ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়

জম্মু আৰু কাশ্মীৰত এনপিপিএৰ পিএমআৰইউ স্থাপন

ৰাষ্ট্ৰীয় পৰ্যায়ত ক’ৰনাৰ সংক্ৰমণৰ সৈতে মোকাবিলা কৰাৰ প্ৰয়াসত এক গুৰুত্বপূৰ্ণ পদক্ষেপ

Posted On: 01 APR 2020 2:05PM by PIB Guwahati

ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ প্ৰাধিকৰণ (এনপিপিএ)ৰ দ্বাৰা কেন্দ্ৰশাসিত প্ৰদেশ জম্মু-কাশ্মীৰত মূল্য নিৰ্ধাৰণ আৰু সংসাধন গোট (পিএমআৰইউ)ৰ স্থাপনৰ সৈতে আজি দেশত পিএমআৰইউযুক্ত ৰাজ্য আৰু কেন্দ্ৰশাসিত প্ৰদেশৰ সংখ্যা ১২ খনলৈ বৃদ্ধি হৈছে৷ কেৰেলা, উৰিষ্যা, গুজৰাট, ৰাজস্থান, পাঞ্জাৱ, হাৰিয়াণা, নাগালেণ্ড, ত্ৰিপুৰা, উত্তৰ প্ৰদেশ, অন্ধ্ৰ প্ৰদেশ আৰু মিজোৰামত ইতিমধ্যেই পিএমআৰইউ স্থাপন কৰা হৈছে৷

পিএমআৰইউ এক পঞ্জীকৃত ছ’চাইটিৰ ৰূপত জম্মু-কাশ্মীৰ প্ৰশাসনৰ ঔষধ নিয়ন্ত্ৰকৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণ আৰু পৰ্যবেক্ষণৰ অধীনত কাম কৰিব৷ ইয়াক এনপিপিএৰ দ্বাৰা ৰেকাৰিং আৰু নন-ৰেকাৰিং ব্যয়ৰ বাবে বিত্তপোষিত কৰা হ’ব৷ পিএমআৰইউ ব্যয়সাধ্য মূল্যত ঔষধসমূহৰ উপলব্ধতা আৰু প্ৰাপ্তি সুনিশ্চিত কৰাৰ বাবে এনপিপিএ আৰু ৰাজ্য ঔষধ নিয়ন্ত্ৰকক সহায় কৰিব৷ ইয়াৰ দ্বাৰা সকলোৰে বাবে ঔষধসমূহৰ উপলব্ধতা আৰু সামৰ্থ ক্ষেত্ৰত ছেমিনাৰ, প্ৰশিক্ষণ কাৰ্যসূচী আৰু অন্য প্ৰকাৰৰ জাননী উপলব্ধ কৰোৱাৰ বাবে শিক্ষা আৰু সঞ্চাৰ (আইইচি) কাৰ্যসূচীৰ আয়োজন কৰাৰো সম্ভাৱনা আছে৷

পিএমআৰইউ ঔষধি মূল্য নিয়ন্ত্ৰণ আদেশ (ডিপিচিঅ’)ৰ প্ৰাৱধানৰ অধীনত প্ৰণয়ন কৰাৰ বাবে ঔষধসমূহৰ নমুনা, তথ্য একত্ৰিত কৰি সেইসমূহৰ বিশ্লেষণ কৰিব৷

যি সময়ত দেশে ক’ভিড-১৯ৰ দৰে মহামাৰীৰ সৈতে যুঁজি আছে, পিএমআৰইউৰ দ্বাৰা জম্মু-কাশ্মীৰত ঔষধসমূহৰ অধিক মূল্য আদায়ৰ ঘটনা নিৰীক্ষণ কৰাৰ সৈতে স্থানীয় পৰ্যায়ত সঞ্চয় কৰি থোৱাৰ বাবে ঔষধসমূহৰ সংখ্যা হ্ৰাস হোৱাৰ দৰে পৰিঘটনাসমূহ তদন্ত কৰাৰ কাম অধিক গুৰুত্বপূৰ্ণ হ’ব৷  

 

*****

RCJ/RKM/MANN


(Release ID: 1609999) Visitor Counter : 160