বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়
ক’ভিড-১৯ বিৰুদ্ধে যুঁজিবলৈ তথা সম্পৰ্কীয় শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণসমূহৰ বাবে ডিএছটি-এছইআৰবিয়ে ঘোষণা কৰিলে অনুমোদিত প্ৰকল্পসমূহৰ প্ৰথমটো ছেট
प्रविष्टि तिथि:
02 APR 2020 6:21PM by PIB Guwahati
ক’ভিড-১৯ ভাইৰাছ দ্ৰুত গতিত বিশ্বৰ চাৰিওদিশে বিয়পি যোৱাৰ পৰিপ্ৰেক্ষিতত বিশ্ব স্বাস্থ্য সংস্থাই ইয়াক মহামাৰী হিচাপে ঘোষণা কৰিছে৷ উপযুক্ত কেম’থেৰাপিউটিক হস্তক্ষেপ আৰু কাৰ্যকৰী ভেকচিনৰ অভাৱত বিশ্বৰ জনসংখ্যাৰ এক বৃহৎ অংশই এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হ’বলগীয়া হৈছে৷ ভাৰততো এই ৰোগবিধৰ প্ৰাদুৰ্ভাৱৰ প্ৰতি লক্ষ্য ৰাখি বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ-- বিজ্ঞান আৰু অভিযান্ত্ৰিক ব’ৰ্ডে (ডিএছটি-এছইআৰবি) বিভিন্ন বিশেষ প্ৰকল্পৰ কথা ঘোষণা কৰিছে৷
ডিএছটি-এছইআৰবিয়ে বাচনি কৰা ৫টা প্ৰকল্প পৰৱৰ্তী প্ৰণয়নযোগ্য প্ৰযুক্তিলৈ বিকশিত কৰাৰ বাবে সমৰ্থন প্ৰদান কৰা হ’ব৷ ইয়াৰে তিনিটা প্ৰকল্প অতিশয় গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত নিৰ্ধাৰণ কৰা হৈছে- জড় সামগ্ৰী যেনে ব্যক্তিগত সুৰক্ষাত্মক সঁজুলি (পিপিই)ৰ পৃষ্ঠৰ ওপৰত এণ্টিভাইৰেল আৰু ভাইৰাছ বিৰোধী কৌশলৰ প্ৰলেপ সনা; আন এটা হ’ল ক’ভিড-১৯ সংক্ৰমিত ৰোগীৰ মেটাব’লাইট বায়’মাৰ্কাৰ চিনাক্ত কৰা যাৰ দ্বাৰা চিকিৎসাৰ বাবে চিনাক্ত কৰিব পৰা হয়; আৰু শেষৰটো হ’ল ক’ৰনা ভাইৰাছৰ স্পাইক গ্লাইক’প্ৰ’টিনৰ ৰিচেপ্টৰ-বাইণ্ডিং ডমেইনৰ বিৰুদ্ধে এণ্টিব’ডী বিকশিত কৰা৷
প্ৰকল্পসমূহ তলত উল্লেখ কৰা হ’লঃ
নিৰ্ধাৰিত চিকিৎসাৰ বাবে ক’ভিড-১৯ সংক্ৰমিত ৰোগীৰ মেটাব’লাইট বায়’মাৰ্কাৰ চিনাক্ত কৰা
ইয়াৰ জৰিয়তে ক’ভিড-১৯ সংক্ৰমিত ৰোগীৰ বিশ্বজনীন মেটাব’লাইট বায়’মাৰ্কাৰ চিনাক্ত কৰা৷ ইয়াৰ জৰিয়তে ন’ভেলৰ চিকিৎসাৰ প্ৰয়োজন হোৱা ব্যক্তি আৰু ক’ভিডৰ বাবে সম্ভাৱ্য বায়’মাৰ্কাৰ সন্ধান হোৱাত সহায়ক হ’ব৷
(অধিক তথ্যৰ বাবে ডঃ সঞ্জীৱা শ্ৰীবাস্তৱ, আইআইটি ব’ম্বেৰ জৈৱ বিজ্ঞান আৰু জৈৱি অভিযান্ত্ৰিক বিভাগ, মুম্বাই (sanjeeva@iitb.ac.in)ক যোগাযোগ কৰক)
প্ৰতিৰোধাত্মক আৰু ব্যয়সাধ্য এণ্টিভাইৰেল এপ্লিকেচনসমূহৰ বাবে কাৰ্যকৰী জড় পৃষ্ঠৰ সৈতে ৰিপাৰবজেবল মাল্টি-টাৰ্গেটেড ভাৰ্চিডেল এজেণ্ট/ঔষধ বিকশিত কৰা
