ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়

ক’ভিড-১৯ক প্ৰতিহত কৰিবলৈ অভাৱ হোৱা নাই ঔষধৰ

অন্য বিভাগ তথা ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সহযোগিতাত ফাৰ্মাচিউটিকেল বিভাগে নিতৌ নিৰীক্ষণ কৰি আছে বিতৰণ, উপলব্ধতা, যোগান আৰু স্থানীয় বিষয়সমূহ

Posted On: 31 MAR 2020 5:10PM by PIB Guwahati

১. ফাৰ্মাচিউটিকেল বিভাগ, ভাৰত চৰকাৰৰ ৰসায়ন আৰু সাৰ মন্ত্ৰালয়ে অন্য বিভাগ তথা ৰাজ্য/কেন্দ্ৰশাসিত অঞ্চলসমূহৰ সহযোগিতাত নিতৌ ঔষধসমূহৰ বিতৰণ, উপলব্ধতা, যোগান আৰু স্থানীয় সমস্যাসমূহৰ খতিয়ান লৈ আছে৷ ইয়াৰ বাবে বিভাগে পুৱা ৮ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ কাৰ্যক্ষম হৈ থকা ০১১-২৩৩৮৯৮৪০ নম্বৰৰ এটা নিয়ন্ত্ৰণ কক্ষও স্থাপন কৰিছে৷ নেচনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথ’ৰিটী (এনপিপিএ)য়ে ১৮০০১১১২৫৫ হেল্পলাইন নম্বৰৰ আন এটা নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰিছে যি চৌবিশ ঘণ্টাই কাৰ্যক্ষম৷ এই নিয়ন্ত্ৰণ কক্ষসমূহে ক’ভিড-১৯ মহামাৰী সম্পৰ্কীয় সমস্যা/অভিযোগসমূহ চোৱাচিতা কৰে আৰু ঔষধ তথা চিকিৎসা সামগ্ৰীসমূহৰ পৰিবহণ আৰু লজিষ্টিক সেৱাৰ সমন্বয় স্থাপন কৰে৷

২. ফাৰ্মাচিউটিকেল বিভাগে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়, শুল্ক প্ৰাধিকৰণ, কেন্দ্ৰীয় আৰু ৰাজ্যিক ড্ৰাগ নিয়ন্ত্ৰক, ৰাজ্য চৰকাৰ/কেন্দ্ৰশাসিত প্ৰশাসন আৰু বিভিন্ন ঔষধ তথা চিকিৎসা সামগ্ৰী সংস্থাৰ সৈতে সমন্বয় স্থাপন কৰি কাম কৰি আছে৷

৩. ফাৰ্মাচিউটিকেল বিভাগে চীনত ক’ৰনা ভাইৰাছ মহামাৰীয়ে দেখা দিয়াৰে পৰা নিৰৱচ্ছিন্নভাৱে ঔষধৰ উৎপাদন কাৰ্য নিৰীক্ষণ কৰি আহিছে৷ লক্-ডাউনৰ পিছত বিভাগটোৱে ৰাজ্য চৰকাৰ/কেন্দ্ৰশাসিত প্ৰশাসনকে ধৰি বিভিন্ন প্ৰাধিকৰণৰ সৈতে পৰামৰ্শ কৰি সমস্যাসমূহৰ অগ্ৰাধিকাৰভিত্তিত সমাধান কৰি আহিছে৷

৪. তাৰোপৰি বিভাগটোৱে হোৱাটছএপ গ্ৰুপ/ইমেইল আদিৰ দৰে ডিজিটেল প্লেটফ’ৰ্ম ব্যাপকভাৱে ব্যৱহাৰ কৰাৰ লগতে ভিডিঅ’ কনফাৰেন্সিঙৰ যোগেৰে বিভিন্ন পৰ্যায়ত কাৰ্যসমূহৰ প্ৰণয়নো নিশ্চিত কৰিছে৷

*****

RCJ/RKM/MANN



(Release ID: 1609673) Visitor Counter : 117