উপ-ৰাষ্ট্ৰপতি সচিবালয়

ক’ৰনাৰ বিৰু্দ্ধে বিশ্বজনীন অভিযানৰ সফলতাৰ বাবে ভাৰতৰ সফলতা আৱশ্যম্ভাৱীঃ উপ ৰাষ্ট্ৰপতি

দেশৰ পূৰ্ণ লক্-ডাউনৰ প্ৰথম সপ্তাহৰ সফলতাই আশ্বস্ত কৰিছে, আগন্তুক দুটা সপ্তাহ গুৰুত্বপূৰ্ণ

ভাৰতীয় যোগাৰ, মানসিকতা আৰু উদ্ভাৱনে বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে

এই সময়ত দলগত বিতৰ্কৰ কোনো স্থান নাইঃ পৰিস্থিতিয়ে সকলোকে আগুৱাই আহিবলৈ বাধ্য কৰিছে

জনসাধাৰণক এই লক্-ডাউনৰ সাৰ্থক ব্যৱহাৰ কৰিবলৈ আহ্বান উপ ৰাষ্ট্ৰপতিৰ

Posted On: 31 MAR 2020 5:39PM by PIB Guwahati

উপ ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ অধ্যক্ষ শ্ৰী এম ভেংকয়া নাইডুয়ে আজি প্ৰধানমন্ত্ৰীৰ দ্বাৰা ক’ভিড-১৯ৰ বিৰুদ্ধে ২৪ মাৰ্চত ঘোষিত দেশব্যাপী পূৰ্ণ লক্-ডাউনৰ প্ৰথম সপ্তাহ পূৰ্তিত ৰাজ্য চৰকাৰ তথা দেশৰ নাগৰিকসকলৰ দ্বাৰা পালন হোৱা সংকল্পৱদ্ধ প্ৰয়াসক প্ৰশংসা কৰে৷

তেওঁ কয় যে আমাৰ ১৩০ কোটিৰ বিশাল জনসংখ্যা আৰু উপলব্ধ স্বাস্থ্য সেৱা, সংসাধনৰ পৰিপ্ৰেক্ষিতত এয়া এক কঠিন কিন্তু অপৰিহাৰ্য নিৰ্ণয় আছিল৷ কিন্তু অসাধাৰণৰ পৰিস্থিতিৰ বাবে অসাধাৰণ সমাধানৰ আৱশ্যক হয়৷

পূৰ্ণ লক্-ডাউনৰ প্ৰথম সপ্তাহৰ শেষত শ্ৰী নাইডুয়ে কয় যে তিনি সপ্তাহৰ লক্-ডাউনৰ প্ৰথমটো সপ্তাহে আমাক এইবুলি আশ্বস্ত কৰিছে যে অন্ততঃ আমি এই প্ৰত্যাহ্বানৰ সমাধানৰ কৰাত সক্ষম আৰু সফল হ’ম৷

ক’ৰনাৰ বিৰুদ্ধে বিশ্বজনীন অভিযানৰ সফলতাত ভাৰতৰ প্ৰয়াসক ৰেখাংকিত কৰি উপ ৰাষ্ট্ৰপতিয়ে কয় যে সমগ্ৰ বিশ্বতে আমাৰ প্ৰয়াসক প্ৰশংসা কৰা হৈছে৷ গেলামাল তথা শাক-পাচলিৰ দোকানত বৃত্ত অথবা ৰেখা অংকন কৰি সামাজিক ব্যৱধান পালন কৰা, ৰে’লৰ দবাক ক’ৰনা সংক্ৰমণ ৱাৰ্ডলৈ ৰূপান্তৰিত কৰা, তৎপৰতাৰে দেশতেই পৰীক্ষণ কিট আৰু ভেণ্টিলেটৰ প্ৰস্তুত কৰা, এই সকলোবোৰে সেই ভয়াৱহ সংক্ৰমণৰ বিৰুদ্ধে আমাৰ অদম্য সংকল্পক প্ৰতিফলিত কৰিছে যিয়ে বহু দেশৰ ধন-জনৰ ব্যাপক ক্ষতি কৰিছে৷

দৈনিক অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ যোগান সুনিশ্চিত কৰাৰ বাবে তেওঁ সন্তোষ প্ৰকাশ কৰে৷

উপ ৰাষ্ট্ৰপতিয়ে কয় যে ৰাষ্ট্ৰব্যাপী লক্-ডাউনৰ এই অভুতপূৰ্ব পৰিস্থিতিত সাধাৰণ জনতাৰ জীৱনশৈলীত সমস্যাৰ সৃষ্টি হোৱাটো স্বাভাৱিক৷ এই সন্দৰ্ভত শ্ৰমিক আৰু কৃষকসকলৰ বিষয়ে চৰকাৰে প্ৰদান কৰা সমাধানৰ বিষয়ে আলোকপাত কৰি উপ ৰাষ্ট্ৰপতিয়ে কয় যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে শ্ৰমিকৰ সমস্যা সমাধান কৰাৰ বাবে প্ৰয়াস কৰি আছে৷ আজি ব্যৱসায়ীসকলে নিজৰ শ্ৰমিক আৰু কৰ্মচাৰীসকলৰ কাষত থিয় হৈ তেওঁলোকৰ সমস্যাসমূহ দূৰ কৰাৰ প্ৰয়াসৰ সময় আহি পৰিছে৷ উপ ৰাষ্ট্ৰপতিয়ে এইবুলি আহ্বান জনায়, ‘‘আপোনালোকৰ অন্তৰ্নিহিত মানৱীয়তা আজি সময়ে আহ্বান কৰিছে৷’’

