ৰেল মন্ত্ৰালয়

ক’ভিড-১৯ ৰ লকডাউনৰ সময়ত অত্যাৱশ্যকীয় আৰু অন্যান্য সামগ্ৰীৰ পৰিৱহণৰ ক্ষেত্ৰত পাৰ্চেল ৰে’ল গাড়ীসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে

যোগান শৃংখল কাৰ্যক্ষম কৰি ৰাখিবলৈ ১০ টা পথেৰে সময়মতে পাৰ্চেল ৰে’ল গাড়ীৰ চলাচল হৈ আছে আৰু বিশেষ পাৰ্চেল ৰে’ল গাড়ীৰ বাবে ১৮ টা নতুন পথৰ সংযোজন কৰাৰ আঁচনি কৰা হৈছে।

এতিয়ালৈকে ভাৰতীয় ৰে’ল বিভাগে সমগ্ৰ দেশৰ বিভিন্ন লক্ষ্যস্থান অভিমূখে পঠিয়াবলৈ ৩০ খন বিশেষ পাৰ্চেল ৰে’ল গাড়ীত সামগ্ৰী উঠাইছে।

গ্ৰাহকৰ চাহিদা অনুসৰি ভাৰতীয় ৰে’ল বিভাগে গাখীৰ আৰু খাদ্য সামগ্ৰীৰ বাবেও পাৰ্চেল ৰে’ল গাড়ীৰ চলাচল কৰাই আছে।

ভাৰতীয় ৰে’ল বিভাগে ৰাজ্য চৰকাৰসমূহৰ চাহিদা অনুসৰি ৰাজ্যৰ ভিতৰতে কম দূৰত্বৰ পাৰ্চেল ৰে’ল গাড়ীৰ চলাচল কৰোওৱাৰ প্ৰস্তুতি হাতত লৈছে।<
ক’ভিড-১৯ ৰ লকডাউনৰ সময়ত দেশৰ নাগৰিকে যাতে অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱ অনুভৱ নকৰে তাৰবাবে ৰে’ল বিভাগৰ কৰ্মীসকলে প্ৰত্যাহ্বানকো নেওচি সুকলমে এই কামৰ পৰিচালনা কৰি আছে।

Posted On: 02 APR 2020 12:56PM by PIB Guwahati

’ভিড-১৯ ৰ লকডাউনৰ সময়ত দেশৰ নাগৰিকে যাতে অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱ অনুভৱ নকৰে তাৰবাবে ভাৰতীয় ৰে’ল বিভাগে সমগ্ৰ দেশৰ বিভিন্ন লক্ষ্যস্থানলৈ পাৰ্চেল ৰে’ল গাড়ীৰ চলাচল অব্যাহত ৰাখিছে। ভাৰতীয় ৰে’ল বিভাগে ইতিমধ্যেই সমগ্ৰ দেশৰ বিভিন্ন স্থানলৈ মালবাহী গাড়ীৰ জৰিয়তে অধিক মাত্ৰাত খাদ্যশস্য, খোৱাতেল, নিমখ, চেনি, কয়লা, চিমেন্ট, গাখীৰ, ফল, পাচলি আদি সামগ্ৰী পঠিয়াইছে, কিন্তু তুলনামূলকভাৱে কম মাত্ৰাত সামগ্ৰী পঠিয়াবৰ বাবে পাৰ্চেল ৰে’ল গাড়ীৰ ব্যৱহাৰ কৰা হৈছে।

এতিয়ালৈকে ভাৰতীয় ৰে’ল বিভাগে সমগ্ৰ দেশৰ বিভিন্ন লক্ষ্যস্থান অভিমূখে পঠিয়াবলৈ ৩০ খন বিশেষ পাৰ্চেল ৰে’ল গাড়ীত সামগ্ৰী উঠাইছে। তলত তাৰ সবিশেষ উল্লেখ কৰা হৈছেঃ

ক্ৰ. নং

যাত্ৰাৰম্ভৰ স্থান

লক্ষ্যস্থান

সামগ্ৰী

পালনপুৰ (গুজৰাট)

