বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়

‘বিশেষ অৰ্থনৈতিক মণ্ডল’-ৰ বিভিন্ন গোট, বিকাশক, সহ বিকাশকসকলে মানিবলগীয়া বিধি ব্যৱস্থাত শিথিলতা

Posted On: 30 MAR 2020 2:52PM by PIB Guwahati

ভিড-১৯ৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰ জুৰি লক ডাউন বলবত্ কৰিবলীয়া পৰিস্থিতিৰ উদ্ভৱ হোৱাত প্ৰায় সংখ্যক চৰকাৰী কাৰ্যলয়েই বন্ধ ৰাখিবলগীয়া হৈছে। কিছু সংখ্যক কাৰ্যালয়হে অতিকে জৰুৰী কাম-কাজৰ বাবে কিছু সংখ্যক বিষয়া-কৰ্মচাৰী লৈ চলাই থাকিবলগীয়া হৈছে। এনে প্ৰেক্ষাপটত কেন্দ্ৰীয় চৰকাৰৰ বাণিজ্য বিভাগে বিশেষ অৰ্থনৈতিক মণ্ডল(এছইজেদ) থকা বিভিন্ন গোট, বিকাশক তথা সহ-বিকাশকসকলে মানি চলিবলগীয়া কেতবোৰ বিধি-নিয়মৰ ক্ষেত্ৰত বিশেষ পৰিস্থিতত সকলোৰে উপযোগী হোৱাকৈ শিথিলতা প্ৰদান কৰিছে। শিথিলতা প্ৰযোজ্য হবলগীয়া বিধি-নিয়মসমূহৰ ভিতৰত আছে:

০ বিকাশক-সহ বিকাশকসকলে দাখিল কৰিবলগীয়া স্বতন্ত্ৰ চাৰ্টাৰ্ড অভিযন্তাৰ দ্বাৰা প্ৰত্যায়িত কৰা কামৰ অগ্ৰগতিৰ ত্ৰিমাসিক খটিয়ান

আইটি আৰু আইটিইএছ কোষৰ দ্বাৰা পূৰণ কৰি জমা কৰিবলগীয়া ছফটেক্স প্ৰপত্ৰ

এছইজেদ গোটবোৰে দাখিল কৰিব লগা বাৰ্ষিক পাৰদৰ্শিতাৰ খটিয়ান

০ অনুমোদন(এলঅএ)পত্ৰৰ ম্যাদ ওকলাৰ পৰিপ্ৰেক্ষিতত সম্প্ৰসাৰণ বিচৰা, যদিহে-

বিশেষ অৰ্থনৈতিক মণ্ডল(এছইজেদ)ৰ বিকাশ আৰু সক্ৰিয়কৰণ প্ৰক্ৰিয়াৰে জড়িত থকা বিকাশক/সহ বিকাশকসকল; এনএফই সমীক্ষাৰ বাবে নিৰ্দ্ধাৰিত ৫বছৰীয়া সময় কাল সম্হূৰ্ণ হোৱাৰ পথত থকা গোটসমূহ; যিসমূহ গোটৰ কাম-কাম এতিয়াও আৰম্ভই হোৱা নাই

এই সংকটৰ কালচোৱাত কোনো গোট-বিকাশক-সহ বিকাশকসকলে যদি কোনো বিধি মানিব পৰা নাই তেন্তে সংশ্লিষ্টসকলক হাৰাশাস্তি নকৰাৰ লগতে তেওঁলোকৰ বিৰুদ্ধে কোনোধৰণৰ শাস্তিমূলক ব্যৱস্থাও গ্ৰহণ নকাৰৰ বাবে বিশেষ অৰ্থনৈতিক মণ্ডলৰ দাযিত্ববাহী বিকাশ আয়ুক্তসকলক নিৰ্দেশ দিয়া হৈছে।

অৱশ্যে, অনুমোদন(এলঅএ)পত্ৰৰ ম্যাদ সম্প্ৰসাৰণৰ দৰে বিধি–ব্যৱস্থাবোৰ ইলেক্ট্ৰনিক মাধ্যমেৰে অন লাইন ব্যৱস্থাৰেও নিৰ্দ্ধাৰিত সময়সীমাৰ ভিতৰত সম্পাদিত কৰিব পৰা যায়। সম্ভৱ হলে এনে বিধি-ব্যৱস্থাবোৰ অন লাইনৰে সম্পাদিত কৰাৰ ব্যৱস্থা কৰাৰ বিপৰীতে যিবোৰ ক্ষেত্ৰত সংশ্লিষ্টসকলৰে মুখামুখি হৈহে প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পৰা যায়, তেনেবোৰ ক্ষেত্ৰত সংশ্লিষ্টসকলে বিধি মতে কাম কৰিব নোৱাৰিলেও কোনো ধৰণৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ নকৰিবলৈ বিকাশ আয়ুক্তসকলক নিৰ্দেশ দান কৰা হৈছে। ম্যাদ ওকলা অনুজ্ঞাসমূহৰ ক্ষেত্ৰত কোনো ধৰণৰ বৈষম্য নকৰাকৈ অহা ৩০-০৬-২০২০ পৰ্যন্ত তদৰ্থ ভাবে ম্যাদ সম্প্ৰসাৰণ অথবা নবীকৰণৰ অন্তিম তাৰিখ বিলম্বিতকৰণ; যিটোৱেই আগত পৰে, কৰাৰ বাবে দিহা কৰিব পাৰিব বুলিও নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে।

YB/AP/KB



(Release ID: 1609323) Visitor Counter : 217