তীখা মন্ত্ৰালয়
শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ক’ভিড-১৯ৰ সাৰ্বজনিক স্বাস্থ্য প্ৰতিক্ৰিয়াৰ বুজ লোৱাৰ বাবে তীখা মন্ত্ৰালয়ৰ চিপিএছইৰ সৈতে ভিডিঅ’ কনফাৰেন্সযোগে বাৰ্তালাপ কৰে
পোষ্ট কৰা হৈছে:
31 MAR 2020 3:26PM by PIB Guwahati
কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ তথা তীখা মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে তীখা মন্ত্ৰালয়ৰ বিষয়া আৰু মন্ত্ৰালয়ৰ অধীনৰ চিপিএছইসকলৰ সৈতে ক’ভিড-১৯ৰ সাৰ্বজনিক স্বাস্থ্য প্ৰতিক্ৰিয়াৰ বুজা লোৱাৰ বাবে ভিডিঅ’ কনফাৰেন্সযোগে বাৰ্তালাপত মিলিত হয়৷ বৈঠকখনত ৰাজ্যিক তীখা মন্ত্ৰী শ্ৰী ফগন সিং কুলস্ত আৰু সচিব (তীখা) শ্ৰী বিনয় কুমাৰো উপস্থিত আছিল৷ বৈঠকত নিম্নোক্ত সিদ্ধান্তসমূহ গ্ৰহণ কৰা হয়ঃ
১. কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ সকলো উদ্যমে (চিপিএছই) নিজৰ কাৰ্যক্ষেত্ৰ আদিত সামাজিক ব্যৱধান বৰ্তাই ৰাখি চৰকাৰে জাৰী কৰা নিয়মসমূহ পালন কৰিব৷
২. চিপিএছইয়ে ক’ভিড-১৯ৰ ক্ষেত্ৰত স্বাস্থ্য আৰু পৰিয়াল মন্ত্ৰালয় আৰু/অথবা ৰাজ্য চৰকাৰে যি চিকিৎসালয়, কোৱাৰেণ্টাইন সুবিধাৰ তথ্য প্ৰদান কৰিছে সেইসমূহক সম্পূৰ্ণভাৱে প্ৰস্তুত কৰা৷
৩. চিপিএছইয়ে ছেইলৰ দ্বাৰা প্ৰণয়ন কৰা সেৱা পদক্ষেপ (ছেইলৰ দ্বাৰা বিকশিত প’ৰ্টেল য’ত কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালে সামাজিক ক্ষেত্ৰত যিকোনো পদক্ষেপৰ বাবে পঞ্জীকৰণ কৰিব পাৰে)পুনৰ প্ৰণয়ন কৰিব পাৰে৷ এই পদক্ষেপৰ অধীনত ‘অন্নদান’ (প্ৰব্ৰজিত শ্ৰমিক আৰু সমাজৰ দুৰ্বল অংশক ভোজন প্ৰদান কৰা)পদক্ষেপ তৎকালে প্ৰণয়ন কৰিব পাৰে৷
এই সময়ছোৱাৰ মাজতে ঔদ্যোগিক সামাজিক দায়ৱদ্ধতা কাৰ্যসূচী (চিএছআৰ)ৰ অধীনত প্ৰত্যেক তীখা চিপিএছই পিএম কেয়াৰ্ছলৈ এইদৰে বৰঙণি আগবঢ়াবঃ
|
চিপিএছইৰ নাম
|
ব্যয় নোহোৱা চিএছআৰৰ ধন (২০১৯-২৯) পিএম কেয়াৰ্ছলৈ প্ৰদান কৰা হ’ব
|
২০২০-২১ বৰ্ষৰ বাবে চিএছআৰ ৰাশি যাক পিএম কেয়াৰ্ছত জমা কৰা হ’ব
|
|
|
টকা কোটিৰ হিচাপত
|
|
ছেইল
|
৫
|
২৫
|
|
আৰআইএনএল
|
১.১৬
|
৫
|
|
এনএমডিচি
|
৫
|
১৫০
|
|
এমঅ’আইএল
|
৩
|
৪৫
|
|
মেকন
|
২.৭৫
|
৫
|
|
কেআইঅ’চিএল
|
০.১০
|
১০
|
|
এমএছটিচি
|
০.৫৪
|
৫
|
|
এফএছএনএল
|
-
|
৫
|
|
মুঠ
|
১৭.৫৫
|
২৫০
|
YKB/TFK/MANN
(ৰিলিজ আই ডি : 1609685)
অতিথি কক্ষ : 148