পালৱাল (দিল্লী অঞ্চল)

গাখীৰ

জলগাঁও

নিউ গুৱাহাটী

অন্যান্য সামগ্ৰী

নিউ তিনিচুকীয়া

গোধানি (নাগপুৰ)

অন্যান্য সামগ্ৰী

কৰমবেলি (গুজৰাট) 

নিউ গুৱাহাটী

সাধাৰণ সামগ্ৰী

দাহানো ৰোড (পালঘৰ)

বাৰিব্ৰাহ্মণ (জম্মু)

শুকান ঘাঁহ

কঙ্কৰিয়া (আহমেদাবাদ)

ভীমসেন (কানপুৰ)

দুগ্ধজাত সামগ্ৰী

পালনপুৰ (গুজৰাট))

পালৱাল (দিল্লী অঞ্চল)

গাখীৰ

নিউ গুৱাহাটী

কৰমবেলি (গুজৰাট) 

অন্যান্য সামগ্ৰী

পালনপুৰ (গুজৰাট)

পালৱাল (দিল্লী অঞ্চল)

গাখীৰ

১০

ৰেণীগুন্টা

নিজামুদ্দিন

গাখীৰ

১১

পালনপুৰ (গুজৰাট)

পালৱাল (দিল্লী অঞ্চল)

গাখীৰ

১২

পালনপুৰ (গুজৰাট)

পালৱাল (দিল্লী অঞ্চল)

গাখীৰ

১৩

চালেম

ভাটিণ্ডা

কৃষিৰ বীজ

১৪

’গা

চাংসাৰি (গুৱাহাটী)

দুগ্ধজাত সামগ্ৰী

১৫

কঙ্কৰিয়া (আহমেদাবাদ)

শংকৰেইল(হাওৰা)

পাউদাৰ গাখীৰ

১৬

দাহানো ৰোড (পালঘৰ)

বাৰিব্ৰাহ্মণ (জম্মু)

শুকান ঘাঁহ

১৭

ভূপাল

গোৱালিয়ৰ

ফল

১৮

গোধানি (নাগপুৰ)

নিউ তিনিচুকীয়া

অন্যান্য সামগ্ৰী

১৯

নাঙ্গলধাম

চাংসাৰি (গুৱাহাটী)

এফ এম চি জিৰ সামগ্ৰী

২০

চেন্নাই

নতুন দিল্লী

অন্যান্য সামগ্ৰী

২১

য়শোৱন্তপুৰ

হাওৰা

অন্যান্য সামগ্ৰী

২২

বান্দ্ৰা টাৰ্মিনেল

লুধিয়ানা

চিকিৎসা সম্পৰ্কীয় সামগ্ৰী/মাস্ক

২৩

ৰেৱা

অনুপ্পুৰ

অন্যান্য সামগ্ৰী

২৪

ভূপাল

খণ্ডৱা

অন্যান্য সামগ্ৰী

২৫

ইটাৰ্ছি

বীনা

অন্যান্য সামগ্ৰী

২৬

চেন্নাই ইগমোৰ

নাগেৰকইল

ঔষধ আৰু কিতাপ

২৭

চালেম

হিচাৰ

কৃষি বীজ

২৮

নতুন দিল্লী

হাওৰা

অন্যান্য সামগ্ৰী

২৯

কৰমবেলি (গুজৰাট)  

চাংসাৰি (গুৱাহাটী)

অন্যান্য সামগ্ৰী

৩০

পালনপুৰ (গুজৰাট)

পালৱাল (দিল্লী অঞ্চল)

গাখীৰ

’ভিড-১৯ ৰ লকডাউনৰ সময়ত দেশৰ নাগৰিকে যাতে অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱ অনুভৱ নকৰে তাৰবাবে ৰে’ল বিভাগৰ কৰ্মীসকলে প্ৰত্যাহ্বানকো নেওচি অতি সাহসেৰে এই কামৰ সুকলমে পৰিচালনা কৰি আছে।

