ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়

ৰসায়ন আৰু সাৰ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সদানন্দ গৌড়াই তেওঁৰ মন্ত্ৰালয়ৰ অধীনৰ পিএছইউসমূহক ক’ভিড-১৯ক প্ৰতিহত কৰিবলৈ চিএছআৰৰ পুঁজি মুকলি কৰিবলৈ আহ্বান জনাইছে

কৰ্মচাৰীসকলক কমেও এটা দিনৰ দৰমহা প্ৰদান কৰিবলৈ মন্ত্ৰীৰ আহ্বান

Posted On: 31 MAR 2020 11:41AM by PIB Guwahati

ক’ভিড-১৯ক প্ৰতিহত কৰিবলৈ কেন্দ্ৰীয় ৰসায়ন আৰু সাৰ মন্ত্ৰী শ্ৰী ডি ভি সদানন্দ গৌড়াই তেওঁৰ মন্ত্ৰালয়ৰ অধীনত সকলো পিএছইউক পিএম কেয়াৰ্ছলৈ তেওঁলোকৰ চিএছআৰৰ ধন বৰঙণি হিচাপে প্ৰদান কৰিবলৈ আহ্বান জনাইছে৷

পিএছইউসমূহৰ চিএমডিলৈ প্ৰেৰণ কৰা এক পত্ৰত শ্ৰী গৌড়াই এইদৰে লিখিছে যে মহামাৰীক প্ৰতিহত কৰিবলৈ ভাৰত চৰকাৰে যথাসম্ভৱ পদক্ষেপ গ্ৰহণ কৰিছে কিন্তু জনস্বাস্থ্যৰ পৰিস্থিতি উত্তৰণ কৰিবলৈ সমাজৰ প্ৰত্যেকটো অংশৰে প্ৰয়াসৰ আৱশ্যক৷ সেইবাবে মই আপোনালোকক পিএম কেয়াৰ্ছলৈ চিএছআৰ বাজেটৰ সৰ্বাধিক সম্ভৱ পৰিমাণৰ ধন বৰঙণি হিচাপে আগবঢ়াবলৈ অনুৰোধ কৰিছো৷

শ্ৰী গৌড়াই কয় যে পিএছইউসমূহে ২০১৯-২০ বিত্তীয় বৰ্ষৰ বাবে তেওঁলোকৰ অব্যৱহৃত চিএছআৰ পুঁজিৰ ধন ব্যয় কৰাৰ এয়াই এক উত্তম উপায়৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পিএছইউসমূহৰ চিএমডিসকলক তেওঁলোকৰ কৰ্মচাৰীসকলৰ অতি কমেও এটা দিনৰ দৰমহা পিএম কেয়াৰ্ছলৈ বৰঙণি হিচাপে আগবঢ়াবলৈ উৎসাহিত কৰাৰ বাবে আহ্বান জনায়৷

শ্ৰী গৌড়াই পিএম ৰাষ্ট্ৰীয় সাহায্য পুঁজিলৈ তেওঁৰ এমাহৰ দৰমহা আৰু এমপিএলএডি পুঁজিৰ পৰা এক কোটি টকা বৰঙণি আগবঢ়াইছে৷

 

RCJ/ RKM/MANN



(Release ID: 1609525) Visitor Counter : 83