গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়
‘লক ডাউন’ৰ সময়চোৱাত সমগ্ৰ দেশতে খাদ্য দ্ৰব্যৰ যোগান নিয়মীয়া কৰি ৰখাৰ বাবে এফচিআইৰ তত্পৰতা
আজি ৫৩ ৰে’ল ৰেক-ত সামগ্ৰীৰ বোজাই, ২৪ মাৰ্চত ‘লক ডাউন’ ঘোষণাৰ পৰা ৩৫২ৰেকত ৯.৮৬লাখ মেট্ৰিক টন খাদ্য দ্ৰব্যৰ পৰিবহণ
प्रविष्टि तिथि:
01 APR 2020 9:16PM by PIB Guwahati
দেশত অব্যাহত ‘লক ডাউন’ৰ সময়চোৱাতো চাউল আৰু ঘেহুৰ যোগান নিয়মীয়া ৰূপত অব্যাহত ৰখাৰ বাবে ‘ভাৰতীয় খাদ্য নিগম’-এফচিআই-য়ে বিশেষ তত্পৰতা গ্ৰহণ কৰিছে। নিগমে কেৱল ‘ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন’ৰ আধীনত প্ৰতিগৰাকী হিতাধিকাৰীলৈ প্ৰতি মাহে ৫কিলোগ্ৰামকৈ প্ৰদান কৰিব লগা খাদ্য সামগ্ৰীৰ বাবেই প্ৰস্তুতি সম্পূৰ্ণ কৰা নাই বৰঞ্চ প্ৰতিগৰাকী ব্যক্তিৰ বিপৰীতে ৫কিলোগ্ৰামকৈ, অহা তিনি মাহত ৮১.৩৫কোটি ব্যক্তিক বিতৰণ কৰিব লগা ‘প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা’ৰ অধীনৰ খাদ্য দ্ৰব্যৰ যোগানো নিশ্চিত কৰিব বিচাৰিছে। যোৱা ৩১ মাৰ্চ, ২০২০ পৰ্যন্ত ৫৬.৭৫ নিযুত মেট্ৰিক টন পৰিমাণৰ খাদ্য দ্ৰব্য(৩০.৭ নিযুত মেট্ৰিক টন চাউল আৰু ২৬.০৬ নিযুত মেট্ৰিক টন ঘেহু)ৰ যোগান ধৰিছে নিগমে।
প্ৰত্যাহ্বানপূৰ্ণ এই সময়তো দেশৰ প্ৰান্তে প্ৰান্তে বৃদ্ধি পোৱা খাদ্য-দ্ৰব্যৰ চাহিদা পূৰণ কৰিবলৈ নিগমে তত্পৰতা বৃদ্ধি কৰিছে। এই সময়চোৱাত বিভিন্ন স্থানলৈ প্ৰেৰণ কৰা চাউল আৰু ঘেহুৰ সৰহখিনিয়েই ৰে’লৰ জৰিয়তে প্ৰেৰণৰ ব্যৱস্থা কৰা হৈছে। আজি দিনটোত ৫৩টা ৰে’ল ৰেক-ত সামগ্ৰীৰ বোজাই কৰাৰ বিপৰীতে যোৱা ২৪ মাৰ্চত দেশত ‘লক ডাউন’ ঘোষণাৰে পৰা এই পৰ্যন্ত ৩৫২টা ৰেকত ৯.৮৬লাখ মেট্ৰিক টন খাদ্য সামগ্ৰীৰ প্ৰেৰণ কৰিছে নিগমে।
বৰ্দ্ধিত চাহিদালৈ চাই আটাৰ নাটনি নোহোৱাটো নিশ্চিত কৰিবলৈ নিগমে ‘মুকলি বজাৰ বিক্ৰী আঁচনি’(অএমএছএছ)ৰ অধীনত ‘ই-নিবিদা’ৰ ব্যৱস্থা কৰি বিধিগত ৰ’লাৰ মিল/ৰাজ্য চৰকাৰসমূহলৈ ঘেহু আৱণ্টনৰ ব্যৱস্থা কৰিছে। শেহতীয়াভাবে যোৱা ৩১ মাৰ্চ ২০২০ত সম্পন্ন কৰা ‘ই-নিবিদা’ প্ৰক্ৰিয়াৰ জৰিয়তে নিগমে ১.৪৪ লাখ মেট্ৰিক টন ঘেহুৰ বাবে নিবিদা লাভ কৰিছে। ইফালে, এই পৰ্যন্ত ৭৯০২৭ মেট্ৰিক টন পৰিমাণৰ ঘেহু বিভিন্ন ৰাজ্যলৈ আৱণ্টিত কৰা হৈছে।
|
ক্ৰমিক নং
|
ৰাজ্য
|
পৰিমাণ (in MT)
|
|
i
|
উত্তৰ প্ৰদেশ
|
35675
|
|
ii
|
বিহাৰ
|
22870
|
|
iii
|
হিমাচল প্ৰদেশ
|
11500
|
|
iv
|
হাৰিয়াণা
|
4190
|
|
v
|
পাঞ্জাৱ
|
2975
|
|
vi
|
গোৱা
|
1100
|
|
vii
|
উত্তৰাখণ্ড
|
375
|
|
viii
|
ৰাজস্থান
|
342
|
আনহাতে, যোৱা ৩১ মাৰ্চ ২০২০ত সম্পন্ন কৰা ‘ই-নিবিদা’ প্ৰক্ৰিয়াৰ জৰিয়তে নিগমে ৭৭০০০ মেট্ৰিক টন চাউলৰ বাবে তেলেংগাণা, তামিলনাডু আৰু জম্মু আৰু কাশ্মীৰৰ পৰা নিবিদা আহৰণ কৰিছে। এই পৰ্যন্ত ৬খন ৰাজ্যই জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই ৯৩৩৮৭ মট্ৰিক টন পৰিমাণৰ চাউল সংশ্লিষ্ট ৰাজ্যকেইখনলৈ আৱণ্টিত কৰা হৈছে।
|
ক্ৰমিক নং
|
ৰাজ্য
|
পৰিমাণ (in MT)
|
|
i
|
তেলেংগাণা
|
50000
|
|
ii
|
অসম
|
16160
|
|
Iii
|
মেঘালয়
|
11727
|
|
Iv
|
মণিপুৰ
|
10000
|
|
V
|
গোৱা
|
4500
|
|
Vi
|
অৰুণাচল প্ৰদেশ
|
1000
|
*****
APS/PK/MS/BH/KB
(रिलीज़ आईडी: 1610124)
आगंतुक पटल : 265