দক্ষতা উন্নয়ন আৰু উদ্যোগশীলতা মন্ত্ৰালয়
“ক’ভিড-১৯ লকডাউনৰ সময়ত প্ৰশিক্ষণৰত সকলে সম্পূৰ্ণ ভাট্টা পাই থাকিব” – ড০ মহেন্দ্ৰ নাথ পাণ্ডে
পোষ্ট কৰা হৈছে:
31 MAR 2020 3:21PM by PIB Guwahati
- সকলো প্ৰতিষ্ঠানে কোনো নিৰ্দিষ্ট কাম বা যিকোনো কামৰ বাবে নিযুক্ত কৰা প্ৰশিক্ষণৰত কৰ্মীসকলক সম্পূৰ্ণ ভাট্টা দিব লাগিব।
- নেপছৰ নিৰ্দেশাৱলীৰ মতে লকডাউনৰ সময়ছোৱাত নেপছৰ অধীনৰ প্ৰতিষ্ঠানসমূহক চৰকাৰে ভাট্টাৰ ধন আদায় দিব।
সকলো ৰাইজৰ প্ৰতি সহযোগিতা আগবঢ়াই ন’ভেল কৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ বদ্ধপৰিকৰ চৰকাৰৰ অংশ হিচাপে দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ে আজি সকলো প্ৰতিষ্ঠানকে কোনো নিৰ্দিষ্ট কাম বা যিকোনো কামৰ বাবে নিযুক্ত কৰা প্ৰশিক্ষণৰত কৰ্মীসকলক সম্পূৰ্ণ ভাট্টা দিবৰ বাবে জাননী জাৰি কৰে। লগতে নেপছ (নেশ্যনেল এপ্ৰেন্টাইশ্বিপ প্ৰ’ম’শ্যন স্কীম)ৰ নিৰ্দেশাৱলীৰ মতে লকডাউনৰ সময়ছোৱাত নেপছৰ অধীনৰ প্ৰতিষ্ঠানসমূহক চৰকাৰে ভাট্টাৰ ধন আদায় দিব বুলিও উল্লেখ কৰে।
শিক্ষানবিশ আইন, ১৯৬১ আৰু তাৰ অধীনৰ শিক্ষানবিশ নিৰ্দেশাৱলীৰ মতে যদি কোনো প্ৰশিক্ষণৰত ব্যক্তিয়ে কোনো ধৰণৰ আন্দোলন, লকডাউন আদিৰ বাবে নিৰ্ধাৰিত কাৰ্যকাল শেষ কৰিব নোৱাৰে তেন্তে তেওঁৰ কামৰ সময়সীমা আন্দোলন, লকডাউন আদিৰ বাবে যিমান ক্ষতি হ’ল সিমান সময়ৰ বাবে বঢ়াই দিয়া হ’ব আৰু কাম নোহোৱা সময়খিনিৰ সম্পূৰ্ণ ভাট্টা অথবা অতি বেছি ছমাহৰ বাবে, যিটোৰ পৰিমাণ কম হয়, সেই পৰিমাণত ভাট্টা দিয়া হ’ব।
দক্ষতা বিকাশ আৰু উদ্যমিতা দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী ড০ মহেন্দ্ৰ নাথ পাণ্ডেয়ে তেখেতৰ মত প্ৰকাশ কৰি কয়, “এই সময় আমি সম্পূৰ্ণৰূপে ইজনে সিজনক সহায় কৰাৰ বাবে আগবাঢ়ি অহাৰ সময়। আনকি আমাৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী মহোদয়েও ব্যৱসায় প্ৰতিষ্ঠানসমূহক সহমৰ্মিতা প্ৰদৰ্শন কৰিবলৈ আহ্বান জনাইছে। সেয়ে আমি সিদ্ধান্ত কৰিছো যে কোনো কাৰণতে আমি দেশৰ উদ্যমী যুৱ প্ৰজন্মক নিৰাশ হোৱাৰ সুবিধা নিদিয়াকৈ যিমানদূৰ সম্ভৱ সহযোগিতা আগবঢ়াম। সেয়ে আমি ক’ভিড -১৯ ৰ বাবে হোৱা লকডাউনৰ সময়ত প্ৰশিক্ষণৰত কৰ্মীসকলক সম্পূৰ্ণ ভাট্টা পোৱাটো সুনিশ্চিত কৰিম। মই লগতে এটা কথা উল্লেখ কৰিব খুজিছো যে সকলো প্ৰতিষ্ঠানে এনে জটিল সময়ত চৰকাৰক সহযোগিতা কৰিব বুলি আশ্বাস দিছে।”
শিক্ষা সাং কৰাৰ পিছত কৰ্মজীৱনত নিজৰ খোজ সফলভাৱে দিব পৰাকৈ যুৱসমাজক সবল কৰি তোলাৰ ক্ষেত্ৰত প্ৰশিক্ষণৰত কৰ্মী নিয়োগ কৰাটো এটা অতি ফলপ্ৰসূ ব্যৱস্থা হিচাপে চিহ্নিত হৈ আহিছে যিয়ে শিক্ষানুষ্ঠান আৰু উদ্যোগৰ মাজৰ সেঁতুবন্ধনৰ কামো কৰি আহিছে।ৰাষ্ট্ৰীয় প্ৰশিক্ষণৰত কৰ্মী নিয়োগ আঁচনিয়ে নিয়োগকাৰী, ব্যক্তি আৰু চৰকাৰ মাজত সমন্বয় গঢ়ি তুলি ভাৰতৰ কৰ্মবলক অধিক দক্ষ আৰু শক্তিশালী কৰি তোলাত এক গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে। ই উদ্যোগ আৰু যুৱপ্ৰজন্ম দুয়োটাৰে কাৰণে অতি লাভজনক যাৰ সমন্বয়ত ভৱিষ্যতৰ দক্ষ ভাৰতৰ সপোন নিশ্চয় বাস্তৱ হ’ব।
*****
YB/PRK
(ৰিলিজ আই ডি : 1610064)
অতিথি কক্ষ : 161