অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়
                
                
                
                
                
                
                    
                    
                        লাইফলাইন উড়ানৰ অধীনত বৰ্তমানলৈকে ৭৪খন বিমান চলাচল কৰা হৈছ; এদিনতে পৰিবহণ কৰা হৈছে ২২টনতকৈ অধিক সামগ্ৰী
                    
                    
                        
                    
                
                
                    Posted On:
                01 APR 2020 3:57PM by PIB Guwahati
                
                
                
                
                
                
                অসামৰিক পৰিবহণ মন্ত্ৰালয়ৰ লাইফলাইন উড়ান প্ৰচেষ্টাৰ অধীনত সমগ্ৰ দেশত চিকিৎসা সামগ্ৰী পৰিবহণৰ বাবে আজিলৈকে ৭৪খন বিমান চলাচল কৰা হৈছে৷ বৰ্তমানলৈকে ৩৭.৬৩ টনৰ ভিতৰত ৩১ মাৰ্চতে ২২ টনতকৈ অধিক সামগ্ৰী পৰিবহণ কৰা হৈছে৷
৩১ মাৰ্চত চলাচল কৰা বিমানসমূহ হৈছেঃ
লাইফলাইন ১: এয়াৰ ইণ্ডিয়া বিমানঃ মুম্বাইৰ পৰা দিল্লী, গুৱাহাটী, মুম্বাইলৈ চলাচল কৰা এই বিমানত মেঘালয়, অসম, আইচিএমআৰ, নাগালেণ্ড, অৰুণাচলপ্ৰদেশ আৰু পুনেৰ সামগ্ৰী অনা-নিয়া কৰা হয়৷
লাইফলাইন ২: এয়াৰ ইণ্ডিয়া বিমানঃ নতুন দিল্লীৰ পৰা হায়দৰাবাদ, ত্ৰিবান্দম, গোৱা, দিল্লীলৈ চলাচল কৰা বিমানত অন্ধ্ৰপ্ৰদেশ, কেৰালা, আইচিএমআৰ, গোৱাৰ সামগ্ৰী অনা-নিয়া কৰা হয়৷
লাইফলাইন ৩: সহযোগী বিমান: হায়দৰাবাদৰ পৰা বাংগালুৰু, হায়দৰাবাদলৈ চলাচল কৰা বিমান বস্ত্ৰ মন্ত্ৰালয়ৰ সামগ্ৰী কঢ়িওৱা হয়৷
লাইফলাইন ৪: এয়াৰ ইণ্ডিয়া বিমানঃ চেন্নাইৰ পৰা পোৰ্ট ব্লেয়াৰ পুনৰ চেন্নাইলৈ অহা-যোৱা৷
লাইফলাইন ৫: আইএএফ বিমান: হিন্দন (দিল্লী)ৰ পৰা ছুলুৰ হৈ পোৰ্ট ব্লেয়াৰলৈ যাত্ৰা৷
ক’ভিড-১৯ৰ বিৰুদ্ধে ভাৰতে কৰা যুঁজৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰৰ অসামৰিক পৰিবহণ মন্ত্ৰালয়ে সমগ্ৰ দেশত চিকিৎসা আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী পৰিবহণৰ বাবে ‘লাইফলাইন’ শীৰ্ষক এক আঁচনি শুভাৰম্ভ কৰি বিমান চলাচল কৰিছে৷
বিমান চলাচলৰ সবিশেষ তলত দিয়া ধৰণৰঃ
	
		
			| 
			 ক্ৰ. 
			নং. 
			 | 
			
			 দিন 
			 | 
			
			 এয়াৰ ইণ্ডিয়া 
			 | 
			
			 সহযোগী্ 
			 | 
			
			 আইএএফ 
			 | 
			
			 ইণ্ডিগ’ 
			 | 
			
			 স্পাইচজেট 
			 | 
			
			 সৰ্বমুঠ চলাচল কৰা বিমান 
			 | 
		
		
			| 
			 ১ 
			 | 
			
			 ২৬.০৩.২০২০ 
			 | 
			
			 ০২ 
			 | 
			
			 - 
			 | 
			
			 - 
			 | 
			
			 - 
			 | 
			
			 ০২ 
			 | 
			
			 ০৪ 
			 | 
			
			   
			 | 
		
		
			| 
			 ২ 
			 | 
			
			 ২৭.০৩.২০২০ 
			 | 
			
			 ০৪ 
			 | 
			
			 ০৯ 
			 | 
			
			 - 
			 | 
			
			 - 
			 | 
			
			 - 
			 | 
			
			 ১৩ 
			 | 
			
			   
			 | 
		
		
			| 
			 ৩ 
			 | 
			
			 ২৮.০৩.২০২০ 
			 | 
			
			 ০৪ 
			 | 
			
			 ০৮ 
			 | 
			
			 - 
			 | 
			
			 ০৬ 
			 | 
			
			 - 
			 | 
			
			 ১৮ 
			 | 
			
			   
			 | 
		
		
			| 
			 ৪ 
			 | 
			
			 ২৯.০৩.২০২০ 
			 | 
			
			 ০৪ 
			 | 
			
			 ১০ 
			 | 
			
			 ০৬ 
			 | 
			
			 -- 
			 | 
			
			 - 
			 | 
			
			 ২০ 
			 | 
			
			   
			 | 
		
		
			| 
			 ৫ 
			 | 
			
			 ৩০.০৩.২০২০ 
			 | 
			
			 ০৪ 
			 | 
			
			 - 
			 | 
			
			 ০৩ 
			 | 
			
			 -- 
			 | 
			
			 - 
			 | 
			
			 ০৭ 
			 | 
			
			   
			 | 
		
		
			| 
			 ৬ 
			 | 
			
			 ৩১.০৩.২০২০ 
			 | 
			
			 ০৯ 
			 | 
			
			 ০২ 
			 | 
			
			 ০১ 
			 | 
			
			   
			 | 
			
			   
			 | 
			
			 ১২ 
			 | 
			
			   
			 | 
		
		
			| 
			   
			 | 
			
			 মুঠ বিমান 
			 | 
			
			 ২৭ 
			 | 
			
			 ২৯ 
			 | 
			
			 ১০ 
			 | 
			
			 ০৬ 
			 | 
			
			 ০২ 
			 | 
			
			 ৭৪ 
			 | 
			
			   
			 | 
		
	
* এয়াৰ ইণ্ডিয়া আৰু ভাৰতীয় বায়ু সেনাই লাডাখ, ডিমাপুৰ, ইম্ফল, গুৱাহাটী আৰু পোৰ্ট ব্লেয়াৰৰ বাবে সহযোগিতা আগবঢ়াইছে৷
	- আজিৰে পৰা চিকিৎসা ক্ষেত্ৰৰ নামত উচৰ্গিত এয়াৰ কাৰ্গ’ সম্পৰ্কীয় এক ৱেবচাইট শুভাৰম্ভ কৰি আজিৰে পূৰ্ণোদ্যমে কাম কৰি আছে৷ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ত থকা ৱেবছাইটত (www.civilaviation.gov.in) এই লিংকত উপলব্ধ৷
 
	- ঘুৰুৱা কাৰ্গ’ অপাৰেটৰ; ব্লু ডাৰ্ট আৰু স্পাইচজেটে বাণিজ্যিক ভিত্তিক বিমানেৰে সামগ্ৰী অনা-নিয়া কৰি আছে৷ 
 
****
RJ/NG/DB
                
                
                
                
                
                (Release ID: 1610079)
                Visitor Counter : 259