ৰেল মন্ত্ৰালয়

লকডাউনৰ সময়ছোৱাত অভাৱী লোকসকলক খাদ্য প্ৰদান অব্যাহত ৰাখিছে ভাৰতীয় ৰেলৱে’ই ২৮মাৰ্চৰ পৰা প্ৰায় ১.৪ লাখ ৰন্ধা খাদ্য বিতৰণ

আইআৰচিটিচি ৰান্ধনিঘৰে ১লাখৰো অধিক ৰন্ধা খাদ্য প্ৰস্তুত কৰিছে


ৰেলৱে’ সুৰক্ষা বাহিনীয়ে খাদ্য বিতৰণ কৰাৰ লগতে নিজাববীয়াকৈ ৩৮৬০০ খাদ্য প্ৰদান কৰিছে

Posted On: 01 APR 2020 6:00PM by PIB Guwahati

ভাৰতীয় ৰেলৱে’ই ইয়াৰ আইআৰচিটিচি ৰান্ধনিঘৰৰ জৰিয়তে আৰু আৰপিএফ, জিআৰপি, ৰাজ্য চৰকাৰ, এনজিঅ’ আৰু বিভিন্ন মণ্ডলৰ বাণিজ্যিক বিভাগৰ সহায়ত অভাৱী লোকসকলৰ মাজত দুপৰীয়া আৰু নিশাৰ আহাৰ বিতৰণ কৰিছে৷ আইআৰচিটিচিয়ে আৰপিএফ আৰু অন্যান্য ৰেলৱে’ বিভাগৰ সৈতে এটা দল হৈ অভাৱী লোকসকলৰ মাজত পেপাৰ প্লেটৰ সৈতে দুপৰীয়াৰ ৰন্ধা আহাৰ আৰু নিশাৰ বাবে খাদ্যৰ পেকেট যোগান ধৰিছে৷ অভাৱী লোকসকলৰ মাজত খাদ্য বিতৰণৰ সময়ত সামাজিক দূৰত্ব আৰু পৰিস্কাৰ-পৰিচ্ছন্নতা বৰ্তাই ৰখা হৈছে৷ ৰেলৱে’ ষ্টেচনৰ চৌহদৰ বাহিৰৰ অভাৱগ্ৰস্ত লোকসকলকো এই প্ৰচেষ্টাই সাঙুৰি লৈছে৷ এই ক্ষেত্ৰত সংশ্লিষ্ট মণ্ডল আৰু সংমণ্ডলৰ জিএম অথবা ডিআৰএমে জিলা প্ৰশাসন আৰু এনজিঅ’ৰ সহায়ত আইআৰচিটিচি বিষয়াসকলক সহযোগ কৰিছে৷ নতুন দিল্লী, বাংগালোৰ, হুবলী, মুম্বাই চেণ্ট্ৰেল, আহমেদাবাদ, ভুছাৱাল, হাওৰা, পাটনা, গয়া, ৰাঁচী, কাটিহাৰ, দীন দয়াল উপাধ্যায় নগৰ, বালাছোৰ, বিজয়বাড়া, খুড়ডা, কাড়পালি, টিৰুচিৰাপল্লী, ধানবাদ, গুৱাহাটী আৰু সমষ্টিপুৰৰ দৰে বিভিন্ন মণ্ডলৰ ৰেলৱে’ ষ্টেচনত আইআৰচিটিচেয়ে ২৮ মাৰ্চৰ পৰা দৰিদ্ৰ আৰু অভাৱগ্ৰস্তসকলৰ মাজত প্ৰায় ১০২,৯৩৭ আহাৰ বিতৰণ কৰিছে৷ ২৮মাৰ্চত ২৭০০ আহাৰ বিতৰণৰ পৰা আৰম্ভ কৰি আইআৰচিটিচিয়ে মুঠ ২৩টা ষ্টেচনত ১৯মাৰ্চত ১১৫৩০, ৩০মাৰ্চত ২০৪৮৭, ৩১মাৰ্চত ৩০,৮৫০ আৰু আজিৰ দিনটোত ৩৭৩৭০গৰাকী লোকক আহাৰ যোগান ধৰিছে৷

 

ৰেলৱে’ সুৰক্ষা বাহিনীয়ে অভাৱগ্ৰস্ত লোকৰ মাজত খাদ্য বিতৰণত বৃহৎ ভূমিকা পালন কৰিছে৷

২৮মাৰ্চত আৰপিএফে ৭৪টা স্থানত ৫৪১৯গৰাকী অভাৱগ্ৰস্ত লোকক খাদ্য প্ৰদান কৰিছে৷ আইআৰচিটিচি ৰান্ধনীশালত খাদ্য প্ৰস্তুত কৰাৰ লগতে তেওঁলোকে ২৭১৯গৰাকী লোকৰ বাবে আৰপিএফৰ তৰফৰ পৰা নিজাববীয়াকৈ খাদ্যও যোগান ধৰে৷

২৯মাৰ্চত আৰপিএফে ১৪৬টা স্থানত ২১৫৬৮গৰাকী অভাৱগ্ৰস্ত লোকক খাদ্য প্ৰদান কৰিছে৷ আইআৰচিটিচি ৰান্ধনীশালত খাদ্য প্ৰস্তুত কৰাৰ লগতে তেওঁলোকে ৮৭৯০গৰাকী লোকৰ বাবে আৰপিএফৰ তৰফৰ পৰা নিজাববীয়াকৈ খাদ্যও যোগান ধৰে৷ লগতে এনজিঅ’ৰ সহযোগত ৫১৫০গৰাকী লোকলৈ খাদ্য আগবঢ়ায়৷

৩০মাৰ্চত আৰপিএফে ১৮৬টা স্থানত ৩০৭৪১গৰাকী অভাৱগ্ৰস্ত লোকক খাদ্য প্ৰদান কৰিছে৷ আইআৰচিটিচি ৰান্ধনীশালত খাদ্য প্ৰস্তুত কৰাৰ লগতে তেওঁলোকে ১২৪৫৩গৰাকী লোকৰ বাবে আৰপিএফৰ তৰফৰ পৰা নিজাববীয়াকৈ আৰু এনজিঅ’ৰ সহযোগত ৩৭৪৬গৰাকী লোকলৈ খাদ্য আগবঢ়ায়৷

৩১মাৰ্চত আৰপিএফে ১৯৬টা স্থানত ৩৮০৪৫গৰাকী অভাৱগ্ৰস্ত লোকক খাদ্য প্ৰদান কৰিছে৷ আইআৰচিটিচি ৰান্ধনীশালত খাদ্য প্ৰস্তুত কৰাৰ লগতে তেওঁলোকে ১৪৬৩৩গৰাকী লোকৰ বাবে আৰপিএফৰ তৰফৰ পৰা নিজাববীয়াকৈ আৰু এনজিঅ’ৰ সহযোগত ৪০৭২গৰাকী লোকলৈ খাদ্য আগবঢ়ায়৷

কেন্দ্ৰীয় ৰেলৱে’ আৰু বাণিজ্য মন্ত্ৰী শ্ৰী পিয়ুষ গোৱেলেও ভাৰতীয় ৰেলৱে’ৰ বিষয়াসকলক তেওঁলোকৰ মানৱ সক্ষমতা আৰু সম্পদ অনুসৰি অভাৱগ্ৰস্ত লোকসকলক খাদ্য আৰু আন সাহায্য আগবঢ়াবলৈ নিৰ্দেশ দিছে৷

 

****

SG/MKV/MS



(Release ID: 1610068) Visitor Counter : 141