰ লগত জড়িত কাষ্টম হায়াৰিং কেন্দ্ৰসমূহ
  6. সাৰ, কীটনাশক আৰু বীজৰ উৎপাদন তথা পেকেজিং কৰা কেন্দ্ৰসমূহ
  7. কৃষিক্ষেত্ৰৰ লগত জড়িত বিভিন্ন যন্ত্ৰৰ যেনে খেতি চপোৱা, ধান বনা আদি কামত ব্যৱহাৰ্য বিভিন্ন যন্ত্ৰ আৰু অন্যান্য সঁজুলিৰ ৰাজ্যৰ ভিতৰতে বা বৰ্হিঃৰাজ্যলৈ চলাচল

এনে ৰেহাইয়ে লকডাউনৰ সময়ত কৃষি আৰু আনুসঙ্গিক কামকাজসমূহ চলাই নিয়াৰ লগতে কৃষকে প্ৰয়োজনীয় সামগ্ৰীৰ যোগান সময়মতে পোৱাত সহায় কৰিব। ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সংশ্লিষ্ট মন্ত্ৰী/বিভাগলৈ ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ে ২৪, ২৫ আৰু ২৭ মাৰ্চ ২০২০ তাৰিখে জাননী (No.40-3/2020-DM-I(A)) জাৰি কৰিছে। লগতে ২,৪,৫ আৰু ৬ নম্বৰত উল্লিখিত ৰেহাই ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ আহ্বানক্ৰমে কৰা হৈছে।     

ভাৰত চৰকাৰৰ নীতি-নিৰ্দেশনাৰ ওপৰত ভিত্তি কৰি বিভিন্ন মন্ত্ৰালয়/ ৰাজ্য চৰকাৰৰ বিভাগসমূহে কৃষি আৰু আনুসঙ্গিক ক্ষেত্ৰসমূহৰ ধাৰাবাহিকতা বজাই ৰাখিবৰ কাৰণে এই নীতিসমূহ ৰূপায়ণৰ নিৰ্দেশনা জাৰি কৰিছে।

***

APS/PK/MS/PRK



(Release ID: 1610543) Visitor Counter : 186