মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়

ক’ভিড-১৯ ৰ মানসিক-সামাজিক প্ৰভাৱ সন্দৰ্ভত সমাজৰ মনোভাৱ মূল্যায়ণ কৰিবলৈ অন-লাইন প্ৰশ্নাৱলী মুকলি কৰিলে মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ নেশ্যনেল বুক ট্ৰাষ্টে

Posted On: 02 APR 2020 4:30PM by PIB Guwahati

ক’ভিড-১৯ আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত চলি থকা লকডাউন সংক্ৰান্তীয় বিভিন্ন সমস্যা সমাধানৰ বাবে ভাৰত চৰকাৰে গ্ৰহণ কৰা বহুমুখী পদক্ষেপৰ সমান্তৰালকৈ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ অধীনস্থ কিতাপ প্ৰকাশ আৰু প্ৰচাৰৰ ৰাষ্ট্ৰীয় অনুষ্ঠান নেশ্যনেল বুক ট্ৰাষ্টে মানসিক সামজিক প্ৰভাৱ আৰু কেনেদৰে ইয়াৰ প্ৰত্যাহ্বানৰ মুখামুখি হ’ব পাৰি সেই সন্দৰ্ভত সাতখন পুস্তিকা প্ৰস্তুত কৰি আছে। এদল বিশিষ্ট মনোবিজ্ঞানী আৰু পৰামৰ্শদাতাৰে গঠিত এটা গৱেষকৰ দলে এই মহামাৰীৰ মানসিক-সামাজিক প্ৰভাৱ সন্দৰ্ভত ৰাইজৰ মনোভাৱ বিশ্লেষণ তথা মূল্যায়ণ কৰিবৰ বাবে অলপতে মুকলি কৰা ক’ৰোনা ষ্টাডিজ ছিৰিজৰ অধীনত এই পদক্ষেপ গ্ৰহণ কৰিছে।

এতিয়া, নেশ্যনেল বুক ট্ৰাষ্টৰ গৱেষকৰ দলটোৱে (বিশিষ্ট মনোবিজ্ঞানী আৰু পৰামৰ্শদাতাৰ এটা দল) ক’ভিড-১৯ আৰু লক-ডাউনৰ মানসিক-সামাজিক প্ৰভাৱ আৰু এই পৰিস্থিতিৰ সৈতে কেনেদৰে মোকাবিলা কৰিব পাৰি, সেয়া বিশ্লেষণ তথা মূল্যায়ণ কৰিবৰ বাবে সাতটা ভিন ভিন বিষয়ত হিন্দী আৰু ইংৰাজী ভাষাত এলানি প্ৰশ্ন সাজু কৰিছে। এই সাতটা বিষয় ক্ৰমে ১) অভিভাৱক, মাতৃসকল আৰু মহিলা, ২) শিশু, কিশোৰ আৰু যুৱক-যুৱতী; ৩) কৰ্মচাৰী, পেছাদাৰী, স্বনিয়োজিত ব্যৱসায়ী আৰু শ্ৰমিকসকল; ৪) বিশেষভাৱে সক্ষম; ৫) ক’ভিড-১৯ আক্ৰান্ত পৰিয়ালসমূহ; ৬) চিকিৎসা আৰু অন্যান্য আৱশ্যকীয় সেৱা প্ৰদানকাৰীসকল; ৭) বয়োজ্যেষ্ঠসকল (৬০ বছৰৰ উৰ্ধ্বৰ)। এই প্ৰশ্নাৱলীৰ ৰাজহুৱা বিতৰণৰ উদ্দেশ্য হৈছে সমাজৰ সামগ্ৰিক অংশগ্ৰহণৰ এক পৰিৱেশ গঢ়ি তোলা আৰু লকডাউনৰ সময়ছোৱাত তেওঁলোকৰ আবেগিক দিশবোৰ প্ৰকাশ কৰা।

পঢ়ুৱৈ আৰু সাধাৰণ ৰাইজক এই অনলাইন প্ৰশ্নাৱলীৰ উত্তৰ প্ৰদান কৰাৰ উপৰিও তেওঁলোকৰ অনুভৱ আৰু অভিজ্ঞতাৰ বিষয়ে উল্লেখ কৰিবলৈ আহ্বান জনোৱা হৈছে, যাতে এই গৱেষণা সকলোৰে বাবে অধিক ব্যৱহাৰোপযোগী কৰি তুলিব পাৰি। ক’ৰোনা আক্ৰান্ত পৰিয়ালসমূহকো এই প্ৰশ্নাৱলীৰ উত্তৰ প্ৰদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি তেওঁলোকৰ উত্তৰবোৰ প্ৰেৰণ কৰিবলৈ আহ্বান জনোৱা হৈছে। এই প্ৰশ্নাৱলী চাবৰ বাবে তলৰ লিংকটোত ক্লিক কৰিব লাগিব - https://nbtindia.gov.in/home__92__on-line-questionnaire-for-nbt-study.nbt.

উল্লেখ্য যে নেশ্যনেল বুক ট্ৰাষ্টৰ এই গৱেষণা গোটটোত আছে ক্ৰমে ড. জীতেন্দ্ৰ নাগপাল, ড. হৰ্ষিতা, অৱসৰপ্ৰাপ্ত স্কোৱাড্ৰন লীডাৰ মীনা আৰোৰা, লেফটেনেণ্ট কৰ্ণেল তৰুণ উপ্পল, শ্ৰীযুতা ৰেখা চৌহান, শ্ৰীযুতা ছোনী সিদ্ধু আৰু শ্ৰীযুতা অপৰাজিতা দীক্ষিত। সংশ্লিষ্ট লোকসকলে প্ৰকাশ কৰা এক বিবৃতিত উল্লেখ কৰা হৈছে, “ক’ভিড-১৯ মহামাৰীৰ এই জটিল সময়ত তেওঁলোকৰ ওপৰত অৰ্পন কৰা এই প্ৰত্যাহ্বানপূৰ্ণ কাম সম্বন্ধে এই গৱেষণা গোটটো গভীৰভাৱে সচেতন। এই গোটটোৱে এলানি পদ্ধতি আৰু ব্যৱহাৰিক দিহা সাজু কৰি তুলিব, যিবোৰে পৰিস্থিতিসমূহৰ সৈতে মোকাবিলা কৰাত সহায় কৰিব, ইয়াত বিভিন্ন গৱেষণা, ভাৰ্ছুৱেল সাক্ষাৎকাৰ আৰু ঘটনা অধ্যয়নৰ যোগেদি বিভিন্ন দিশত সহজে পঢ়ি বুজি পোৱাকৈ সাজু কৰা শিকন সঁজুলিৰ সহায় লোৱা হ’ব। এই ব্যৱস্থাটোৱে সামগ্ৰিক সবলীকৰণ আৰু লগডাউনৰ সৈতে কেনেদৰে মোকাবিলা কৰিব লাগে সেই সম্পৰ্কে সজাগ কৰি তোলাৰ উপৰিও আবেগিক দিশেৰে যথেষ্ট শক্তিশালী কৰি তুলিব আৰু সাহসী কৰি তুলিব।”

*****

NB /AKJ /AK/RD



(Release ID: 1610431) Visitor Counter : 130