তেওঁ কয় যে কৃষি হ’ল আমাৰ ৰাষ্ট্ৰীয় জীৱনৰ আধাৰ৷ কৃষি কাৰ্য সুচাৰু আৰু সুনিশ্চিত ৰূপেৰে হওক, ইয়াৰ যথাসম্ভৱ প্ৰয়াস হ’ব লাগে, কৃষক আৰু কৃষি শ্ৰমিকসকলক সকলো প্ৰকাৰে সাহায্য প্ৰদান কৰিব লাগে৷ এই সন্দৰ্ভত তেওঁ নিজে কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী আৰু কেবিনেট সচিবৰ সৈতে আলোচনা কৰিছে বুলি জানিবলৈ দিয়ে৷

সংকটৰ এই সময়ছোৱাত চিকিৎসক, স্বাস্থ্য কৰ্মী, আৰক্ষী, স্বচ্ছ কৰ্মীসকলৰ ভূমিকাক অভিনন্দন জনাই উপ ৰাষ্ট্ৰপতিয়ে কয় যে সন্মুখৰ শাৰীৰ এই যোদ্ধাসকলে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি নিষ্ঠাৰে জনসেৱা কৰি আছে৷

তেওঁ সকলো নাগৰিকক সংক্ৰমণৰ বিৰুদ্ধে অভিযানৰ বাবে গঠন কৰা ‘পিএম কেয়াৰ্ছ পুঁজি’লৈ উদাৰচিত্তে বৰঙণি আগবঢ়াবলৈ আহ্বান জনায়৷ উপ ৰাষ্ট্ৰপতিয়ে যিসকল লোক আৰু সংস্থাই এই পুঁজিলৈ অৱদান আগবঢ়াইছে তেওঁলোকক প্ৰশংসা কৰে৷

শ্ৰী নাইডুয়ে সমাজৰ বুদ্ধিজীৱি আৰু অন্যান্য সম্বন্ধীয় লোকসকলক এই সময়ত অন্যান্য বিষয়সমূহ কাষৰীয়া কৰি এই প্ৰত্যাহ্বানৰ সমাধানৰ বাবে পৰামৰ্শ দিবলৈ আহ্বান জনায়৷

উপ ৰাষ্ট্ৰপতিয়ে কয় যে আমাৰ জনসংখ্যাৰ বিশাল আকাৰলৈ লক্ষ্য ৰাখি ভাৰতৰ প্ৰয়াসসমূহৰ সফলতা প্ৰকৃততে ক’ৰনাৰ বিৰুদ্ধে বিশ্বজনীন অভিযানৰ সফলতাৰ বাবেও গুৰুত্বপূৰ্ণ৷

উপ ৰাষ্ট্ৰপতিয়ে কয় যে দীৰ্ঘসময়লৈ এনেদৰে ঘৰতে বন্দী হৈ থাকিবলগীয়াটো অৱশ্যেই অভুতপূৰ্ব অনুভৱ হ’লেও এই প্ৰত্যাহ্বানক সুযোগলৈ ৰূপান্তৰিত কৰাটো আৱশ্যক৷ এই সময়খিনিয়ে আমাৰ পুৰণি সম্পৰ্কসমূহ সজীৱ কৰি তুলিবলৈ সুযোগ প্ৰদান কৰিছে৷ পূৰ্ণ লক্-ডাউনৰ সীমাৱদ্ধতা পালন কৰি সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকসকলক সহায় কৰিবলৈ শ্ৰী নাইডুয়ে নাগৰিকসকলক আহ্বান জনায়৷

ছ’চিয়েল মিডিয়াৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে আলোকপাত কৰি উপ ৰাষ্ট্ৰপতিয়ে এই সময়ছোৱাত ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ দায়িত্বশীলতাৰে পালন কৰিবলৈ আহ্বান জনায়৷ ক’ৰনা ভাইৰাছৰ বিৰুদ্ধে ভ্ৰান্তি বিয়পোৱাৰ পৰিৱৰ্তে এই সমস্যাৰ সমাধান আৰু উপচাৰৰ প্ৰামাণিক তথ্য বিনিময় কৰিবলৈ তেওঁ নাগৰিকসকলক আহ্বান জনায়৷

 

*****

VRRK/MS/MSY/RK/MANN


(Release ID: 1609721) Visitor Counter : 137