গৃহ মন্ত্ৰালয়

ক’ভিড-১৯ৰ বিৰুদ্ধে প্ৰণয়ন কৰা ২১ দিনীয়া লক্-ডাউনৰ সময়ছোৱাত পিএম-জিকেৱাইৰ হিতাধিকাৰীসকললৈ সুগম ধন আৱণ্টনৰ নিশ্চিতি প্ৰদান কৰিবলৈ ৰাজ্য/কেন্দ্ৰশাসিত অঞ্চলৰ প্ৰশাসনলৈ গৃহ মন্ত্ৰালয়ৰ পত্ৰ

Posted On: 02 APR 2020 5:02PM by PIB Guwahati

ক’ভিড-১৯ৰ বিৰুদ্ধে প্ৰণয়ন কৰা ২১ দিনীয়া লক্-ডাউনৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনা (পিএম-জিকেৱাই)ৰ হিতাধিকাৰীসকলৰ বাবে ধন আৱণ্টনৰ বিশদ নিৰ্দেশনাৱলী বিত্ত মন্ত্ৰালয়ৰ বিত্ত সেৱা বিভাগে জাৰি কৰিছে৷

এই নিৰ্দেশনাৱলীৰ ভিত্তিত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ সচিব শ্ৰী অজয় কুমাৰ ভাল্লাই সামাজিক ব্যৱধান বৰ্তাই ৰাখি পিএম-জিকেৱাইৰ হিতাধিকাৰীসকললৈ সুগম ধন আৱণ্টনৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ সকলো ৰাজ্য চৰকাৰ/কেন্দ্ৰশাসিত অঞ্চলৰ প্ৰশাসনলৈ অনুৰোধ জনাই পত্ৰ প্ৰেৰণ কৰে৷ পত্ৰখনত ৰাজ্য চৰকাৰ/কেন্দ্ৰশাসিত অঞ্চলৰ প্ৰশাসনৰ নিৰ্ধাৰিত বিভাগ, জিলা প্ৰাধিকৰণ আৰু ক্ষেত্ৰীয় এজেন্সীসমূহক এই নিৰ্দেশনাৱলী কঠোৰভাৱে অনুপালন কৰিবলৈ অৱগত কৰিব পাৰে বুলি উল্লেখ কৰা হৈছে৷

 

ৰাজ্যসমূহৰ সৈতে হোৱা যোগাযোসমূহ চাবলৈ ইয়াত ক্লিক কৰক

 

*****

VG/SNC/VM/MANN



(Release ID: 1610358) Visitor Counter : 72