ৰাষ্ট্ৰপতি সচিবালয়

ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কাইলৈ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৰাজ্যপাল, লেফটেনেণ্ট গৱৰ্ণৰ আৰু প্ৰশাসনীয় প্ৰাধিকাৰীসকলৰ সৈতে ক’ভিড-১৯ সন্দৰ্ভত আলোচনাত মিলিত হ’ব

Posted On: 02 APR 2020 2:38PM by PIB Guwahati

ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোভিন্দে, উপৰাষ্ট্ৰপতি শ্ৰী এম ভেংকায়া নাইডুৰ সৈতে ৰাষ্ট্ৰপতি ভৱনৰ পৰা সঞ্চালিত হ’ব লগা এক ভিডিঅ’-কনফাৰেন্সত কাইলৈ(৩এপ্ৰিল, ২০২০) বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৰাজ্যপাল, লেফটেনেণ্ট গৱৰ্ণৰ আৰু প্ৰশাসনীয় প্ৰাধিকাৰীসকলৰ সৈতে দেশত অব্যাহত থকা ক’ভিড-১৯ প্ৰতিৰোধী অভিযান সন্দৰ্ভত আলোচনাত মিলিত হ’ব। আলোচনা-সভাত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত কভিড-১৯ৰ সংক্ৰমণৰ প্ৰতিৰোধ, চিকিত্সা আৰু সংকট প্ৰৱন্ধনৰ খটিয়ান দাঙি ধৰা হ’ব।

ৰাজ্যপাল, লেফটেনেণ্ট গৱৰ্ণৰ আৰু প্ৰশাসনীয় প্ৰাধিকাৰীসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে সম্পন্ন হোৱা এয়া হ’ব দ্বিতীয়খন এনেধৰণৰ আলোচনা-সভা। যোৱা ২৭ মাৰ্চ, ২০২০ তাৰিখে অনুষ্ঠিত হৈ যোৱা প্ৰথমখন আলোচনা-সভাত দেশৰ ১৪গৰাকী ৰাজ্যপাল আৰু দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰে তেওঁলোকৰ অভিজ্ঞতা প্ৰকাশ কৰিছিল। কাইলৈ অনুষ্ঠিতব্য সভাখনত বাকীসকল ৰাজ্যপাল-লেফটেনেণ্ট গৱৰ্ণৰে তেওঁলোকৰ অভিজ্ঞতাসমূহৰ আদান-প্ৰদান কৰিব।

কাইলৈ অনুষ্ঠিতব্য আলোচনাৰ কাৰ্যসূচীত ৰাজ্যসমূহৰ ক’ভিড-১৯ৰ শেহতীয়া পৰিস্থিতি, আক্ৰান্ত হোৱাৰ প্ৰবল আশংকা থকা সমাজৰ ব্যক্তিসকলৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দি ‘ৰে’ড-ক্ৰছ’য়ে পালন কৰা ভূমিকা আৰু নটভেল কটৰোনাভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহে অব্যাহত ৰখা অভিযানত অসামৰিক সামাজিক/স্বেচ্ছাসেৱী সংগঠন/ব্যক্তিগত খণ্ডই আগবঢ়োৱা সহযোগিতা আদিৰ প্ৰসংগসমূহ অন্তৰ্ভুক্ত কৰা হ’ব।

***

VRRK/SH/KB



(Release ID: 1610343) Visitor Counter : 187