সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়
ক’ভিড-১৯এ সৃষ্টি কৰা জৰুৰী স্বাস্থ্যজনিত পৰিস্থিতিৰ সময়ছোৱাত দিব্যাংগসকলৰ নিৰাপত্তা আৰু সুৰক্ষাৰ বাবে এক বিস্তৃত দিব্যাংগ সৰ্বব্যাপী নিৰ্দেশাৱলী ৰূপায়ন কৰিবলৈ ৰাজ্যৰ আয়ুক্তসকললৈ পত্ৰ প্ৰেৰণ কৰিছে দিব্যাংগ ব্যক্তিৰ সৱলীকৰণ বিভাগে
Posted On:
31 MAR 2020 5:08PM by PIB Guwahati
ক’ভিড-১৯এ সৃষ্টি কৰা জৰুৰী স্বাস্থ্যজনিত পৰিস্থিতিৰ সময়ছোৱাত দিব্যাংগসকলৰ নিৰাপত্তা আৰু সুৰক্ষাৰ বাবে এক বিস্তৃত দিব্যাংগ সৰ্বব্যাপী নিৰ্দেশাৱলী ৰূপায়ন কৰিবলৈ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ উক্ত বিভাগৰ আয়ুক্তসকললৈ পত্ৰ প্ৰেৰণ কৰিছে দিব্যাংগ ব্যক্তিৰ সৱলীকৰণ বিভাগে৷ উল্লেখ্য যে, যোৱা ২৬মাৰ্চ,২০২০ত দিব্যাংগ ব্যক্তিৰ সৱলীকৰণ বিভাগে মহামাৰী ক’ভিড-১৯ৰ বাবে সৃষ্টি হোৱা জৰুৰীকালীন স্বাস্থ্য পৰিস্থিতিৰ সময়ছোৱাত শাৰিৰীকভাৱে সক্ষম লোকসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ তেওঁলোকক পৰিচৰ্চা কৰা লোক, এনজিঅ’ অথবা পিডব্লিউডিক অনুমতি পত্ৰ প্ৰদান কৰা আদিৰ দৰে কিছুমান নিৰ্দেশাৱলী জাৰি কৰিছিল৷
দিব্যাংগ ব্যক্তিৰ সৱলীকৰণ বিভাগৰ পত্ৰত ৰাজ্যৰ আয়ুক্তসকলক তেওঁলোকৰ দায়িত্ব সম্পূৰ্ণ কৰিবলৈ ৰাজ্যিক ন’ডেল কৰ্তৃপক্ষ হিচাপে সকলো সংশ্লিষ্ট কৰ্তৃপক্ষ যেনে, ৰাজ্য/জিলা দুৰ্যোগ প্ৰশমন ব্যৱস্থাপনা বিভাগ, স্বাস্থ্য আৰু আইন প্ৰৱৰ্তন কৰ্তৃপক্ষৰ দৰে সকলো সংশ্লিষ্ট বিভাগৰ সৈতে সুসমন্বয় বৰ্তাই ৰাখি সেৱা আগবঢ়োৱাৰ নিৰ্দেশ দিয়া হৈছে, যাতে লকডাউনৰ সময়ছোৱাত দিব্যাংগসকলে কোনো জটিলতাৰ সন্মুখীন হ’ব নালাগে৷ আশা কৰা হৈছে যে নিম্নোক্ত নিৰ্দেশাৱলী অনুসৰি ৰাজ্যিক সচিবসকলে সক্ৰিয়তাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব৷
এই নিৰ্দেশাৱলী অনুসৰি, (ক) দিব্যাংগসকলক পৰিচৰ্চা কৰা লোকক লকডাউনৰ সময়ছোৱাত সৰলীকৃত পদ্ধতিত আৰু অগ্ৰাধিকাৰ ভিত্তিত স্থানীয় ভ্ৰমণ পাছ প্ৰদান কৰা উচিত৷ (খ) দিব্যাংগসকলে অত্যাৱশ্যকীয় খাদ্য, খোৱা পানী, ঔষধৰ সুবিধা লাভ কৰা উচিত৷ লগতে এয়াও লক্ষ্য কৰিব লাগিব যে এনজিঅ’ আৰু শাৰিৰীকভাৱে সক্ষম লোকৰ সংস্থাসমূহেও দিব্যাংগসকলৰ দৈনন্দিন জীৱন-যাপন আৰু অত্যাৱশ্যকীয় সামগ্ৰী যোদান ধৰাৰ ক্ষেত্ৰত সহায় আগবঢ়াই আছে৷ এইধৰণৰ সংগঠনসমূহৰ সৈতে সুসমন্বয় বজাই ৰখাৰ প্ৰয়োজন আছে৷
উল্লেখ্য যে, লকডাউনৰ সময়ছোৱাত এনজিঅ’, শাৰিৰীকভাৱে সক্ষম লোকৰ সংস্থা, কেয়াৰটেকাৰ আদিয়ে ভ্ৰমণ পাছ লাভ নকৰাৰ ফলত দিব্যাংগসকলে অত্যাৱশ্যকীয় সেৱা লাভত জটিলতাৰ সন্মুখীন হোৱাৰ অভিযোগ লাভ কৰিছে দিব্যাংগ ব্যক্তিৰ সৱলীকৰণ বিভাগে৷ সেয়ে বিভাগে দেশৰ দিব্যাংগসকলৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰাৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা ল’বলৈ ৰাজ্যৰ সচিবসকলক আহ্বান জনাইছে৷ তদুপৰি, দিব্যাংগ ব্যক্তিৰ সৱলীকৰণ বিভাগে ৰাজ্যসমূহক এয়া নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে যে চিকিৎসালয় আৰু স্বাস্থ্য প্ৰতিষ্ঠানসমূহৰ পৰা ক’ভিড-১৯ত আক্ৰান্ত কোনো দিব্যাংগ ব্যক্তিক যাতে বাহিৰ কৰি দিয়াৰ ঘটনা সংঘটিত নহয়৷
*****
NB/SK/MoSJ&E/31.03.2020/MS
(Release ID: 1609883)
Visitor Counter : 122