ইয়াৰ জৰিয়তে জড় পৃষ্ঠসমূহ যেনে ছাৰ্জিকেল মাস্ক আদিত সংক্ৰমিত ৰোগসমূহৰ পৰা ৰক্ষা পৰিবলৈ ভাৰ্চিডেল প্ৰলেপ বিকশিত কৰাত সহায়ক হ’ব৷
(অধিক তথ্যৰ বাবে ডঃ নাগমা পাৰবীন, আইআইটি কানপুৰৰ ৰসায়ন বিভাগ, কানপুৰ (nagma@iitk.ac.in)ক যোগাযোগ কৰক)
ইনফ্লুৱেঞ্জা ভাইৰাছৰ দ্বাৰা সৃষ্টি হোৱা সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ এণ্টিভাইৰেল পৃষ্ঠ প্ৰলেপৰ বিকাশ
পৃষ্ঠত লাগি থকা ভাইৰাছসমূহে যিহেতু প্ৰাণঘাতী সংক্ৰমণৰ সৃষ্টি কৰিব পাৰে সেয়ে ইয়াৰ জৰিয়তে সৰু আণৱিক আৰু পলিমেৰিক যৌগ বিকশিত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে যাক সমযোজী আৰু অসমযোজীভাৱে পৃষ্ঠসমূহত প্ৰলেপিত কৰিব পাৰি আৰু ইয়াৰ সংস্পৰ্শলৈ অহা শ্বাস-প্ৰশ্বাসজনিত ভাইৰাছসমূহ সেই অনুসাৰে নিধন হয়৷
(অধিক তথ্যৰ বাবে ডঃ জয়ন্ত হালদাৰ, জেএনচিএএছআৰ, বাংগালোৰ (jayanta@jncasr.ac.in)ক যোগাযোগ কৰক)
জড় পৃষ্ঠত ভাইৰেল নিৰ্মূলৰ বাবে ফৰ্মুলেচনৰ বিকাশ
ইয়াৰ দ্বাৰা ভাইৰাছ বিৰোধী কৌশলৰ সামগ্ৰী হিচাপে ব্যৱহাৰ কৰা সামগ্ৰীসমূহ বিকশিত কৰাত সহায়ক হ’ব আৰু ভাইৰাছৰ সংস্পৰ্শলৈ অহা যিকোনো পৃষ্ঠক বীজাণুৰহিত কৰিব পৰা হ’ব৷
(অধিক তথ্যৰ বাবে ডঃ বি এছ বুটুলা, বয়ন আৰু ফাইবাৰ অভিযান্ত্ৰিক বিভাগ, আইআইটি দিল্লী (bsbutola@iitd.ac.in)ক যোগাযোগ কৰক)
এণ্টিব’ডীভিত্তিক ২০১৯-এনচিঅ’ভিৰ ধাৰণ আৰু ছিটু জেলত লিপিডযুক্ত ব্যৱহাৰ কৰি নিষ্ক্ৰিয়তা
এই প্ৰকল্পই চিঅ’ভিৰ স্পাইক গ্লাইক’প্ৰ’টিনৰ ৰিচেপ্টৰ-বাইণ্ডিং ড’মেইনৰ বিৰুদ্ধে এণ্টিব’ডী বিকশিত কৰাত সহায় কৰিব৷ ইয়াৰ আন এটা উদ্দেশ্য হ’ল ভাইৰাছৰ প্ৰৱেশৰ সময়ত ইয়াক নিষ্ক্ৰিয় কৰিবলৈ ছিটু জেলত অসংপৃক্ত মুক্ত ফেটি এচিডভিত্তিক নিৰ্যাসযুক্ত বিকশিত কৰা৷
(অধিক তথ্যৰ বাবে ডঃ কিৰণ কণ্ডাবাগিল, আইআইটি ব’ম্বেৰ জৈৱ বিজ্ঞান আৰু জৈৱি অভিযান্ত্ৰিক বিভাগ, মুম্বাই (kirankondabagil@iitb.ac.in)ক যোগাযোগ কৰক)
এই প্ৰকল্পসমূহ ক’ভিড-১৯ প্ৰকল্পৰ বাবে বিশেষ বিশেষজ্ঞ কমিটিৰ দ্বাৰা মূল্যায়ন আৰু পুনৰীক্ষণ কৰাৰ পিছতহে বাচনি কৰা হৈছিল৷
{ডিএছটি-এছইআৰবিৰ ক’ভিড-১৯ সম্বন্ধীয় গৱেষণা আৰু বিকাশৰ অধিক তথ্যৰ বাবে নিম্নোল্লিখিত ব্যক্তিৰ সৈতে যোগাযোগ কৰিব পাৰে:
অধ্যাপক সন্দীপ বাৰ্মা, সচিব, বিজ্ঞান আৰু অভিযান্ত্ৰিক গৱেষণা ব’ৰ্ড
ইমেইলঃ secretary@serb.gov.in}
*****
KGS/(DST)/MANN
(रिलीज़ आईडी: 1610444)
आगंतुक पटल : 99