কৰ্মচাৰীৰ এই উৎকৃষ্ট কৰ্ম-নিদৰ্শনৰদ্বাৰা অনুপ্ৰাণিত হৈ ৰে’ল বিভাগৰ খণ্ডসমূহে ২০২০ ৰ ৩১ মাৰ্চৰপৰা নিৰ্দ্ধাৰিত সময়ত পাৰ্চেল ৰে’ল গাড়ীৰ চলাচল আৰম্ভ কৰিছে।পাৰ্চেল ৰে’ল গাড়ীৰ চলাচলৰ নিৰ্দ্ধাৰিত পথ আৰু সময়সূচীঃ

ক্ৰ. নং

যাত্ৰাৰম্ভৰ স্থান

লক্ষ্যস্থান

নিৰ্দ্ধাৰিত পথ আৰু সময়সূচী

বান্দ্ৰা টাৰ্মিনেল

লুধিয়ানা

সপ্তাহত তিনিদিন (আহমেদাবাদ, জয়পুৰ, দিল্লী হৈ)

দিল্লী

হাওৰা

সপ্তাহত তিনিদিন

য়শোৱন্তপুৰ

হাওৰা

সপ্তাহত তিনিদিন (চেন্নাই হৈ)

ছিকণ্ডৰাবাদ

হাওৰা

সাপ্তাহিক

শংকৰেইল(হাওৰা)

গুৱাহাটী

সাপ্তাহিক

চেন্নাই

দিল্লী

সাপ্তাহিক

কঙ্কৰিয়া (আহমেদাবাদ)

শংকৰেইল(হাওৰা)

সাপ্তাহিক

কল্যাণ

শংকৰেইল(হাওৰা)

সাপ্তাহিক (নাচিক, নাগপুৰ, বিলাসপুৰ হৈ)

কল্যাণ

চাংসাৰি

সাপ্তাহিক (নাচিক, নাগপুৰ, বিলাসপুৰ হৈ)

১০

কৰমবেলি

চাংসাৰি

সাপ্তাহিক

’ভিড-১৯ ৰ লকডাউনৰ সময়ত অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান খৰতকীয়া কৰিবৰ বাবে সমগ্ৰ দেশতে ভাৰতীয় ৰে’ল বিভাগে আন আন অঞ্চলৰ বাবেও বিভিন্ন পথ চিনাক্ত কৰিছে। চাহিদা অনুসৰি বিশেষ পাৰ্চেল ৰে’ল গাড়ীৰো ব্যৱস্থা কৰা হ’ব।ৰে’ল বিভাগৰ বিভিন্ন খণ্ডসমূহে বিশেষ পাৰ্চেল ৰে’ল গাড়ীৰ বাবে তলৰ পথসমূহ চিনাক্ত কৰিছেঃ

১. নতুন দিল্লী – গুৱাহাটী

২. নতুন দিল্লী – মুম্বাই চেন্ট্ৰেল

৩. নতুন দিল্লী –কল্যাণ

৪. চণ্ডীগড় – জয়পুৰ

৫. ম’গা – চাংসাৰি

৬. কল্যাণ - নতুন দিল্লী

৭. নাচিক - নতুন দিল্লী

৮. কল্যাণ – শান্ত্ৰাগাছি

৯. কল্যাণ – চাংসাৰি

১০ কইম্ব’ট’ৰ- পেটেল নগৰ(দিল্লী অঞ্চল)

১১. পেটেল নগৰ(দিল্লী অঞ্চল) – কইম্ব’ট’ৰ

১২. কইম্ব’ট’ৰ – ৰাজকোট

১৩. ৰাজকোট- কইম্ব’ট’ৰ

১৪. কইম্ব’ট’ৰ – জয়পুৰ

১৫. জয়পুৰ- কইম্ব’ট’ৰ

১৬. চালেম – ভাটিণ্ডা

১৭. কঙ্কৰি-লুধিয়ানা

১৮. শংকৰেইল – বেঙ্গালুৰু

১৯. চাহিদা অনুসৰি অন্য কোনো স্থান

ভাৰতীয় ৰে’ল বিভাগে এই সময়ত গ্ৰাহকৰ চাহিদা অনুসৰি অন্য পাৰ্চেল ৰে’ল গাড়ী কিছুমানো চলাচল কৰাই আছেঃ

