অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়

লাইফলাইন উড়ান বিমানে সামৰি ল’লে ৭০০০০ কিলোমিটাৰ আকাশীপথ

দেশৰ দুৰ্গম অঞ্চললৈ চিকিৎসা যোগান প্ৰেৰণ কৰিলে কাৰ্গো বিমানে

Posted On: 01 APR 2020 8:48PM by PIB Guwahati

লাইফলাইন উড়ানৰ অধীনত এয়াৰ ইণ্ডিয়া গ্ৰুপে ইয়াৰ ৭৪ খন কাৰ্গো বিমানৰ ভিতৰত ৫৬ খন কাৰ্গো বিমান আজিৰ তাৰিখলৈ সক্ৰিয়ভাৱে পৰিবহন কৰাই আছে। ২৬ মাৰ্চৰ পৰা ৩১ মাৰ্চ, ২০২০ তাৰিখলৈ এয়াৰ ইণ্ডিয়া, এলায়েন্স এয়াৰ, ভাৰতীয় বায়ু সেনা, পৱনহংস আৰু অন্যান্য ব্যক্তিগত বিমান পৰিবহন প্ৰতিষ্ঠানে বিমান পৰিবহন অব্যাহত ৰাখিছিল। উল্লেখ্য যে আজিলৈ এই লাইফলাইন উড়ান বিমানসমূহে ৭০,০০০ কিলোমিটাৰ আকাশী পথৰ দূৰত্ব সামৰি লৈছে আৰু এই পৰ্যন্ত ৩৮ টন কাৰ্গো পৰিবহন কৰাইছে। বিমানবন্দৰবোৰৰ পৰা আৰু বিমানবন্দৰলৈ স্থলপথেৰে এই কাৰ্গোসমূহ স্থানান্তৰ কৰাৰ ক্ষেত্ৰত তথা বিমান পৰিবহনৰ সৈতে জড়িত ব্যক্তিসকলৰ যাতায়াতক ক্ষেত্ৰত অহা বিভিন্ন প্ৰতিবন্ধকতাৰ বাবেই লাইফলাইন উড়ান বিমানসমূহ চলোৱা হৈছে।

এই বিমানসমূহে কঢ়িয়াই নিয়া কাৰ্গোসমূহৰ ভিতৰত আছে কম ওজনৰ বৃহৎ পৰিমাণৰ সামগ্ৰী যেনে মাস্ক, গ্লোভছ আৰু অন্যান্য উপভোক্তাৰ সামগ্ৰী, যাৰ বাবে প্ৰতিটন সামগ্ৰীৰ ক্ষেত্ৰত যথেষ্ট ঠাইৰ প্ৰয়োজন হয়। সঠিক যতন তথা সাৱধানতা নিশ্চিতিৰে যাত্ৰী বহা ঠাইবোৰতো কাৰ্গো বা সামগ্ৰীৰ বোজা ৰখাৰ বাবে বিশেষ অনুমতিও প্ৰদান কৰা হৈছে।

আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অহা ৩ এপ্ৰিল, ২০২০ তাৰিখৰ পৰা জৰুৰীকালীন চিকিৎসা সামগ্ৰীৰ যোগানৰ বাবে ভাৰত আৰু চীনৰ মাজত এক ‘এয়াৰ-ব্ৰীজ’ আৰম্ভ কৰিবলৈ অসামৰিক বিমান পৰিবহন মন্ত্ৰালয় আৰু এয়াৰ ইণ্ডিয়াই চীনা কৰ্তৃপক্ষৰ সৈতে যাৱতীয় কাম-কাজ কৰি আছে। অসামৰিক বিমান পৰিবহন মন্ত্ৰালয় আৰু বিমান পৰিবহন উদ্যোগটোৱে কাৰ্যকৰীভাৱে আৰু কম-খৰচী উপায়েৰে ভাৰতৰ দুৰ্গম এলেকাবোৰলৈ মেডিকেল এয়াৰ-কাৰ্গো প্ৰেৰণেৰে ক’ভিড-১৯ ৰ বিৰুদ্ধে ভাৰতে চলাই থকা যুঁজখনলৈ সহায়ৰ হাত আগবঢ়াই যোৱাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।

লাইফলাইন উড়ানৰ বিমানসমূহৰ তাৰিখভিত্তিত পৰিবহনৰ তালিকা তলত দিয়াধৰণৰ -:

ক্ৰমিক নং

তাৰিখ

এয়াৰ ইণ্ডিয়া

এলায়েন্স

ভাৰতীয় বায়ু সেনা

ইণ্ডিগ’

স্পাইচ জেট

পৰিবহন হোৱা মুঠ বিমানৰ সংখ্যা

২৬..২০২০

০২

-

-

-

০২

০৪

২৭..২০২০

০৪

০৯

-

-

-

১৩

২৮..২০২০

০৪

০৮

-

০৬

-

১৮

২৯..২০২০

০৪

১০

০৬

--

-

২০

৩০..২০২০

০৪

-

০৩

--

-

০৭

৩১..২০২০

০৯

০২

০১

 

 

১২

 

মুঠ বিমান

২৭

২৯

১০

০৬

০২

৭৪

* এয়াৰ ইণ্ডিয়া আৰু ভাৰতীয় বায়ু সেনাই লাডাখ, ডিমাপুৰ, ইম্ফল, গুৱাহাটী আৰু প’ৰ্টব্লেয়াৰত সেৱা আগবঢ়াইছে।

****

RJ/NG/RD



(Release ID: 1610322) Visitor Counter : 68