ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়

ৰসায়নিক সাৰ বিভাগৰ অধীনস্থ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহে প্ৰধানমন্ত্ৰীৰ সাহায্য পুঁজিলৈ দান দিলে ২৭কোটিৰো অধিক টকা

प्रविष्टि तिथि: 01 APR 2020 12:57PM by PIB Guwahati

কেন্দ্ৰীয় চৰকাৰৰ ‘ৰসায়ন আৰু সাৰ মন্ত্ৰালয়’ৰ ‘সাৰ বিভাগ’ৰ অধীনস্থ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহে প্ৰধানমন্ত্ৰীৰ সাহায্য পুঁজিলৈ দান হিচাপে আগবঢ়াইছে ২৭কোটিৰো অধিক টকা। প্ৰতিষ্ঠানকেইটাই আগবঢ়োৱা এই ধনৰাশি দেশৰ ক’ৰোনা বিৰোধী অভিযানত ব্যৱহাৰ কৰিব পৰাকৈ ‘পিএম কেয়াৰ্ছ’ শীৰ্ষক পুঁজিলৈ আগবঢ়োৱা হৈছে।

ৰসায়ন আৰু সাৰ’ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ডি ভি সদানন্দ গৌড়াই প্ৰাকাশ কৰা এলানি টুইটাৰ বাৰ্তাত এই কথা সদৰী কৰি কয় যে, ভাৰত চৰকাৰে আৰম্ভ কৰা ক’ভিড-১৯বিৰোধী অভিযানত সহযোগিতা আগবঢ়াই অৰ্থ সাহায্য আগবঢ়াবলৈ মই জনোৱা আহ্বান প্ৰতি সহাঁৰি জনাই এই প্ৰতিষ্ঠানসমূহে ইতিবাচক পদক্ষেপ গ্ৰহণ কৰা দেখি মই সংশ্লিষ্ট প্ৰতষ্ঠানসমূহৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালকসকলক ধন্যবাদ জ্ঞাপন কৰিছো।

এই সন্দৰ্ভত তথ্য দাঙি ধৰি মন্ত্ৰীগৰাকীয়ে কয় যে, সাৰ প্ৰতিষ্ঠান আইএফএফচিঅ’-ই ২৫কোটি, ‘কেআৰআইবিএইচচিঅ’-ই ২কোটি আৰু ‘এনএফএএল-কিষাণ’-য়ে ৬৩.৯৪লাখ টকাৰ সহযোগিতা আগবঢ়াইছে। তেওঁ অনুদানৰ লগতে দেশৰ সংকটৰ মুহূৰ্তত সকলোৱে সমব্যথা প্ৰদৰ্শন কৰাৰ বাবে প্ৰতিষ্ঠানকেইটাই লোৱা উদ্যোগত সন্তুষ্টি প্ৰকাশ কৰে।

 

 

RCJ/ RKM/KB


(रिलीज़ आईडी: 1609890) आगंतुक पटल : 172
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Punjabi , Gujarati , Tamil , Telugu , Kannada