ক) পালনপুৰ (গুজৰাট)ৰ পৰা পালৱাল (দিল্লী অঞ্চল)লৈ আৰু ৰেণীগুন্টা (অন্ধ্ৰ প্ৰদেশ)ৰ পৰা দিল্লীলৈ ‘গাখীৰ বিশেষ’ পাৰ্চেল ৰে’ল গাড়ী

খ) কঙ্কৰিয়া (আহমেদাবাদ)ৰ পৰা কানপুৰ আৰু ক’লকাতাৰ ওচৰৰ শংকৰেইললৈকে দুগ্ধজাত সামগ্ৰীৰ পাৰ্চেল ৰে’ল গাড়ী

গ) পঞ্জাৱৰ ম’গাৰ পৰা অসমৰ চাংসাৰিলৈ খাদ্য সামগ্ৰীৰ পাৰ্চেল ৰে’ল গাড়ী

ভাৰতীয় ৰে’ল বিভাগৰ খণ্ডসমূহে ৰাজ্য চৰকাৰসমূহৰ লগত সহযোগিতা কৰি চাহিদা অনুসৰি ৰাজ্যৰ ভিতৰতে কম দূৰত্বৰ পাৰ্চেল ৰে’ল গাড়ীৰ চলাচল কৰোওৱাৰ প্ৰস্তুতি হাতত লৈছে। মধ্য প্ৰদেশ চৰকাৰৰ অনুৰোধক্ৰমে পশ্চিম কেন্দ্ৰীয় ৰে’ল খণ্ডই মধ্য প্ৰদেশৰ ভিতৰতে তলত দিয়া পাঁচটা পথেৰে পাৰ্চেল ৰে’ল গাড়ীৰ চলাচলৰ পদক্ষেপ হাতত লৈছেঃ

  • ভূপাল - গোৱালিয়ৰ
  • ইটাৰ্ছি - বীণা
  • ভূপাল- খণ্ডৱা
  • ৰেৱা- অনুপ্পুৰ
  • ৰেৱা- চিংগ্ৰাউলি

উল্লেখনীয় যে ভাৰতীয় ৰে’ল বিভাগে নিৰ্দ্ধাৰিত সময়সূচী অনুসৰি পাৰ্চেল ৰে’ল গাড়ীৰ চলাচল কৰি আছে।

এই নিৰ্দ্ধাৰিত সময়সূচীমতে চলি থকা পাৰ্চেল ৰে’ল গাড়ীসমূহৰ পূৰ্ব-নিৰ্দ্ধাৰিত ষ্ট’পেজ আছে আৰু কোনো সামগ্ৰী বাটত এই ষ্টপেজসমূহৰ পৰা সংগ্ৰহ কৰিবৰ বাবে পৰিমাণ অনুসৰি আগতীয়াকৈ জনাব লাগে। সকলো প্ৰয়োজনীয় সামগ্ৰী সময়মতে যোগান দিবৰ বাবে এই ব্যৱস্থা হাতত লোৱা হৈছে। 

স্থানীয় উদ্যোগ, ই-বাণিজ্য প্ৰতিষ্ঠান, কোনো আগ্ৰহী গোট, প্ৰতিষ্ঠান, ব্যক্তিয়ে প্ৰয়োজনত খণ্ড পৰ্যায়ৰ ৰে’ল বিভাগৰ বিষয়াৰ সৈতে যোগাযোগ কৰিব পাৰে। বিভিন্ন ষ্টে’শ্যনৰ বিষয়াসকলৰ যোগাযোগৰ তথ্যও বিভিন্ন মাধ্যম তথা বিজ্ঞাপনযোগে উপলব্ধ কৰা হৈছে।

***

SG/MKV/PRK



(Release ID: 1610300) Visitor Counter : 123